Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:13 pm

Home » আঞ্চলিক » কুণ্ডিল কলীয়া বনাঞ্চলত অৰুণাচলীৰ আগ্রাসন

কুণ্ডিল কলীয়া বনাঞ্চলত অৰুণাচলীৰ আগ্রাসন

গুৱাহাটী : অসম-অৰুণাচল প্রদেশৰ সীমান্তৱর্তী শদিয়া মহকুমাৰ অন্তর্গত শদিয়া আঞ্চলিক বন বিভাগৰ অধীনৰ কুণ্ডিল কলীয়া বনাঞ্চলত দীর্ঘদিন ধৰি একাংশ চোৰাং বন মাফিয়াই বন ধবংসযজ্ঞ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে৷ শদিয়া মহকুমাৰ টুপচিঙা গাঁৱৰ সমীপৱর্তী শদিয়া আঞ্চলিক বন বিভাগৰ দ্বাৰা সংৰক্ষিত কুণ্ডিল কলীয়া বনাঞ্চলখনত থকা বহু মূল্যৱান গছ-গছনি বন মাফিয়াই এফালৰ পৰা কাটি ধবংস কৰা বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে স্থানীয় একাংশ প্রত্যক্ষদর্শীয়ে৷ চোৰাং বন মাফিয়াৰ দলে দিনৰ পোহৰতে নির্বিঘ্নে বনাঞ্চলখনত প্রৱেশ কৰি মূল্যৱান গছসমূহ কাটি ম’হ, গৰু ইত্যাদিৰ গাড়ীত বোজাই কৰি বিভিন্ন স্থানলৈ প্রেৰণ কৰি আহিছে বুলি প্রত্যক্ষদর্শীসকলে ব্যক্ত কৰিছে৷
ইফালে বিগত বহু বছৰ ধৰি উক্ত সংৰক্ষিত বনাঞ্চলখনত বন ধবংসযজ্ঞ অব্যাহত থকাৰ ফলত কুণ্ডিল কলীয়া বনাঞ্চলখন ক্রমে নিঃশেষ হৈ যোৱাৰ উপক্রম ঘটা বুলি দুখ প্রকাশ কৰিছে বনাঞ্চলৰ সমীপৱর্তী অঞ্চলৰ জনসাধাৰণে৷ ইয়াৰ সমান্তৰালভাৱে অৰুণাচল প্রদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ একাংশ অৰুণাচলী লোকে বনাঞ্চলখনৰ ভূমি বেদখলত নামি পৰা বুলিও অভিযোগ উত্থাপিত হৈছে৷ অসম চৰকাৰৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি অৰুণাচলী লোকে বনাঞ্চলখনৰ প্রায় অর্ধেক অংশই অবৈধভাৱে দখল কৰা পৰিলক্ষিত হৈছে৷
উল্লেখযোগ্য যে শদিয়া আঞ্চলিক বন বিভাগৰ অধীনৰ মুঠ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অন্যতম এই কুণ্ডিল কলীয়া বনাঞ্চলৰ প্রায় ৮০ শতাংশ ভূমি বর্তমান অৰুণাচলীয়ে বেদখল কৰিছে বুলি বিভিন্ন সময়ত সৰৱ চর্ হৈ আহিছে শদিয়াৰ সচেতন মহলৰ মাজত৷ শদিয়া কুণ্ডিল কলীয়া বনাঞ্চলখনৰ সর্বমুঠ মাটিকালি ৭২৭২ হেক্টৰ ভূমিৰ ভিতৰত অৰুণাচলীয়ে প্রায় ৮০ শতাংশ ভূমি ইতিমধ্যে বেদখল কৰি নিজৰ অধীনলৈ নিছে আৰু বনাঞ্চল ধবংস কৰি বৃহৎ বৃহৎ অঞ্চলব্যাপি আদা, মাকৈ, মাটিমাহ আৰু সৰিয়হ ইত্যাদি খেতি কৰা পৰিলক্ষিত হৈছে৷
ইয়াৰোপৰি বর্তমান এই বনাঞ্চলখনৰ কাষেৰে বৈ যোৱা কুণ্ডিল নদীখনকে অসম-অৰুণাচল প্রদেশৰ সীমা বুলি দাবী কৰি আহিছে অৰুণাচলী লোকসকলে আৰু এই নদীখনে যিফালে সুঁতি লয় সেইফালেই অৰুণাচলী লোকসকলে অৰুণাচলৰ সীমা বুলি দাবী কৰে৷ এই কার্যই বনাঞ্চলখন নিঃশেষ হোৱাৰ ক্ষেত্রত ইন্ধন যোগাইছে৷ এইদৰে বিভিন্ন কাৰণত প্রতি বছৰে অসমৰ এক বৃহৎ অংশ ভূমি অৰুণাচলৰ লোকে নিজৰ দখললৈ নিছে৷ বনাঞ্চলখনৰ এতিয়া অৱশিষ্ট মাত্র ২০ শতাংশ ভূমিতো অসম আৰু অৰুণাচলৰ একাংশ বন মাফিয়াই বর্তমান বনাঞ্চলখন নিঃশেষ কৰাত উঠি-পৰি লাগিছে৷
পৰিতাপৰ বিষয় যে অসম চৰকাৰ তথা বিয়াগোম বন বিভাগৰ চূড়ান্ত অমনোযোগিতা, অদূৰদর্শিতা আৰু শদিয়া আঞ্চলিক বন বিভাগত পর্যাপ্ত পৰিমাণৰ বনকর্মী আৰু কর্মচাৰীৰ অভাৱৰ বাবেই অৰুণাচলৰ লোকে অসমৰ কুণ্ডিল কলীয়া বনাঞ্চলৰ ভূমি বেদখল কৰিবলৈ সুবিধা লাভ কৰিছে আৰু বনাঞ্চলখন তিলতিলকৈ নিঃশেষ হ’ব ধৰা বুলি দাবী কৰে স্থানীয় প্রকৃতিপ্রেমী লোকসকলে৷ উল্লেখযোগ্য যে উক্ত বনাঞ্চলখন অন্যান্য বহু আপুৰুগীয়া বন্যপ্রাণীৰ লগতে বর্তমান বিলুপ্তপ্রায় হলৌ বান্দৰৰ আৱাসস্থলী৷
কিন্তু দীর্ঘদিন ধৰি বনাঞ্চলখনত অব্যাহত থকা বন ধবংসযজ্ঞই বনাঞ্চলখনত বসবাস কৰি অহা অতি আপুৰুগীয়া হলৌ বান্দৰ আৰু অন্যান্য প্রাণীৰ বাবে অস্তিত্বৰ সংকট কঢ়িয়াই আনিছে৷ তদুপৰি বনাঞ্চলখনৰ অবাধ বনধবংসৰ ফলত বাৰিষা কালত কুণ্ডিল নদীয়ে নামনি অংশত শদিয়াৰ দিশে ব্যাপক খহনীয়া সমস্যাৰ সৃষ্টি কৰিছে৷ বিশেষকৈ কুণ্ডিল নদীৰ কাষৰীয়া গাঁওসমূহলৈ কুণ্ডিল নদীয়ে বিপদ মাতি আনিছে৷ সময় থাকোঁতে এই বন ধবংস বন্ধ নকৰিলে অনাগত দিনত সমগ্র শদিয়া মহকুমালৈ অশনি সংকেত কঢ়িয়াই আনিব সেয়া নিশ্চিত৷ সেয়েহে এইক্ষেত্রত বিহীত ব্যৱস্থা ল’বলৈ শদিয়া মহকুমাৰ বিভিন্ন দল-সংগঠনে অসম চৰকাৰক দাবী জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি