Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:40 pm

Home » আঞ্চলিক » বিজেপি আৰ এছ এছৰ কথা মতে বান্দৰ নাচ নাচিছে সৰ্বা-হিমন্তই

বিজেপি আৰ এছ এছৰ কথা মতে বান্দৰ নাচ নাচিছে সৰ্বা-হিমন্তই

চিৰাং ব্যুৰ’ : অসম আৰু অসমীয়াৰ অস্থিত্ব ৰক্ষাৰ বাবে প্ৰদেশ কংগ্ৰেছে যোৱা ২২ ডিচেম্বৰ শদিয়াৰ পৰা আৰম্ভ কৰা জনজাগৰণ যাত্ৰা ১১ জানুৱাৰীত ধুবুৰীত সমাপ্ত কৰিব। উক্ত কাৰ্যসূচীৰ অংশ স্বৰূপে আজি চিৰাঙৰ বাসুগাঁওত আয়োজন কৰা হয় কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা।
চিৰাং জিলাৰ বাসুগাঁওত চিদলী বিধান সভা সমষ্টিৰ চিৰাং ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই জনজাগৰন যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, মুখপাত্ৰ কমল মেধি সহ ভালেসংখ্যক নেতা কৰ্মিয়ে যোগদান কৰে। বাসুগাঁও চহৰত প্ৰথমে এক সভা সম্ভোধন কৰি সভাপতি বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাৱে সমালোচনা কৰি নাগৰিকত্ব সংশোধনি আইন কোনো মতেই মানি লোৱা নহব বুলি কয়। কংগ্ৰেছ দলে ৰাজ্যসভা আৰু লোকসভাত এই আইনৰ বিৰোধীতা কৰিছিল তাৰ পিছতো বিজেপিয়ে গাৰ বল দেখুৱাই গৃহীত কৰিলে৷ সেয়ে আজি অসম আৰু অসমীয়াৰ অস্থিত্ব ৰক্ষাৰ বাবে কংগ্ৰেছে অসমৰ সাধাৰন জনসাধাৰনৰ সহযোগত এই জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছে।
সভাত কমল মেধিয়ে নিজৰ ভাষনত কয় যে অসমত জাতীদ্ৰোহীৰ টপ টেনৰ তালিকাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল প্ৰথম, হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়, অতুল বৰা তৃতীয়, কেশৱ মহন্ত চতুৰ্থ আৰু ফণীভূষন চৌধুৰী পঞ্চম বুলি কোৱাৰ লগতে কয় যে নিজে কোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই ইমানেই পাপ কৰিলে যে মানুহৰ অভিশাপৰ ফলত তেওঁ কোনো দিনেই মুখ্যমন্ত্ৰী হ’ব নোৱাৰিব৷ সভাত বঙাইগাঁও জিলা সভাপতি শংকৰপ্ৰসাদ ৰায়েও অংশগ্ৰহন কৰি অগপ-বিজেপিক কঠোৰ ভাৱে সমালোচনা কৰে।
তাৰ পিচতে সমদল কৰি বাসুগাঁও চহৰৰ মাজেৰে জনজাগৰন যাত্ৰা কৰে আৰু পিছলৈ কোকৰাঝাৰ জিলাৰ গোসাইগাঁওলৈ ওলাই যায়।
ৰিপুন বৰাই সংবাদ মাধ্যমক কয় যে অমিত শাহে কোৱাৰ দৰে নাগৰিকত্ব সংশোধনী আইনৰ পৰা তিলমানো বিৰত নহয় একেদৰে ৰিপুন বৰাই কয় যে আমিও অসমবাসীয়ে কোনো এজন বিদেশীক এক ইঞ্চি মাটিও নিদিও। মুখ্যমন্ত্ৰীয়ে বান্দৰ নাচ দিছে বিজেপিৰ কথা মতে। বিজেপিয়ে আয়োজন কৰা শান্তি সভাত হাজিৰা দি টকাৰে মানুহ আনে বুলি অভিযোগ কৰে ৰিপুন বৰাই। বিভিন্ন শিতানৰ হিতাধিকাৰীসকলক ভয় ভীতিৰে বিজেপিৰ সভালৈ অনাৰ কথাও কয় সভাপতিজনে। কিন্ত বিজেপিৰ সভালৈ বাধ্যত পৰি যোৱা লোকসকলৰ অন্তৰ কংগ্ৰেছৰ লগত থকাৰ দাবী কৰে।
দিল্লীৰ জে এন ইউৰ ঘটনাক তিব্ৰ গৰিহনা দি কয় যে এয়া বিজেপিৰ পক্ষপাতিত্বমুলক কাৰ্য্য, ফেঁচিবাদী চৰিত্ৰ ওলাই পৰিছে। দেশৰ ৰাজধানীত বিশ্বৰ উন্নত এখন বিশ্ববিদ্যালয়ত হোৱা এনে ঘটনাই প্ৰমান দিয়ে যে তাতেই ছাত্ৰ-শিক্ষকৰ নিৰাপত্তা নাই গতিকে দেশৰ আন ঠাইত কি হব পাৰে বুলিও কয়। দিল্লী পুলিচৰ সন্মুখত এবিভিপিয়ে এই আক্ৰমন কৰিছে।গতিকে কংগ্ৰেছে এই ঘটনাৰ বাবে উচ্চ পৰ্য্যায়ৰ দণ্ডাধীশৰ তদন্তৰ দাবী জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি