Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:21 pm

Home » আঞ্চলিক » ১৯৮৭ৰ নাগৰিকত্ব (স) বিধেয়ক আৰু ২০১৯ চনৰ নাগৰিকত্ব (স) আইন একে নহয়

১৯৮৭ৰ নাগৰিকত্ব (স) বিধেয়ক আৰু ২০১৯ চনৰ নাগৰিকত্ব (স) আইন একে নহয়

গুৱাহাটী : বর্তমানৰ টিংখাং সমষ্টিৰ বিজেপিৰ বিধায়ক বিমল বড়াই ভাৰতীয় নাগৰিক সম্পর্কীয় এখন বিধেয়ক (কেব) সম্পর্কত প্রথিতযশা সাহিত্যক ড০ নগেন শইকীয়াৰ বিৰুদ্ধে অনা ৰাজহুৱা অভিযোগ ড০ শইকীয়াই খণ্ডন কৰিছে৷ উল্লেখযোগ্য যে বিধায়ক বড়াই ৰাজহুৱাকৈ মন্তব্য কৰিছিল যে ১৯৮৭ চনত ড০ নগেন শইকীয়া ৰাজ্য সভাৰ সাংসদ হৈ থকাৰ সময়ত এই কেব সংসদত উত্থাপন কৰাৰ সময়ত সাহিত্যিকগৰাকীয়ে বিৰোধিতা কৰা নাছিল৷ কিন্তু ২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপিত হৈ কা আইন হিচাপে গৃহীত হোৱাৰ সময়ত সাহিত্যিকগৰাকীয়ে বিৰোধিতা কৰিছে৷
অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ নগেন শইকীয়াই নিজ বাসগৃহত এই সম্পর্কত নিজৰ স্থিতি স্পষ্ট কৰে৷ তেওঁ এই অভিযোগ একাষাৰতে খণ্ডন কৰি বিধায়ক বিমল বড়াক প্রত্যাহবান জনাই কয় যে বিধানসভা আৰু সংসদ হ’ল আইন সভা৷ অসম বিধানসভাৰ এজন সদস্য বড়াই ১৯৮৭ চনত উত্থাপিত আৰু গৃহীত বিধেয়কখনৰ কথা নজনাকৈ বর্তমানৰ কা আইনখনৰ লগত একাকাৰ কৰাটো দুর্ভাগ্যজনক৷ সঁচাকৈয়ে আমাৰ দেশত এনে বিধায়ক বা সাংসদো আছে যি নাগৰিকত্ব সম্পর্কীয় ভাৰতবর্ষৰ সংবিধানৰ প্রস্তাৱনাৰ পাছৰ দুই নম্বৰ অধ্যায় আৰু সেই বিষয়ৰ শেহতীয়া টোকা আৰু আইনসমূহ নজনাকৈ নাগৰিকত্ব সম্পর্কে ভ্রান্ত ধাৰণা প্রচাৰ কৰিব পাৰে বুলি সাহিত্যিকগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰে৷
সাহিত্যিকগৰাকীয়ে সন্দেহ প্রকাশ কৰে যে বিধায়ক বড়াই নাজানে নাইবা ‘কেব’ শব্দটো ব্যৱহাৰ কৰি দুইখন বেলেগ বেলেগ আইনৰ যাতে জনসাধাৰণে এখন বুলি ভাবি তেওঁক (সাহিত্যিকগৰাকী) দোষাৰোপ কৰাৰ বাট উলিয়াই দিব পাৰে তাৰ বাবে বোধকৰোঁ এয়া অপচেষ্টা৷ কাৰণ ১৯৮৭ চনৰ বিধেয়কখন আৰু ২০১৯ চনৰ কেহ তথা কাখন সম্পূর্ণ বেলেগ৷ ড০ শইকীয়াই বিধায়কজনক প্রত্যাহবান জনায় যে তেওঁ ১৯৮৭ চনৰ আইনখনত বাংলাদেশকে ধৰি বিভিন্ন দেশৰ হিন্দু মানুহক পাছপ’র্ট, ভিছা নোহোৱাকৈ তথা কোনো তথ্যপাতি নথকাকৈ আৱেদন কৰিলেই ২০১৪ চনলৈকে তেনেভাৱে অহাসকলক ভাৰতীয় নাগৰিকত্ব দিয়া হ’ব বুলি কোৱা হৈছিল বুলি প্রমাণ কৰক৷
এতিয়া চৰকাৰে যদিও ২০১৪ চনৰ ভিতৰত সোমোৱাসকলক নাগৰিকত্ব দিয়াৰ কথা কৈছে তাৰ পাছত অহাসকলেও যদি ২০১৪ৰ ভিতৰত অহা বুলি আৱেদনত লিখে সেইসকলক চিনিব কেনেকৈ? অর্থাৎ ২০১৪ চনৰ নাম লৈ বিদেশী হিন্দু অনন্তকাললৈ আহি থকাৰ বাট মুকলি কৰা হ’ল বুলি ড০ শইকীয়াই কয়৷ আনহাতে, যোৱা ৬ জানুৱাৰীত বিজেপিৰ এখন সংবাদমেলত দলৰ দুজন মুখপাত্র ৰূপম গোস্বামী আৰু সুভাষ দত্তই প্রায় একেটা সুৰতে কোৱা শুনি ভাব হৈছে যে তেওঁলোকেও ১৯৮৭ আৰু ১৯৯২ চনৰ নাগৰিকত্ব সংশোধনী আইন দেখাও নাই, পঢ়াও নাই বুলি ড০ শইকীয়াই প্রতিক্রিয়া প্রকাশ কৰে৷
গোস্বামী আৰু দত্তৰ এনে ভ্রান্ত ধাৰণা প্রচাৰ কৰাটো এটা ৰাজহুৱা অপৰাধস্বৰূপে গণ্য কৰাৰ যোগ্য বুলি তেওঁ কয়৷ আনহাতে, ৰাজ্য চৰকাৰৰ প্রভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ‘কেব’ সম্পর্কত সাহিত্যিকগৰাকীক আক্রমণ কৰাটো অতি দুর্ভাগ্যজনক বুলি তেওঁ কয়৷ বৰঞ্চ তেওঁ কয় যে ১৯৮৭ চনৰ আইখন গ্রহণীয় আইন৷ সেই সময়ৰ কেন্দ্রীয় গৃহমন্ত্রী পি চিদাম্বৰমৰ কার্যকালত যিখন আইনৰ দ্বাৰা অন্য দেশৰ লোকক নাগৰিকত্ব দিয়াত কঠোৰ হোৱাৰ প্রস্থাৱ লোৱা হৈছিল৷ উক্ত আইনখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা নুবুজাকৈ বিজেপিৰ এজন মন্ত্রী, এজন বিধায়ক আৰু দুজন মুখপাত্রই ১৯৮৭ৰ আইনখন বর্তমানৰ লগত একাকাৰ কৰাটো এটা হয় উদ্দেশ্যেপ্রণোদিত কার্য, নহয় অজ্ঞানতাৰ বাহিৰে একো নহয় বুলি ড০ শইকীয়াই ব্যক্ত কৰে৷ বর্তমানৰ আইনখনৰ যোগেদি দেশলৈ বিদেশী আনিব খোজা হৈছে আৰু উত্তৰ-পূর্বাঞ্চলৰ ভিতৰত কেৱল ব্রহ্মপুত্র উপত্যকালৈ৷
বাকীকেইখন ৰাজ্যকে ধৰি অসমৰ কার্বি আংলং, ডিমা হাছাও আদিৰ দৰে স্বায়ত্তশাসিত জিলাসমূহতো বিদেশী হিন্দুৰ প্রৱেশ নিষিদ্ধ৷ ইয়াৰ দ্বাৰা ব্রহ্মপুত্র উপত্যকাত অসমীয়া ভাষা, সংস্কৃতি সমন্বিতে অসমীয়া মানুহক সংখ্যালঘুত পৰিণত কৰাৰ বাট খোলা হৈছে আৰু ই গ্রহণীয় নহয় বুলি তেওঁ কয়৷ অসমৰ মানুহক বিদেশী আনি সংখ্যালঘিষ্ঠ কৰিবলৈ যত্ন কৰাৰ আগতে বিদেশীক প্রথমতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গুজৰাটত সংস্থাপন কৰি আর্হি দেখুৱাওক বুলি সাহিত্যিকগৰাকীয়ে প্রতিক্রিয়া প্রকাশ কৰে৷ বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কামে- কাজে গণতান্ত্রিক চৰিত্র হেৰুৱাই পেলাইছে আৰু স্বৈৰাচাৰী চৰিত্র ল’বলৈ ধৰিছে বুলি তেওঁ কয়৷
তাৰ বিপৰীতে অসমৰ মানুহৰ দাবীয়ে এটা অহিংস গণতান্ত্রিক জনজাগৰণৰ সৃষ্টি কৰিছে৷ অদূৰ ভৱিষ্যতে অসম আৰু অসমীয়াৰ স্বার্থ সুৰক্ষিত কৰাৰ বাবে যদি নতুন ৰাজনৈতিক শক্তি গঠন কৰিব লাগে তেন্তে সেয়া সময়ৰ আহবান বুলি তেওঁ মতপোষণ কৰে৷ লগতে এইক্ষেত্রত সহমত পোষণ কৰে৷ চৰকাৰে যদি অসমৰ জনশক্তিৰ প্রতি শ্রদ্ধা নজনায় তেন্তে ৰাইজে বিকল্প ৰাজনৈতিক শক্তি গঠন কৰিবই লাগিব৷ কিন্তু এই শক্তি এতিয়াৰ অসম গণ পৰিষদৰ দৰে হ’লে নহ’ব বুলি ড০ শইকীয়াই কয়৷ বিকল্প ৰাজনৈতিক দল হ’লে প্রথমে এখন কর্ণধাৰ সমিতি গঠন কৰিব লাগিব৷ বিভিন্ন পক্ষক লৈ এই কর্ণধাৰ সমিতি গঠন হ’ব লাগিব আৰু কর্ণধাৰ সমিতিৰ নির্দেশনা অনুসৰি বিকল্প ৰাজনৈতিক শক্তি পৰিচালিত হ’ব লাগিব বুলি তেওঁ কয়৷ কাৰণ অসমৰ স্বার্থৰ হকে এতিয়া বাহিৰা শক্তিয়ে কাম নকৰে সেয়েহে পুনৰ এক থলুৱা বিকল্প ৰাজনৈতিক শক্তিৰ প্রয়োজন আহি পৰা বুলিও তেওঁ কয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি