Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:19 am

Home » আঞ্চলিক » ফেঁচীবাদী বিজেপি চৰকাৰখনে হিটলাৰী কায়দাৰে চৰকাৰী সন্ত্রাস চলাই আছে

ফেঁচীবাদী বিজেপি চৰকাৰখনে হিটলাৰী কায়দাৰে চৰকাৰী সন্ত্রাস চলাই আছে

ন্যায়িক জিম্মাৰ পৰা জামিন লৈয়েই পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াৰ অসম ৰাজ্যিক সভাপতি আমিনুল হকৰ সংবাদমেল

গুৱাহাটীঃ শুকুৰবাৰে নলবাৰী জিলা কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰিয়েই পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াৰ অসম ৰাজ্যিক সভাপতি আমিনুল হকে আজি দিছপুৰ প্ৰেছ ক্লাৱ, গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত সভাপতিগৰাকীয়ে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ আৰু গণতন্ত্র বিশ্বাসী জনগণে দেশজুৰি তথা বিশেষকৈ অসমৰ বিভিন্ন দল-সংগঠন, ছাত্র সমাজ, বুদ্ধিজীৱী, শিশু-বৃদ্ধ, পুৰুষ-মহিলা আদি কৰি যিসকলে নাগৰিকত্ব সংশােধনী আইন বাতিলৰ দাবীত সংগ্রাম অব্যাহত ৰাখিছে তেখেতসকলক সংগ্রামী অভিনন্দন জনায়। 
ফেঁচীবাদী চৰকাৰখনে হিটলাৰী কায়দাৰে চৰকাৰী সন্ত্রাস চলাই জনগণৰ মাজত ভয় সৃষ্টি কৰি ‘কা’ বিৰােধী ন্যায্য তথা গণতান্ত্রিক আন্দোলনটো দমন কৰাৰ বাবে অন্যায়ভাৱে বিভিন্ন দল-সংগঠনৰ নেতা কর্মীৰ লগতে শ শ সাধাৰণ মানুহক জেলত দিলে৷ পুলিচ বাহিনী আৰু ভেৰোনীয়া গুণ্ডা বাহিনীৰে জামিয়া মিলিয়া, এ.এম.ইউ, জে.এন.ইউত আক্রমণ চলালে আনকি আমাৰ ৰাজ্যখনৰ পাঁচজনকৈ যুৱকৰ সৈতে দেশৰ যিসকল প্রতিবাদকাৰীক নির্মমভাৱে হত্যা কৰিলে ইয়াৰ মূল্য তিল-তিলকৈ বিজেপিয়ে দিব লাগিব বুলি কয়।
সংগঠনটোৰ ৰাজ্যিক সভাপতিজনে কয়— “ৰাজ্যখনৰ চৰম সাম্প্রদায়িক তথা বহুবল্কী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এখন সংবাদমেল পাতি যােৱা ১১ ডিচেম্বৰত সচিবালয়ৰ সন্মুখত হােৱা ‘কা’ বিৰােধী প্রতিবাদত সংঘটিত হিংসাত্মক কার্যত পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া জড়িত থকাৰ মিছা অভিযোেগ আনে। পিছ মুহূৰ্তত ১৭ ডিচেম্বৰৰ ৰাতিয়ে ৮ মান বজাত অসম পুলিচে নাটকীয়ভাৱে সংগঠনৰ হাতীগাওঁস্তিত ৰাজ্যিক মুখ্য কার্যালয়ৰ পৰা ওচৰতে থকা হাতীগাওঁ থানাত আৰক্ষী অধীক্ষকে মাতি পঠোৱা বুলি মিছা কথা কৈ লৈ আহে। ৰাতি বিভিন্ন ধৰণৰ অপ্রাসংগিক প্রশ্নৰে মানসিক কষ্ট দিয়ে আনকি ৰাতি ১২ টা লৈকে ঘৰত এটা ফোন কৰাৰ সুবিধাও দিয়া নাই। শেষত প্রায় ১টা মান বজাত বাইহাটা থানাত নি আৱদ্ধ কৰি ৰাখে।
আচৰিত কথাটো হ’ল, ৪০ মিনিটৰ ব্যৱধানত একেটা দিনতে অর্থাৎ যােৱা ১২ ডিচেম্বৰ তাৰিখে ছয়গাওঁৰ পৰা ওলােৱা গুৱাহাটী অভিমুখে দহ-বাৰ হাজাৰ জনতাৰ সমদল আৰু ৰঙিয়া চকত এক ডেৰ হাজাৰ জনতাৰ প্ৰতিবাদত পুলিচৰ গাত শিলগুটি দলিয়াই আহত কৰা আৰু তেওঁলােকৰ গাড়ীৰ ক্ষতিসাধন কৰাৰ অভিযােগেৰে পুলিচে নিজাববীয়াকৈ পলাশবাৰী আৰু ৰঙিয়া থানাত দুটাকৈ গােচৰ ৰুজু কৰি আমাৰ কাৰ্যালয়ত নিয়ম বহির্ভূতভাৱে তালাচী চলায় আৰু আন এজন সদস্যক উঠাই আনি আমাক আচামী সজাই এৰেষ্ট কৰে। এই সমূহ ঘটনাই এইটো স্পষ্ট কৰে যে আমাৰ ওপৰত অনা সকলাে অভিযােগ মিছা আৰু মনে সজা।
ইতিমধ্যে আমি সংগঠনৰ ফালৰ পৰা মন্ত্রী হিমন্তক প্রত্যাহ্বান জনাই অভিযােগৰ সত্যতা ৰাজহুৱা কৰাৰ মুকলি আহব্বান জনাইছে, কিন্তু এই কথা ঠিক তেখেতে নােৱাৰে। বিজেপি চৰকাৰৰ চতুৰ মন্ত্ৰীজনে ধর্মীয় ৰং সানিসাম্প্রদায়ীকৰণেৰে জনগণৰ মাজত বিভাজন সৃষ্টি কৰি আন্দোলনটোক বিপথে পৰিচালিত কৰাৰ অপচেষ্টাহে কৰিছে। কিন্তু বিফল হৈছে। কেই দিনমান আগত আন এটা সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৰ ৰাজ্যিক মুখ্য কার্যালয়ৰ পৰা বাজেয়াপ্ত কৰা কিছু সামগ্রী ফৰেণচিকত পঠাইছে বুলি কয়।
উত্তৰ প্ৰদেশ চৰকাৰৰ আৰ্হিৰে কেন্দ্রীয় চৰকাৰৰ ওচৰত সংগঠনটোক নিষিদ্ধ কৰাৰ বাবে চিঠি লিখিব বুলিও কয়। এয়া আমাৰ বাবে কোনাে নতুন কথা নহয়, এই কথা স্পষ্ট যে বৈধভাৱে আমাক নিষিদ্ধ কৰাৰ কোনাে থল নাই। কাৰণ আমি কোনাে দেশবিৰােধী বা সংবিধানৰ পৰিপন্থী কামৰ লগত জড়িত নহয়। ফেচীবাদী আৰ এছ এছ আৰু বিজেপি চৰকাৰৰ জনবিৰােধী কাৰ্য্যৰ প্রতিবাদ আৰু এই সম্পর্কে জনসাধাৰণক সজাগ কৰাটোৱে আমাৰ অপৰাধ। ক্ষমতাৰ অপপ্রয়ােগ আৰু বে-আইনীভাৱে নিষিদ্ধ কৰিব পাৰে, এয়া কোনাে ডাঙৰ কথা নহয়, কিন্তু ফেচীবাদী শক্তিৰ বিৰুদ্ধে মাত মতাৰ যি সংস্কৃতি আমি জনগণৰ মাজত সৃষ্টি কৰিছাে সেয়া কেতিয়াও ৰােধ কৰিব নােৱাৰে।
ইয়াৰােপৰি মন্ত্ৰীজনে সভা সমিতিয়ে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াই কাৰ্যালয় খােলাত দুখ প্ৰকাশ কৰিছে আৰু আচৰিত হৈছে বুলি আমি শুনিছাে। তেখেতে জনা উচিত গুৱাহাটী চহৰখন কাৰৰ পৈতৃক সম্পত্তি নহয়, চহৰখন অসমৰ জনগণৰ চহৰ, অসমীয়াৰ চহৰ হয়।”
সভাপতি আমিনুল হকে আৰু দুখেৰে কয় যে দেশখনত এতিয়া গণতান্ত্রিক শাসন চলি থকা নাই। দেশত অৰাজক শাসন চলিছে। ৰাজ্যখনত ‘কা’ বাতিলৰ দাবীত প্ৰৱল প্রতিবাদৰ লগতে সমগ্ৰ দেশত জাতি-ধর্ম-বর্ণ নির্বিশেষে সর্ব স্তৰৰ জনগণৰ তীব্র আন্দোলন চলি থকাৰ পিছতাে কালি কেন্দ্ৰই ৰাজপত্ৰত অধিসূচনা জাৰি কৰিলে। দেশত বলৱৎ কৰা হ’ল বিতর্কিত সংশােধিত নাগৰিকত্ব আইন। কিন্তু ৰজাঘৰীয়াই এই কথাটো মনত ৰখা ভাল যে জার্মানৰ হিটলাৰৰ কিদৰে পতন ঘটিছিল। পৃথিৱীৰ ইতিহাস সাক্ষ্য যে অন্যায়কাৰীৰ ধ্বংস অনিবার্য।
এই সাম্প্রদায়িক, অগণতান্ত্রিক, দেশৰ বিভিন্নতাৰ মাজত ঐক্যৰ জাতিধ্বংসী আইন প্রসংগত সংগঠনটোৱে পূৰ্বৰ স্থিতিত অটল থকা বুলি কয়। সংবাদমেলখনত সভাপতিৰ লগতে সংগঠনৰ ৰাজ্যিক উপসভাপতি আবুসামা আহমেদ, ৰাজ্যিক সদস্য ফাৰহাদ আলী আহমেদ উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি