Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:58 pm

Home » আঞ্চলিক » মহন্তৰ উপস্থিতিতে অসম চুক্তিৰ ভুল উদঙালে মন্ত্রী হিমন্ত বিশ্বই

মহন্তৰ উপস্থিতিতে অসম চুক্তিৰ ভুল উদঙালে মন্ত্রী হিমন্ত বিশ্বই

গুৱাহাটী : ৰাজ্যত ‘কা’ বিৰোধী আন্দোলন তীব্রতৰ হৈ থকাৰ সময়ত বিদেশী চিনাক্তকৰণৰ ভিত্তি বছৰ ১৯৭১ চনৰ পৰিৱর্তে ১৯৬৭ চন বুলিহে অসম চুক্তিত উল্লেখ থকাৰ কথা অসম বিধানসভাত সদৰী কৰিছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্রস্তাৱ গ্রহণৰ বাবে ভাষণ দি মন্ত্রী শর্মাই অসম চুক্তি সন্দর্ভত কেতবোৰ কথা স্পষ্ট কৰি কয় যে বিদেশী চিনাক্তকৰণৰ ভিত্তি বছৰ ১৯৭১ চন বুলি অসম চুক্তিৰ কোনো এটা দফাতে উল্লেখ নাছিল৷
বিপৰীতে ১৯৬৭ চনহে ভিত্তি বর্ষ আছিল বুলি দাবী কৰে৷ অর্থাৎ ১৯৬৭ চনৰ পৰা ১৯৭১ চনৰ মাজত অহা বিদেশীসকল বিদেশী বুলি অসম চুক্তিত উল্লেখ থকাৰ কথা আঙুলিয়াই দি কয় যে উক্ত সময়ছোৱাৰ ভিতৰত অহা বিদেশীসকলে বিদেশী বুলি স্বীকাৰ কৰি আইনৰ গণ্ডীলৈ নহা পর্যন্ত ভাৰতীয় হ’ব নোৱাৰে৷ বিদেশী বুলি স্বীকাৰ কৰাৰ পাছত সেইসকল লোকৰ নাম ভোটাৰ তালিকাৰ পৰা ১০ বছৰলৈ কর্তন হ’ব আৰু ১০ বছৰৰ পাছতহে তেওঁলোকৰ নাম ভোটাৰ তালিকাত সংযোজন হ’ব৷
অসম চুক্তিত এই কথা স্পষ্টকৈ থকা বুলি মন্ত্রী শর্মাই আজি দাবী কৰে আৰু ১৯৭১ চনৰ পৰিৱর্তে ১৯৬৭ চনহে বিদেশী চিনাক্তকৰণৰ ভিত্তি বর্ষ বুলি অসম চুক্তিত উল্লেখ থকাৰ কথা সদনত আঙুলিয়াই দিয়ে৷ মন্ত্রী শর্মাই এই কথাও কয় যে ১৯৬৭ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অহা যিসকল বিদেশীৰ নাম ১০ বছৰলৈ ভোটাৰ তালিকাৰ পৰা কর্তন কৰা হৈছিল সেইসকল বিদেশীক চিনাক্তকৰণৰ ভিত্তি বছৰহে ১৯৭১ চন বুলি অসম চুক্তিত উল্লেখ আছে৷ অসম চুক্তিক লৈ চলি থকা বিতর্কৰ অন্ত হ’ব লাগে আৰু চুক্তিখন সন্দর্ভত এক উচিত সিদ্ধান্ত গ্রহণৰ বাবে বিধানসভাত এক সিদ্ধান্ত লোৱা উচিত বুলিও ড০ শর্মই পৰামর্শ আগবঢ়ায়৷ প্রয়োজন সাপেক্ষে এখন কমিটী গঠনৰ সিদ্ধান্ত ল’বলৈও আহ্বান জনায়৷
বিধানসভাত দীঘলীয়া ভাষণ দি ড০ শর্মাই কয় যে ‘কা’ ৰ জৰিয়তে কোটিৰ ঘৰত বাংলাদেশী আহিব বুলি অপপ্রচাৰ চলাই থকা হৈছে৷ পিয়ল অনুসৰি বাংলাদেশত ১.৩০ কোটি হিন্দু বাংলাদেশী আছে৷ কিন্তু বাংলাদেশৰ এটা সংগঠনৰ এজন নেতাৰ ভাষ্যৰ ভিত্তিত আঢ়ৈ কোটি লোক আহিব বুলি অপপ্রচাৰ চলোৱা হৈছে৷ এই সন্দর্ভত মন্ত্রী শর্মাৰ দাবী–‘কা’ৰ জৰিয়তে ৫ লাখতকৈ এজনো অধিক হিন্দু বাংলাদেশী ভাৰতীয় হ’বলৈ চেষ্টা কৰিলে মই ৰাজনীতি ত্যাগ কৰিম আৰু তাৰ বাবে চৰকাৰো দায়বদ্ধ হ’ব৷
অতি বিনম্রতাৰে মই সদনত এই কথা ক’লোঁ৷’ কিমান হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাব সেয়া বিধানসভাৰ আগন্তুক নির্বাচনৰ পূর্বেই স্পষ্ট হ’ব বুলিও মন্তব্য কৰি কয় যে এই মাহৰ ভিতৰত নাগৰিকত্বৰ বাবে আৱেদন কৰিব লগাসকলৰ বাবে নীতি-নিয়ম প্রস্তুত হ’ব আৰু নীতি-নিয়ম প্রস্তুতৰ ছয় মাহৰ ভিতৰত আৱেদন কৰিব লাগিব৷ যাৰ ফলত কিমানসংখ্যক হিন্দু-বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰে সেয়া বিধানসভাৰ নির্বাচনৰ পূর্বেই স্পষ্ট হৈ পৰিব বুলি কয়৷ তেওঁ কয় যে কোটিৰ ঘৰত হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাব বুলি আছুৱেও কোৱা নাই৷ আছুৱে অসম চুক্তি উলংঘন হোৱাৰ কথাহে কৈছে৷ সময়ৰ তাগিদাত হয়তো অসম চুক্তি উলংঘন হৈছে বুলি মন্তব্য কৰি কয় যে অসম চুক্তি উলংঘন নকৰিলে বাংলাদেশৰ পৰা অহা লোকৰ ল’ৰা-ছোৱালীক বিদেশী বুলি চিনাক্ত কৰিব নোৱাৰি৷
কংগ্রেছৰ কার্যকালত ১৯৮৭ আৰু ১৯৯৩ চনত দুবাৰকৈ নাগৰিকত্ব আইন সংশোধন কৰাৰ কথা আঙুলিয়াই দি কয় যে ১৯৮৭ চনৰ সংশোধনী অনুসৰি কোনো পৰিয়ালৰ পিতৃ বা মাতৃৰ কোনোবা এজন যদি বিদেশী হয় তেন্তে তেওঁলোকৰ ল’ৰা-ছোৱালী ভাৰতীয় হ’ব৷ সেইদৰে ১৯৯৩ চনৰ সংশোধনীতো বিদেশীক সুৰক্ষিত কৰাৰ প্রস্তাৱ লোৱা হৈছিল বুলি দাবী কৰে৷ এতিয়াৰ সংশোধনীত এই সমস্যাবোৰ অদূৰ ভৱিষ্যতলৈ দূৰ হ’ব বুলি মন্ত্রী শর্মাই কয়৷ ‘কা’ ধর্মনিৰপেক্ষ নহয় বুলি কংগ্রেছে কৰা অভিযোগ খণ্ডন কৰি কয় যে হিন্দুসকলক শৰণার্থীৰ মর্যাদা দিয়াৰ প্রস্তাৱ কংগ্রেছৰ দিনত তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈয়েও কৈছিল৷ ‘কা’ আইনখনৰ বাবে অসম চুক্তি উলংঘন হোৱা বুলি সংসদৰ মজিয়াত কোনো কংগ্রেছী সাংসদে দাবী কৰা নাছিল বুলি মন্তব্য কৰি শর্মাই কয় যে সংসদৰ মজিয়াত ‘কা’ত কেৱল মুছলমান সন্নিৱিষ্ট হ’ব লাগে বুলিহে কংগ্রেছে দাবী কৰিছিল৷
হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলে ভাষা-সংস্কৃতিত ব্যাঘাত জন্মিব বুলি উত্থাপিত অভিযোগৰ সন্দর্ভত কয় যে বাঘবৰ সমষ্টিত ১৯৯১ চনত ১,১১,০০০ লোকে বাংলা ভাষা কোৱাৰ বিপৰীতে ২০১১ চনত সেই একেটা সমষ্টিত বাংলা কোৱা লোকৰ সংখ্যা ২,৯০,০০০ লৈ বৃদ্ধি পাইছে৷ বিপৰীতে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ১,৩৩,০০০ৰপৰা ১৫,০০০ লৈ হ্রাস পোৱাৰ উদাহৰণ দাঙি ধৰি ‘কা’ প্রয়োগ নৌহওঁতেই কেনেকৈ বাংলাভাষীৰ সংখ্যা বৃদ্ধি পাইছিল বুলি আঙুলিয়াই দিয়ে৷ ‘কা’ক লৈ হোৱা বিতর্কৰ অৱসান ঘটোৱাৰ চেষ্টা চলাই শর্মাই দাবী কৰি কয় যে অসমত কেতিয়াও বাঙালী হিন্দু মুখ্যমন্ত্রী হ’ব নোৱাৰে৷ উল্লেখযোগ্য যে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রস্তাৱ গ্রহণক লৈ হোৱা বিতর্কত বিৰোধী দলৰ কেইবাজনো বিধায়কে অংশগ্রহণ কৰে৷
দেৱব্রত শইকীয়া, তৰুণ গগৈ, অজন্তা নেওগ আদিয়ে ‘কা’ৰ বিৰোধিতা কৰি যুক্তি দাঙি ধৰে৷ মন্ত্রী হিমন্ত বিশ্ব শর্মাই বিভ্রান্তিকৰ যুক্তি দাঙি ধৰা বুলিও তৰুণ গগৈয়ে সমালোচনা কৰে৷ উল্লেখযোগ্য যে অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই মন্ত্রী হিমন্ত বিশ্ব শর্মাই ভাষণ দিয়াৰ সময়ত সংসদত উপস্থিত আছিল৷ তৎসত্ত্বেও কিন্তু মন্ত্রী শর্মাই অসম চুক্তিক ফঁহিয়াই অর্থহীন কৰি তোলাৰ সময়ত নিশ্চুপ হৈ বহি থাকিল মহন্ত৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি