Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:53 am

Home » আঞ্চলিক » তৰুণ গগৈৰ নিৰাপত্তা বেষ্টনী হ্ৰাস কৰাক লৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

তৰুণ গগৈৰ নিৰাপত্তা বেষ্টনী হ্ৰাস কৰাক লৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

গুৱাহাটী : অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰাপত্তা বেষ্টনী কেন্দ্রীয় চৰকাৰে ‘জেড প্লাছ’ ৰ পৰা ‘জেড’ লৈ অবনমিত কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে অসম বিধান সভাৰ বিৰােধী দলপতি দেৱব্ৰত শইকীয়াই।
কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহলৈ প্রেৰণ কৰা এখন পত্ৰত শইকীয়াই উল্লেখ কৰে যে— পূর্বতে তৰুণ গগৈৰ ‘এচপিজি’ বেষ্টনী আঁতৰাই ‘চিআৰপিএফক তেওঁৰ সুৰক্ষাৰ দায়িত্ব দিয়া হৈছিল। তাৰ আগতে প্রাক্তন প্রধান মন্ত্রী ড° মনমােহন সিং, ইউপিএৰ সভানেত্রী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্রী ছােনিয়া গান্ধী, সাংসদ ৰাহুল গান্ধী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধৰণ সম্পাদিকা প্রিয়ংকা গান্ধীৰাে সুৰক্ষা বেষ্টনীৰ পৰা এচপিজি’ আঁতৰাই সেই দায়িত্ব চিআৰপিএফক দিয়া হৈছিল।।
বিৰােধী দলপতি গৰাকীয়ে উল্লেখ কৰে যে এই কথাটো মনত ৰখা উচিত যে, ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত তেওঁলোকৰ জীৱনৰ প্ৰতি থকা ভাবুকিৰ পৰিপ্ৰেক্ষিতত এছপিজি’ আইন সংশােধন কৰি প্রাক্তন প্রধান মন্ত্রীসকলৰ পৰিয়ালক এনে সুৰক্ষা বেষ্টনীৰ আওঁতালৈ অনা হৈছিল।
শইকীয়াই মন্তব্য কৰে যে, এই প্রতিশােধ পৰায়ণ চৰকাৰখনে বিজেপি দল তথা চৰকাৰৰ অসাংবিধানিক, বে-আইনীনা-না কাৰ্য্যক সমলােচনা কৰাৰ বাবে কিছু লােকৰ সুৰক্ষা বেষ্টনী প্রত্যাহাৰ পৰ্য্যন্ত কৰিছে। বিগত মাহত অসমৰ আন এজন প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰাে নিৰাপত্তা বেষ্টনী ‘এচপিজি’ৰ দ্বাৰা পৰিচালিত ‘জেড প্লাছ’ ৰ পৰা ‘চিআৰপিএফ’ৰ দ্বাৰা পৰিচালিত ‘জেদ প্লাছলৈ অবনমিত কৰা হৈছে। এনে কাৰ্য্য কেৱল বিজেপি দলৰ সংসদত থকা নিৰংকুশ গৰিষ্ঠতাৰ বলতে কৰা হৈছে। তৰুণ গগৈ গুৰুত্বপূর্ণ সময়ত অসমক নেতৃত্ব দিছিল আৰু তেওঁ নিজ দৃঢ়তাৰ দ্বাৰা অসমলৈ শান্তি ঘূৰাই আনি ৰাজ্যখনক প্রগতিৰ পথত লৈ যােৱাত মুখ্য ভূমিকা লৈছিল। এনে এজন ব্যক্তিক এতিয়া ‘কেব/কা’ৰ বিৰুদ্ধে সবল স্থিতি লােৱাৰ হেতুকে চৰকাৰৰ প্রতিশােধৰ লক্ষ্য হৈ পৰিছে।গগৈক পুনৰ ‘জেড প্লাছ’ নিৰাপত্তা বেষ্টনীৰ আওঁতালৈ আনিবলৈ শইকীয়াই কেন্দ্রীয় চৰকাৰৰ প্রতি আহ্বান জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি