Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:26 pm

Home » ক্ৰীড়া » আৰম্ভ হল উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ছোবাহান মেম’ৰিয়াল ট্ৰফী টুৰ্ণামেণ্ট

আৰম্ভ হল উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ছোবাহান মেম’ৰিয়াল ট্ৰফী টুৰ্ণামেণ্ট


তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বৰজান খৰখৰিত উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ছোবাহান মেম’ৰিয়াল ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্ট আজিৰে পৰা আৰম্ভ হয়৷ ১৬ টা দলৰ মাজত চলিবলগীয়া এই টুৰ্ণামেণ্টৰ দেওবাৰে অনুষ্ঠিত প্ৰথম প্ৰতিযোগিতাখন ধুবুৰী জিলাৰ চাপগৰ গৌৰীপুৰ আৰু কোকৰাঝাৰ জিলাৰ তুলসীবিল জে, চি ক্লাবৰ মাজত অনুষ্ঠিত হয়।
প্ৰতিযোগিতাখনৰ চাপগৰ গৌৰীপুৰ দলে প্ৰথমে টছত জিকি তুলসিবিল জে, চি ক্লাবক বেটিং কৰাৰ আমন্ত্ৰণ জনায় আৰু তুলসিবিল জে,চি, ক্লাবে ১০ ইউকেট হেৰুৱাই মাত্ৰ ৮৫ ৰাণ কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত চাপগৰ গৌৰীপুৰ দলে সাত ইউকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হবলৈ সক্ষম হয়। উদ্বোধনী খেলখনত মেন অফ দা মেচ লাভ কৰে কৃষ্ণা চৌধুৰীয়ে।
প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ছোবাহান মেম’ৰিয়াল ট্ৰফী টুৰ্ণামেণ্টৰ পতাকা আৰু দেশৰ জাতীয় পতাকা উত্তোলন কৰে ক্ৰমে খেল কমিটিৰ সভাপতি শুকল সিং ৰাভা আৰু ‘মানৱ সেৱা আশ্ৰম” মাতৃ সন্তী মহন্ত দেৱীয়ে। খেলখনৰ শুভ উদ্বোধন কৰে মূৰ্শলঝোৰা ভিচিডিচিৰ প্ৰাক্তন চেয়াৰমেন হৰেন্দ্ৰ নাথ ৰাভাই। বৰজানস্থিত “মানৱ সেৱা আশ্ৰম” খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অঞ্চলখনৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ।
উল্লেখ্য যে নৱজ্যোতি ফাৰ্মাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতা খনত প্ৰথম পুৰুস্কাৰ গ্লেমাৰ আৰু দ্বিতীয় পুৰুস্কাৰ হিচাপে ৩২ ইঞ্চি এল.চি.ডি. দিয়া হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি