Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:05 pm

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » ছ’নীয়ে মুকলি কৰিলে হেডফ’ন ডব্লিউ আই-১০০০ এক্স এম২

ছ’নীয়ে মুকলি কৰিলে হেডফ’ন ডব্লিউ আই-১০০০ এক্স এম২

গ্রাহকলৈ শ্রেষ্ঠমানৰ অডিঅ’ অভিজ্ঞতা প্রদানৰ বাবে প্রতিশ্রুতিবদ্ধ ছ’নী ইণ্ডিয়াই আজি ইন-ইয়াৰ ৱায়াৰলেছ হেডফ’ন ছিৰিজৰ এক নতুন হেডফ’ন ডব্লিউ আই-১০০০ এক্স এম২ মুকলি কৰে৷ ছ’নীয়ে ডব্লিউ এইচ-১০০০ এক্স এম৩ আৰু ডব্লিউ এইচ-এক্স বি ৯০০এন মুকলি কৰাৰ পিছত নইজ কেনচেলেচনৰ পৰিয়ালত নতুনকৈ মুকলি হোৱা এই হেডফ’নটো সংযুক্ত কৰিছে৷

নইজ কেনচেলেচন প্রযুক্তি আৰু শ্রেষ্ঠ গুণগতমানৰ ধবনিৰ সৈতে ছ’নীৰ ডব্লিউ আই-১০০০ এক্স এম ২ই আপোনাৰ জীৱনত সুন্দৰভাৱে খাপ খাই পৰিব৷ এইচ ডি এন চি কিউ এন১ প্রচেছৰৰ সৈতে উদ্যোগ অগ্রণী ইন-ইয়াৰ ৱায়াৰলেছ নইজ কেনচেলেচন হেডফ’ন, নতুন ডব্লিউ আই-১০০০ এক্স এম ২ৰ সৈতে সংযুক্ত কৰা নইজ কেনচেলেচন প্রযুক্তি এক অতিশয় শেহতীয়া প্রযুক্তি, য’ত সংযুক্ত কৰা হৈছে এইচ জি নইজ কেনচেলিং প্র’চেছৰ কিউ এন১ ইয়াত থকা এডাপ্টিভ ছাউণ্ড কণ্ট্র’ল হ’ল এনে এক স্মার্ট বৈশিষ্ট্য যিয়ে স্বয়ংক্রিয়ভাৱে ভ্রমণ, খোজকাঢ়ি থকা অৱস্থা অথবা অপেক্ষা কৰি থকা অৱস্থা নির্ণয় কৰিব পাৰে৷
এডাপ্টিভ ছাউণ্ড কণ্ট্র’লৰ সৈতে ডব্লিউ আই-১০০০ এক্স এম ২য়ে ব্যৱহাৰকাৰীক স্বয়ংক্রিয়ভাৱে ধবনি ছেটিংছ আৰু বেকগ্রাউণ্ড ধবনি ভলিউম পৰিৱর্তন কৰি শ্রৱণ শৃংখলাবদ্ধ কৰাৰ সুবিধা প্রদান কৰে৷ প্রতিদিনে শুনাৰ বাবে উচচ ৰিজ’লিউচনৰ অডিঅ’ সমর্থন, অত্যাধুনিক অডিঅ’ প্রযুক্তিৰ সৈতে সংবদ্ধ ডব্লিউ আই১০০০ এক্স এম২ ৱায়াৰলেছ নইজ কেনচেলেচন হেডফ’নে কেৱল নইজ মুক্তভাৱে শুনাৰ সুবিধা প্রদান কৰাই নহয় বৰঞ্চ ই শ্বাসৰুদ্ধকাৰী গুণগতমানৰ ধবনিও প্রদান কৰে৷
প্রতিদিনে শুনাৰ বাবে ডিজিটেল ছাউণ্ড এনহেন্সমেণ্ট ইঞ্জিন এইচ এক্সে ডিজিটেল মিউজিক ফাইলক ঊধর্বগামী কৰি ইয়াক উচচ ৰিজ’লিউচনৰ অডিঅ’লৈ পৰিৱর্তিত কৰে৷ ভইচ এচিছটেণ্ট বৈশিষ্ট্যৰ বাবে এলেক্সা আৰু গুগল এচিছটেণ্ট বৈশিষ্ট্যৰ সমর্থন, ১০ ঘণ্টা পর্যন্ত বেটেৰী লাইফৰ সৈতে ৮০ মিনিটৰ প্লে’ বেকৰ বাবে ১০ মিনিটৰ তাৎক্ষণিক চার্জ, সকলো সময়তে ধাৰণ কৰিব পৰাকৈ ফণ্ডেবল ছিলিকিন ছফ৲ট নেক-বেণ্ড ডিজাইনৰ সৈতে সুৰক্ষিত আৰু আৰামদায়ক ফিট৷
ডব্লিউ আই-১০০০ এক্স এম২ ৬ জানুৱাৰী, ২০২০ তাৰিখৰ পৰা দেশৰ সকলোবোৰ ছ’নী চেণ্টাৰ, প্রধান ইলেক্ট্রনিক বিপণী আৰু ই-কমার্চৰ ৱেবছাইটসমূহত উপলব্ধ হ’ব আৰু ইয়াৰ মূল্য হ’ব ২১,৯৯০ টকা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি