Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:00 pm

Home » আঞ্চলিক » খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত মুৰ্দাবাদ আৰু জয় আই অসম ধবনি

খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত মুৰ্দাবাদ আৰু জয় আই অসম ধবনি

গুৱাহাটী : খেল’ ইণ্ডিয়া ক্রীড়া সমাৰোহৰ তৃতীয় সংস্কৰণতো নাগৰিকত্ব সংশোধনী আইন-বিৰোধী প্রতিবাদৰ জোৱাৰ উঠিল৷ কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজু, বি টি চিৰ মুৰববী হাগ্রামা মহিলাৰীৰ লগতে অসম মন্ত্রীসভাৰ প্রায় সকলো মন্ত্রীৰ উপস্থিতিতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সমাৰোহ উদ্বোধন কৰিবলৈ উঠাৰ লগে লগে মুর্দাবাদ আৰু জয় আই অসম ধবনিৰে মুখৰিত হ’ল সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তর্জাতিক ক্রীড়া প্রকল্প৷ হাজাৰ হাজাৰ দর্শকেৰে ভৰি থকা ষ্টেডিয়ামত স্বাভাৱিকতে এই কার্যত বিব্রত হৈ পৰে মুখ্যমন্ত্রীজন৷
মাত্র কেইদিনমান পূর্বে যোৱা ৫ জানুৱাৰীত বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু শ্রীলংকাৰ মাজত বৰষুণৰ বাবে বাতিল হোৱা টি-২০ খেলখনত চৰকাৰ-বিৰোধী প্রতিবাদত উত্তাল হোৱাৰ পাছত আজি খেল’ ইণ্ডিয়া ক্রীড়া সমাৰোহত অত্যধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হৈছিল৷ নিৰাপত্তামূলক ব্যৱস্থাৰ অংশ হিচাপে সাধাৰণ দর্শকৰ বাবে কেৱল ম’বাইল আৰু মানি বেগহে খেলপথাৰত প্রৱেশৰ অনুমতি দিয়া হৈছিল৷ আনহাতে চৰকাৰী আমন্ত্রণী-পত্র লাভ নকৰা লোকক আজি কোনো কাৰণতে খেলপথাৰত প্রৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল৷ সংবাদ মাধ্যমৰ বাবে নতুন দিল্লীৰ ক্রীড়া মন্ত্র্যালয়ৰ পৰা বিশেষ প্রৱেশ-পত্রৰ ব্যৱস্থা কৰাৰ পাছতো আনকি চৰকাৰী নিমন্ত্রণী-পত্র নাথাকিলে খেলপথাৰত প্রৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল৷
কিন্তু তাৰ পাছতো খেলপথাৰত অসমপ্রেমীৰ মুখ বন্ধ কৰাত ব্যর্থ হয় চৰকাৰী নিৰাপত্তা ব্যৱস্থা৷ দেশৰ অন্যতম বৃহৎ ক্রীড়া সমাৰোহখন সাংস্ৃকতিক অনুষ্ঠানেৰে আৰম্ভ হোৱাৰ পাছতে কেন্দ্রীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী কিৰেণ ৰিজিজুৱে নিজৰ বক্তব্য দিবলৈ আৰম্ভ কৰে৷ তেওঁ ভাষণ দিবলৈ উঠাৰ সময়তে গেলেৰীৰ পৰা ভাৰত মাতা কী জয় ধবনিৰে মুখৰিত হৈ পৰে৷ কিন্তু খন্তেক পাছতে ক্রীড়া সমাৰোহখন শুভাৰম্ভ কৰিবৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল উঠাৰ সময়তে উত্তৰ-দক্ষিণ ষ্টেণ্ড (গেলাৰী) সর্বানন্দ সোণোৱাল মুর্দাবাদ ধবনিৰে মুখৰিত হৈ পৰে৷
সমান্তৰালভাৱে উত্তৰ ষ্টেণ্ডৰ পৰা মুখৰিত হয় জয় আই অসম ধবনি৷ ভাষণ দিবলৈ উঠিয়েই দুটাকৈ গেলাৰীৰ পৰা প্রতিবাদীৰ শ্ল’গান ভাহি অহাত বিব্রত হৈ পৰে মুখ্যমন্ত্রী৷ কিন্তু তাৰ পাছতে নিজৰ ভাষণ দিয়া আৰম্ভ কৰে মুখ্যমন্ত্রী সোণোৱালে৷ লক্ষণীয় যে আজি প্রতিবাদীসকলে চৰকাৰ-বিৰোধী বেনাৰ, প’ষ্টাৰ, ক’লা পতাকা বা গামোচা প্রদর্শন কৰাৰ আশংকাত গেলাৰীত পোহৰ দিয়াৰ পৰাই একপ্রকাৰ বিৰত থকা হয়৷ কিন্তু অন্ধকাৰ গেলাৰীতো নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্রতিবাদীয়ে শ্ল’গানেৰে নিজৰ প্রতিবাদ সাব্যস্ত কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি