Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:20 pm

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » একক ব্যৱহার্য প্লাষ্টিক বন্ধ কৰাত বৃহৎ সাফল্য এমাজন ইণ্ডিয়াৰ

একক ব্যৱহার্য প্লাষ্টিক বন্ধ কৰাত বৃহৎ সাফল্য এমাজন ইণ্ডিয়াৰ

ভাৰতৰ সকলো ফুলফিলমেণ্ট কেন্দ্র (এফ চি)ত একক ব্যৱহার্য প্লাষ্টিকৰ প্রচলন বন্ধ কৰাৰ লক্ষ্যত সফল হোৱা বুলি আজি এমাজন ডট ইনে ঘোষণা কৰিছে৷ ২০১৯ চনৰ ছেপ্টেম্বৰত প্রতিষ্ঠানটোৱে ২০২০ চনৰ জুন মাহৰ ভিতৰত সম্পূর্ণ ফুলফিলমেণ্ট শৃংখলত একক ব্যৱহার্য প্লাষ্টিকৰ প্রচলন বন্ধ কৰি পেকেজিঙৰ কামত কাগজ ব্যৱহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷
মাত্র চাৰি মাহৰ ভিতৰতে প্রতিষ্ঠানটোৱে সমগ্র দেশজুৰি থকা এফ চিসমূহত প্লাষ্টিকৰ সলনি কাগজৰ ব্যৱহাৰ আৰম্ভ কৰিলে৷ কাগজৰ কুশ্বন হৈছে পৰিৱেশ-মিত্র আৰু ১০০ শতাংশই নবীকৰণযোগ্য– যি পেকেজৰ ভিতৰত ব্যৱহাৰ কৰা হয়৷ যাতে খালী ঠাই পূৰণ হোৱাৰ ফলত পেকেটৰ ভিতৰত থকা সামগ্রীবিধৰ সৰবৰাহৰ সময়ত কোনো হানি নহয়৷ ২০১৯ চনৰ ছেপ্টেম্বৰত পেপাৰ কুশ্বনৰ ব্যৱহাৰ আৰম্ভ কৰাৰ সময়ত প্রতিষ্ঠানটোৱে প্লাষ্টিকমুক্ত পেকেজিং বিকল্পৰ ব্যৱস্থা আগ্রাসীভাৱে বিস্তাৰ ঘটাইছিল৷
সকলো এফ চিতে পেপাৰ কুশ্বনৰ সফল প্রয়োগ হৈছে ২০২০ চনৰ জুন মাহৰ ভিতৰত ফুলফিলমেণ্ট শৃংখলত একক ব্যৱহার্য প্লাষ্টিক বন্ধ কৰাৰ দিশে তাৎপর্যপূর্ণ প্রগতি৷ এমাজনৰ সামগ্রীৰ পেকেজিঙত বহনশীলতাৰ বাবে থকা দায়বদ্ধতা অনুসৰি সামগ্রী সৰবৰাহৰ বাবে ব্যৱহূত পেকেজিং মেইলাৰ, বাব৲ল বেগ, স্ত্রুেচচ ৰে’প আৰু টেপৰ প্লাষ্টিকমুক্ত বিকল্প উদ্ভাৱনৰ বাবে প্রতিষ্ঠানটোৱে চেষ্টা অব্যাহত ৰাখিছে৷
ইয়াৰ ফলত এমাজনে সকলো ধৰণৰ প্লাষ্টিকৰ প্রয়োগ পেকেজিঙত বন্ধ কৰিব পাৰিব৷ ২০১৯ চনৰ জুনত এমাজন ডট ইনে এই প্রচেষ্টা আৰম্ভ কৰাৰ মাত্র এবছৰৰ ভিতৰতে ১৪খনকৈ চহৰত পেকেজিং ফ্রী শ্বিপমেণ্টছ (পি এফ এছ)ৰ প্রসাৰ ঘটাইছিল৷ গ্রাহকৰ অর্ডাৰ পুনৰাই পেকিং কৰিবলৈ আৱর্জনাৰ পৰিমাণ হ্রাসৰ বাবে এই প্রচেষ্টা গ্রহণ কৰা হৈছিল৷ পেপাৰ কুশ্বন আৰু পি এফ এছ মুকলিৰ জৰিয়তে এমাজন ডট ইনে ইয়াৰ বিতৰক শৃংখলৰ দ্বাৰা প্লাষ্টিকৰ উৎপাদন হ্রাস কৰা আৰু গ্রাহকৰ অর্ডাৰসমূহ সুৰক্ষিতভাৱে প্রেৰণ নিশ্চিতকৰণৰ লক্ষ্য নির্ধাৰণ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি