নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ সন্তান, টেট শিক্ষক, NHM আৰু দিব্যাংগ কৰ্মচাৰীসকলৰ বাবে নতুন আঁচনি ঘোষণা
গুৱাহাটী : নগাঁও কাগজ কলৰ কৰ্মচাৰীৰ সন্তানৰ বাবে নতুন আঁচনি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা যে— মেডিকেল বা তেনেধৰণৰ ক’ৰ্চ কৰা থকা ছাত্ৰ–ছাত্ৰীক এককালীন সাহায্য হিচাপে ১ লাখ টকাকৈ দিয়া হ’ব। পোষ্ট গ্ৰেজুৱেট বা তেনেধৰণৰ ক’ৰ্চ কৰি থকাসকলৰ বাবে ৭৫ হাজাৰ টকা, ডিগ্ৰী–পলিটেকনিক বা তেনেধৰণৰ ক’ৰ্চ কৰি থকাসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ’ব। হায়াৰ ছেকেণ্ডাৰী বা সমপৰ্যায়ৰ ক’ৰ্চ কৰি থকাসকলে ২৫ হাজাৰ আৰু দশম শ্ৰেণীপৰ্যন্ত পঢ়ি থকাসকলে পাব দহ হাজাৰ টকাৰ এককালীন সাহায্য। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত DBT যোগে দিয়া হ’ব এই সাহায্য। ১৪ জানুৱাৰীত বিত্ত বিভাগৰ ৱেবছাইটত পাব প’ৰ্টেলৰ লিংক।
কাগজ কল দুটাৰ কি হ’ব সেয়া উদ্যোগ মন্ত্ৰীয়ে ক’ব বা কেন্দ্ৰীয় চৰকাৰে জানিব বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নগাঁও আৰু কাছাৰ কাগজ কল লিকুইডিটীত গৈছে। সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰীগৰাকীয়ে কয় যে উদ্যোগ মন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে ঘৰ এৰি যাব নালাগে৷ আমি বিজুলী কৰ্তন কৰা নাই তাত।
এই সংবাদমেলযোগে তিনিখন নতুন আঁচনি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ ভিতৰত টেট শিক্ষক আৰু NHMৰ ৫০ হাজাৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰিছে এখন নতুন আঁচনি। এই আঁচনিৰ জৰিয়তে NHMৰ প্ৰায় ৫০ হাজাৰ কৰ্মচাৰীৰ বাবে ৫ লাখ টকাৰ ৰিম্বাৰ্ছমেণ্ট হিচাপত স্বাস্থ্য বীমা দিয়া হ’ব৷ ১ জানুৱাৰীৰ পৰা এই বীমা কাৰ্যকৰী হ’ব এই আঁচনি। TETৰ ষ্টেট পল শিক্ষককো এই ৫ লাখ টকাৰ স্বাস্থ্য বীমা দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ হাইস্কুলৰ অতিৰিক্ত শিক্ষকসকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে, ৰাজ্যৰ দিব্যাংগ কৰ্মচাৰীৰ বাবেও এখন নতুন আঁচনি ঘোষণা কৰে ৰাজ্য চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে দিব্যাংগ কৰ্মচাৰীয়ে গাড়ী-মটৰ কিনিলে ৪ শতাংশ সুদ ৰাজ্য চৰকাৰে পৰিশোধ কৰিব।
সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া ৰাজ্যত CAA বিৰোধী আন্দোলন চলা নাই, বিজেপি উৎখাতৰহে অভিযান চলিছে। CAA বিৰোধী আন্দোলন আৰু বিজেপিৰ শান্তি সমদল সন্দৰ্ভত মন্ত্ৰী হিমন্তই ক’লে – ‘আমিটো জাতিদ্ৰোহী মানুহ, আমাৰ সমদলত লাখ মানুহ হ’লেও পেপাৰত তৃতীয় হেডলাইন হয়৷ আমি পৰহি CAAৰ কথা ক’ম৷ বিহুৰ আগত ক’ম৷ বহু কথা কবলগীয়া আছে ৷ ড০ নগেন শইকীয়া ছাৰৰ ওপৰত ক’বলগীয়া আছে ৷ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ ওপৰতো ক’বলগীয়া আছে।’
‘মই গৃহমন্ত্ৰী অমিত শ্বাহক লগ কৰিম৷ সীতাই যেনেকৈ পবিত্ৰতাৰ প্ৰমাণ দিবলৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিছিল, তেনেকৈ নাগৰিকত্ব বিচৰাসকলে আৱেদন কৰিলেই কিমানৰ নাম সোমাব প্ৰমাণ ওলাব৷ আমি কৈছো পাঁচ লাখতকৈ বেছি নোসোমাই৷ বেছি সোমালে ৰাজনীতি এৰিম৷’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া চলা আন্দোলনত যিমানবোৰ কথা কোৱা হ’ল, সেইবোৰে ভৱিষ্যতে অসমীয়া জাতিক ক’ত থ’ব সেয়া জানিব লাগিব৷ আমি নিৰ্বাচনৰ আগতেই কৈছিলো, আমি কৈয়ে কৰিছো৷ ৰাইজক নোকোৱাকৈ একো কৰা নাই।
সংবাদমেলত মন্ত্ৰী শৰ্মাই খেল’ ইণ্ডিয়াত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী বাতিল সন্দৰ্ভত ক’লে, ‘খেল’ ইণ্ডিয়াত প্ৰধানমন্ত্ৰী আহিব বুলি কোৱা নাছিল৷ তেওঁ আহিব বুলি জনোৱাই নাছিল৷ ৰাজ্য চৰকাৰক জনোৱা নাছিল৷ আমি মাতিছিলোঁ, কিন্ত আহিম বুলি জনোৱা নাছিল৷ এয়া সংবাদ মাধ্যমৰহে খবৰ৷’ আনহাতে, প্ৰধানমন্ত্ৰী মোদী ফেব্ৰুৱাৰী–মাৰ্চতহে অসমলৈ আহিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। সেয়া মোদীৰ ৰাজনৈতিক ভ্ৰমণ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।