ডিটেনশ্বনত নিহত নৰেশ কোচৰ পৰিয়ালৰ কাষত মানৱধিকাৰ কৰ্মীৰ দল
ব্যুুৰ’ সংবাদ : গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত তিনিকোণীয়া পাৰা গাওঁৰ নৰেশ কোচৰ ঘৰত মাঘ বিহুৰ প্ৰাকক্ষণত(উৰুকা) আহি উপস্থিত হ’ল মানৱধিকাৰ কৰ্মীৰ এটি দল। প্ৰায় দুবছৰ পূৰ্বে সীমান্ত আৰক্ষীয়ে সন্দেহজনক নাগৰিকৰ গোচৰৰ দ্বাৰা ঘোষিত বিদেশী ব্যক্তি হিচাপে গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী কৰি থৈছিল নৰেশ কোচক। কেম্পত অত্যাধিক মানসিক চাপ আৰু অতি নিম্ন মানৰ খাদ্য খোৱাৰ বাবে সঘনাই বেমাৰত আক্ৰান্ত হৈ থাকিছিল তেওঁ। কিছু দিনৰ পৰা পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱা ২ জানুৱাৰী তাৰিখে কৰুণ মৃত্যু সাৱটি লৈছিল নৰেশে। অতি দৰিদ্ৰ নৰেশ্বৰৰ পৰিয়ালে তেওঁৰ সৎকাৰ কৰিবলৈ কিনি অনা খৰিৰ ঋণ পৰিশোধ কৰিবলৈ অপাৰগ হোৱাৰ সময়তেই গাওঁখনৰে দৰিদ্ৰ ৰাইজৰ পৰা খুজি মাগি আজি অনুষ্ঠিত