Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:34 am

Home » বিবিধ » সন্মান-বঁটা » শিল্পী গোপীকান্ত সিনহা আৰু অপূর্ব বেজবৰুৱালৈ ২০২০ বর্ষৰ শিল্পী বঁটা

শিল্পী গোপীকান্ত সিনহা আৰু অপূর্ব বেজবৰুৱালৈ ২০২০ বর্ষৰ শিল্পী বঁটা

গুৱাহাটী : বিশিষ্ট সংগীত শিল্পী ক্রমে গোপীকান্ত সিন৲হা আৰু অপূর্ব বেজবৰুৱাক ২০২০ বর্ষৰ শিল্পী বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ জ্যোতি চিত্রবনত কেন্দ্রীয়ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দুয়োগৰাকী শিল্পীক এই বঁটাৰে সন্মানিত কৰিব৷ অনুষ্ঠানত সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীসহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব৷
অসম চৰকাৰে ১৯৯৯ চনৰ পৰা প্রদান কৰি অহা এই বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্রশস্তি পত্র আৰু এখন অংগবস্ত্র৷ উল্লেখযোগ্য যে ১৯৩২ চনৰ দুই জুনত জন্মগ্রহণ কৰা গোপীকান্ত সিন৲হাই লক্ষ্নৌৰ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত ১৯৭৭ চনত শাস্ত্রীয় সংগীতৰ বিশাৰদৰ সন্মান লাভ কৰে৷ ১৯৫৮ চনৰ পৰাই সংগীত শিল্পীগৰাকীয়ে ভাৰতীয় শাস্ত্রীয় সংগীতৰ লগতে বিষ্ণুপুৰীয়া মণিপুৰী লোকগীত, ৰবীন্দ্র সংগীত, নজৰুল গীতি, গজল ভজন আৰু অসমীয়া আধুনিক গীত আদি গীতত কণ্ঠ নিগৰাই অসমীয়া সংগীত ক্ষেত্রলৈ বিশেষ অৱদান আগ বঢ়াই আহিছে৷ অসমৰ লগতে মণিপুৰ, ত্রিপুৰা, পশ্চিম বংগ আৰু লক্ষ্নৌৰ বিভিন্ন স্থানত আয়োজিত অনুষ্ঠানত গীত পৰিৱেশন কৰি তেখেতে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
শিলচৰ দূৰদর্শন কেন্দ্র, আকাশবাণী শিলচৰ কেন্দ্র আৰু ঈশান বাংলা বি টি এনযোগে সম্প্রচাৰিত শিল্পীগৰাকীৰ গীতে শ্রোতাৰ হূদয়ত বিশেষ স্থান লাভ কৰিছিল৷ আনহাতে ১৯৫১ চনৰ ১৫ অক্টোবৰত শিৱসাগৰ জিলাৰ নাজিৰাত জন্মগ্রহণ কৰা অপূর্ব বেজবৰুৱাই এতিয়ালৈকে প্রায় দুশমান অডিঅ’ কেছেটত কণ্ঠ দিছে৷ ইয়াৰ ভিতৰত প্রহৰী, চম্পাৱতী, শিল্পী, মাদলী, মাইচানা, চাহফুল, মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰাদৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰাংঢালী, মাকন ঐ, সন্ধান, মায়াবিনী মৰিচীকা আদি উল্লেখযোগ্য৷
দুহেজাৰৰ অধিক গীত ৰচনা কৰা গীতিকাৰগৰাকীৰ কেইখনমান উল্লেখনীয় গীতৰ পুথি হৈছে চিলমিল টোপনিতে, মহুৱা ফুলৰ গোন্ধ, কপৌ ফুলা বতৰত, মন সাগৰৰ ঢৌ, গীতৰ সুৰভি আৰু অপূর্ব বেজবৰুৱাৰ জনপ্রিয় গীত আদি৷ ৰঙানদী, বুকুৰ মাজত জ্বলে, আই কিল্ড হিম ছাৰ, অভিশপ্ত প্রেম, সোণৰ খাৰু নেলাগে মোক আদি অসমীয়া কথাছবিৰ বাবে গীত ৰচনা কৰা অপূর্ব বেজবৰুৱাই অভিশপ্ত প্রেম, মায়া (বেংগলী), সোণৰ খাৰু নেলাগে মোক আদি কথাছবিৰ লগতে কেইবাখনো ধাৰাবাহিক, টেলি ফিল্ড আৰু তথ্যচিত্রৰো সংগীত পৰিচালনা আৰু কণ্ঠদান কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি