Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:25 pm

Home » আঞ্চলিক » ডিটেনশ্বনত নিহত নৰেশ কোচৰ পৰিয়ালৰ কাষত মানৱধিকাৰ কৰ্মীৰ দল

ডিটেনশ্বনত নিহত নৰেশ কোচৰ পৰিয়ালৰ কাষত মানৱধিকাৰ কৰ্মীৰ দল

ব্যুুৰ’ সংবাদ : গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত তিনিকোণীয়া পাৰা গাওঁৰ নৰেশ কোচৰ ঘৰত মাঘ বিহুৰ প্ৰাকক্ষণত(উৰুকা) আহি উপস্থিত হ’ল মানৱধিকাৰ কৰ্মীৰ এটি দল। প্ৰায় দুবছৰ পূৰ্বে সীমান্ত আৰক্ষীয়ে সন্দেহজনক নাগৰিকৰ গোচৰৰ দ্বাৰা ঘোষিত বিদেশী ব্যক্তি হিচাপে গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী কৰি থৈছিল নৰেশ কোচক। কেম্পত অত্যাধিক মানসিক চাপ আৰু অতি নিম্ন মানৰ খাদ্য খোৱাৰ বাবে সঘনাই বেমাৰত আক্ৰান্ত হৈ থাকিছিল তেওঁ। কিছু দিনৰ পৰা পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱা ২ জানুৱাৰী তাৰিখে কৰুণ মৃত্যু সাৱটি লৈছিল নৰেশে। 
অতি দৰিদ্ৰ নৰেশ্বৰৰ পৰিয়ালে তেওঁৰ সৎকাৰ কৰিবলৈ কিনি অনা খৰিৰ ঋণ পৰিশোধ কৰিবলৈ অপাৰগ হোৱাৰ সময়তেই গাওঁখনৰে দৰিদ্ৰ ৰাইজৰ পৰা খুজি মাগি আজি অনুষ্ঠিত কৰিলে শ্ৰাদ্ধ। গাওঁখনৰ কোচ আৰু বানাই সম্প্ৰদায়ৰ লোকে চৰকাৰী ভাবে উপযুক্ত সংস্থাপন নোপোৱাৰ বাবে দৰিদ্ৰতাৰ কাল এন্ধাৰে পিছ এৰা নাই পৰিয়ালটোৰ। ঘৰখনৰ মূল উপাৰ্জন কাৰী ডিটেশ্বন কেম্পত বন্দী হৈ থকাৰ বাবে বিধস্ত হৈ পৰিছে ঘৰখন। আজি মানৱধিকাৰ কৰ্মী সাজাহান আলী আহমেদৰ নেতৃত্বত যোৱা এটি সজাতি দলে পৰিয়ালটোক সম বেদনা জ্ঞাপন কৰে। সমান্তৰালকৈ পৰিয়ালটোৰ এমাহৰ খাদ্য সামগ্ৰী আৰু আৰ্থিক সহযোগিতা আগবঢ়ায়। 
সজাতি দলটোত লেখক-অধ্যাপক শ্বালিম এম হোছেইন¸ সাংবাদিক এক্টিভিষ্ট শাকিল আহমেদ আৰু কবি কাজী নীলে অংশ গ্ৰহণ কৰে। নাগৰিকত্বৰ প্ৰশ্নত একাংশ দৰিদ্ৰ লোকৰ জীৱন ক্ৰমাৎ দুৰ্বিষহ হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি ডি ভোট¸ ডিটেনশ্বন কেম্প¸ বিদেশী ন্যায়াধীকৰণ আদিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ পুনৰীক্ষণৰ দাবী কৰে দলটোৱে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি