Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:09 pm

Home » আঞ্চলিক » ড°অমলেন্দু চক্ৰৱৰ্ত্তীক শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতা বঁটা আৰু বেণুধৰ কছাৰীলৈ সত্ৰভূষণ উপাধি প্ৰদান

ড°অমলেন্দু চক্ৰৱৰ্ত্তীক শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতা বঁটা আৰু বেণুধৰ কছাৰীলৈ সত্ৰভূষণ উপাধি প্ৰদান

বৰপেটাৰোড : ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ পৃষ্ঠপোষকতাত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, অসমৰ প্ৰদত্তই শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম-দৰ্শনৰ প্ৰৱক্তা, বিশিষ্ট গৱেষক, প্ৰচাৰক তথা হোজাইস্থিত ৰবীন্দ্ৰ নাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অমলেন্দু চক্ৰৱৰ্ত্তীক শনিবাৰে শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতা বঁটা প্ৰদান কৰে৷ এই অনুষ্ঠানতে সত্ৰভূষণ উপাধি প্ৰদান কৰা হয় যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ মাধপুৰ চেকুৰীয়া নিবাসী মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতিৰ সাধক-প্ৰচাৰক তথা সত্ৰ সংগঠক বেণুধৰ কছাৰীক৷
বৃন্দাৱনী বস্ত্ৰ নিৰ্মাণৰ মুখ্য তাঁতী তথা বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ নামেৰে বিগত ২০১৩ বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ অন্তত প্ৰদান কৰি অহা এই বঁটা আৰু উপাধি ২০১৯ বৰ্ষৰ বাবে ড°অমলেন্দু চক্ৰৱৰ্ত্তীক বঁটা প্ৰদান কৰাৰ লগতে সত্ৰভূষণ উপাধি প্ৰদান কৰা হয় সত্ৰ সংগঠক বেণুধৰ কছাৰীক৷
বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা আৰু উপাধি প্ৰদান কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷ ভাষণ প্ৰসংগত অসম বিধান সভাৰ অধ্যক্ষগৰাকীয়ে কয় যে, ভাল কথা শুনিলে মনৰ পৰিবৰ্তন হয়৷ যন্ত্ৰপ্ৰায় হৈ পৰা মানৱ সমাজত গুৰু জনাই বৃহত্তৰ অসমত আগবঢ়োৱা অৱদানৰ বিষয়ে আলোচনা কৰাৰ সুযোগ দিয়া বাবে তেওঁ উদ্যোক্তাসকলক ধন্যবাদ জনায়৷
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা আৰু উপাধি প্ৰদান অনষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি সাহিত্যাচাৰ্য ড°বসন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে, মানুহৰ মৰমে জীৱনক ভাল পাবলৈ শিকায়৷ মৰমৰ পৰা বঞ্চিত হ’লে মৃত্যুৰ বাসনাও জাগে৷ জীৱনৰ চৰম লক্ষ্য আনন্দ লাভ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, “অসম আকৌ উন্নতি পথত জয় আই অসম বল” কথাষাৰ বাস্তৱত ৰূপায়িত হবলৈ হলে ভাল মানুহৰ দৰকাৰ৷ তেওঁ পুনৰ কয় যে, ভাল মানুহ হোৱা টান কিন্তু বিখ্যাত মানুহ হোৱা সহজ৷ সমাজত বিখ্যাত মানুহ বাঢ়িলে স্থবিৰতা আহে আৰু এই স্থবিৰতা ভাল মানুহে ৰোধ কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসে উদ্বোধন কৰা এই অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু ভালেসংখ্যক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি