Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:26 pm

Home » আঞ্চলিক » ১৯৭১-২০১৪ চনলৈ অনুপ্রৱেশ কৰি অসমত বাস কৰাসকলৰ বাবে ৰক্ষাকৱচ নহয়

১৯৭১-২০১৪ চনলৈ অনুপ্রৱেশ কৰি অসমত বাস কৰাসকলৰ বাবে ৰক্ষাকৱচ নহয়

গুৱাহাটী : চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ সৈতে অসম চুক্তিৰ ৬নং দফা আৰু সাংবিধানিক ৰক্ষাকৱচক লৈ দৰ-দাম কৰি থকাৰ সময়ত আজি আছুৱে জাতিধবংসী আইনখনৰ লগত সাংবিধানিক ৰক্ষাকৱচৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰে৷ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই আজি নিজৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰি কয় যে ছাত্র সংগঠনটোৱে যোৱা ৩৪ বছৰে এই সাংবিধানিক ৰক্ষাকৱচ বিচাৰি আছে৷ অসম চুক্তি অনুসৰি ১৯৫১-৭১ চনলৈ অনুপ্রৱেশ কৰা বিদেশীৰ বোজা সমগ্র দেশৰ হৈ অসমে গ্রহণ কৰিছিল৷
তাৰ বাবেহে ছয় নং দফা আৰু খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ৷ কিন্তু ১৯৭১-২০১৪ চনলৈ অনুপ্রৱেশ কৰি অসমত বাস কৰাসকলৰ বাবে এই ৰক্ষাকৱচ নহয়৷ গতিকে চৰকাৰে ৰক্ষাকৱচ দিয়াৰ নামত নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ বাবে কোনো কাৰণতে দৰ-দাম নকৰিবলৈ তেওঁ চৰকাৰক সকীয়াই দিয়ে৷ আছুৱে অসম চুক্তিৰ পাছৰে পৰা অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে এই ৰক্ষাকৱচ দাবী কৰি আহিছে৷
ড০ ভট্টাচার্যই কয় যে ১৯৮৫ চনত সম্পাদিত হোৱা অসম চুক্তিৰ পাছতে আছুৱে ১৯৮৬ চনৰ ১৪ আগষ্টত তেতিয়াৰ প্রধানমন্ত্রীক অসমৰ খিলঞ্জীয়াৰ ৰক্ষাকৱচ প্রদানক লৈ প্রথমবাৰৰ বাবে পৰামর্শসহ প্রস্তাৱ প্রদান কৰিছিল৷ তেতিয়া আছুৰ সভাপতি আছিল কার্তিক হাজৰিকা আৰু সাধাৰণ সম্পাদক আছিল শশধৰ কাকতী৷ আনহাতে, আছুৱে দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রী আৰু কেন্দ্রীয় গৃহ মন্ত্রীক ৰক্ষাকৱচক লৈ প্রস্তাৱ দিছিল ১৯৯৩ চনত৷ সেই সময়ত আছুৰ সভাপতি আছিল সর্বানন্দ সোণোৱাল আৰু সাধাৰণ সম্পাদক আছিল ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য৷
দুয়োবাৰ দিয়া প্রস্তাৱৰ মাজৰ সময়ছোৱাত আছুৱে অসম চৰকাৰক কেইবাবাৰো ছয় নং দফা কার্যকৰী কৰিবৰ বাবে পৃথকে পৰামর্শ দিছিল বুলি আছুৰ মুখ্য উপদেষ্টাজনে সদৰী কৰে৷ ১৯৯৮ চনৰ ২৩ ছেপ্টেম্বৰত আছু, অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ মাজত বিষয়া পর্যায়ত অনুষ্ঠিত হোৱা ত্রিপাক্ষিক চুক্তিৰ পাছতে কেন্দ্রীয় চৰকাৰে ১৯৯৮ চনৰ ৭ ডিচেম্বৰত ছয় নং দফা কার্যকৰী কৰা সন্দর্ভত জি কে পিল্লাইৰ অধ্যক্ষতাত উচচ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি দিছিল৷
৯জনীয়া সমিতিখনত আছুৰ সভাপতি সর্বানন্দ সোণোৱাল, সাধাৰণ সম্পাদক সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু উপদেষ্টা সত্যব্রত কলিতা আছিল৷ পাছত কলিতাৰ স্থানত সমিতিত ৰমেশ বৰপাত্র গোহঁাইক অন্তর্ভুক্ত কৰা হৈছিল৷ আনহাতে, অসম চৰকাৰৰ প্রতিনিধি হিচাপে আয়ুক্ত সচিব প্রফুল্ল শর্মা, গৃহ বিভাগৰ সচিব এম কে বৰুৱা আৰু আইন বিভাগৰ সচিব এম কে ডেকাৰ লগতে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি হিচাপে গৃহ মন্ত্র্যালয়ৰ অজয় কুমাৰ, সুভাষ কুমাৰ আৰু আইন আৰু ন্যায় মন্ত্র্যালয়ৰ নৰেন্দ্র সিঙক স্থান দিয়া হয়৷
এই সমিতিয়ে প্রথমবাৰৰ বাবে অসমত খিলঞ্জীয়াৰ বাবে স্থানীয় নিগম-নিকায়, বিধানসভা আৰু সংসদত আসন সংৰক্ষণৰ বিষয়টো কিছু আগবাঢ়ে৷ সমিতিয়ে এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰি চৰকাৰক এক প্রতিবেদন দিছিল যদিও অসম চৰকাৰৰ হেমাহিৰ বাবে উক্ত প্রস্তাৱ আগ নাবাঢ়িল৷ লক্ষণীয় যে জি কে পিল্লাইৰ দিনতে অসমত প্রথমবাৰ খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণৰ বিষয়টোৰ আনুষ্ঠানিক সিদ্ধান্ত হৈছিল৷ তাৰ পাছতে কংগ্রেছৰ দিনত অসম বিধানসভাৰ অধ্যক্ষ প্রণৱ গগৈয়ে এক প্রতিবেদনযোগে খিলঞ্জীয়াৰ সংজ্ঞা দাঙি ধৰে৷
প্রণিধানযোগ্য যে আছুৱে বিগত ৩৪ বছৰে চৰকাৰক দাবী আৰু পৰামর্শ দি থকা সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোত স্থানীয় নিগম-নিকায়, বিধানসভা আৰু সংসদত খিলঞ্জীয়াৰ বাবে ১০০ শতাংশ আসন সংৰক্ষণ, খিলঞ্জীয়াৰ হাতত ভূমিৰ অধিকাৰ দিয়া, সকলো জাতি-জনগোষ্ঠীৰ সম প্রতিনিধিত্বৰে উচচ সদন গঠন কৰা, ইনাৰ লাইন পার্মিট প্রদান কৰা, দ্বৈত নাগৰিকত্ব প্রদান কৰা, কেন্দ্রীয় চৰকাৰী, অর্ধকেন্দ্রীয় চৰকাৰী, ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সকলো বিভাগত খিলঞ্জীয়াৰ বাবে ১০০ শতাংশ আসন সংৰক্ষণ, বিভিন্ন খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীৰ ভাষা-সংস্কৃতি সংৰক্ষণ আৰু বিকাশ ঘটোৱা, ঐতিহাসিক, বুৰঞ্জীপ্রসিদ্ধ কীর্তিচিহু আৰু সত্রৰ সংৰক্ষণ, ভূমি আৰু সম্পদৰ ওপৰত বিশেষ সাংবিধানিক অধিকাৰ প্রদান কৰাৰ বাবে মূলতঃ দাবী জনাই আহিছে ছাত্র সংগঠনটোৱে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি