Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:03 am

Home » আঞ্চলিক » হেঁপাহৰ ভোগালীত ভোলঘৰত উঠিব ‘জয় আই ধবনি’

হেঁপাহৰ ভোগালীত ভোলঘৰত উঠিব ‘জয় আই ধবনি’

গুৱাহাটী : হেঁপাহৰ ভোগালীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ভেলাঘৰত প্রতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে নগাঁৱৰ ৰাইজ৷ অসমীয়া জাতীয় জীৱনৰ চৰম দুযোর্গ আৰু জটিল সন্ধিক্ষণত বাপতি সাহোন বিহুত ৰজা খেদা নগঞাই ভেলাঘৰত প্রতিবাদ সাব্যস্ত কৰি মেজিৰ জুইৰ উত্তাপত অগ্নি দেৱতাক পূজাৰ কৰি জাতিধবংসী আইনখনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব৷ জিলাখনত ব্যাপক ৰূপত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰিও তাৰ সমান্তৰালকৈ নগঞা ৰাইজে ভোগালীৰ প্রস্তুতি চলাই ভোগালীতো প্রতিবাদ অব্যাহত ৰাখিবলৈ মাৰবান্ধি সাজু হৈছে৷
তাৎপর্যপূর্ণ বিষয় যে, ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি নির্মাণ কৰা ভেলাঘৰত এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ তীব্র বিৰোধিতা কৰি ৰাইজে প্রতিবাদ সাব্যস্ত কৰি দৃষ্টান্ত দাঙি ধৰিব৷ জিলাখনৰ অধিকাংশ ভেলাঘৰতে কা বিৰোধী শ্ল’গান ধবনিত হ’ব ভোগালীৰ উৰুকাৰ নিশা৷ মাঘ বিহুৰ দিনা মেজিৰ জুইৰ উত্তাপত সকলোৱে অসমীয়া জাতিৰ সুৰক্ষা আৰু মংগল কামনা কৰি আশীর্বাদ জনাব৷
উল্লেখযোগ্য যে, জিলাখনৰ ৰহাৰ আমনিশালিত প্রকৃতি সংৰক্ষণৰ বার্বাহক আকর্ষণীয় ভেলা ঘৰ নির্মাণৰ সমান্তৰালকৈ জিলাখনৰ নগাঁও চহৰৰ পৰা মাত্র দহ কিল’মিটাৰ নিলগৰ বাংঠাই গাঁৱৰ ৰাইজে প্রায় সম্পূর্ণ কৰি তুলিছে আন এক ব্যতিক্রমী অতি আকর্ষণীয় ভেলা ঘৰ৷ প্রকাণ্ড ভেলা ঘৰটোত নির্মাণ কৰা হৈছে এখন বৃহৎ আকৃতিৰ অসমৰ মানচিত্র৷ নৰাৰে নির্মাণ কৰা এই মানচিত্রখনৰ ওপৰত নির্মাণ কৰা হৈছে তৰোৱাল লৈ থকা অৱস্থাত লাচিত বৰফুকনৰ এক প্রতিমূর্তি৷
আনহাতে ভেলা ঘৰৰ ওপৰত বাওঁফালে লিখা আছে কা বিৰোধী শ্ল’গান– কা আমি নামানো বুলি৷ আনহাতে সোঁফালে লিখা আছে ‘জয় আই অসম’ বুলি৷ লগতে ভেলা ঘৰটোত সন্নিৱিষ্ট কৰা হৈছে তিনিখন ৰঙীন গামোচা, য’ত লিখা আছে কা বিৰোধী কেতবোৰ শ্ল’গান৷ এই ব্যতিক্রমী ভেলা ঘৰটোৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে এক সামাজিক বার্ বিলোৱাৰ প্রয়াস কৰা হৈছে৷ মাঘৰ বিহুৰ উৰুকাত বাংঠাই গাঁৱৰ এই ভেলা ঘৰটোও ৰাইজৰ বাবে অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিব বুলি আশা কৰা হৈছে৷
জিলাখনৰ আন কেইবাটাও অঞ্চলৰ ৰাইজে ভেলাঘৰত ‘কা’ বিৰোধী শ্ল’গান আৰু মেজিৰ জুইত এই আইনখন দাহ কৰিব বুলিও জানিব পৰা গৈছে৷ ইপিনে, ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ গাঁৱে-ভূঞে চহৰে-নগৰ ভোগালীক আদৰিবলৈ ব্যাপক প্রস্তুতি চলিছে৷ বিশেষকৈ গ্রামাঞ্চলত ঢেঁকীৰ শব্দ আৰু পৰম্পৰাত ভেলাঘৰ, মেজি নির্মাণক লৈ অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে৷
আধুনিকতাৰ কবলত পৰি ভোগালী বিহুৰ কেতবোৰ ঐতিহ্য পৰম্পৰাত ঘুণে ধৰিছে যদিও বিহুৰ উৎসাহ-উদ্দীপনা আজিও হ্রাস পোৱা নাই অসমীয়া চহা সমাজত৷ সেয়ে গ্রামাঞ্চলৰ প্রতিখন ঘৰতে এতিয়া ভোগালীক লৈ এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি