Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:36 pm

Home » দেশ-বিদেশ » চাৰিওটা বলাৎকাৰীক ২২ জানুৱাৰীৰ পুৱা ফাঁচি দিবলৈ নির্দেশ

চাৰিওটা বলাৎকাৰীক ২২ জানুৱাৰীৰ পুৱা ফাঁচি দিবলৈ নির্দেশ

নতুন দিল্লী : সমগ্র দেশ জোকাৰি যোৱা ২০১২ চনৰ নির্ভয়া কাণ্ডৰ চাৰিওটা অপৰাধীক ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচি দিয়া হ’ব৷ ইয়াৰ পাটিয়ালা হাউছ ক’র্টে আজি চাৰিওটা বলাৎকাৰীৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰে৷ অতিৰিক্ত ন্যায়াধীশ সতীশ অৰোৰাই চাৰিওটা অপৰাধী ক্রমে মুকেশ (৩২), পৱন গুপ্তা (২৫), বিনয় শর্মা (২৬) আৰু অক্ষয় কুমাৰ সিঙৰ (৩১) বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰে৷ আজি গোচৰটোৰ শুনানিৰ সময়ত গুচৰীয়া পক্ষৰ অধিবক্তাই আদালতক জনায় যে উচচতম ন্যায়ালয়ে গোচৰৰ ৰায় পর্যালোচনা কৰিবলৈ দাখিল কৰা আৱেদন অগ্রাহ্য কৰাৰ পাছত ২০১২ চনত এগৰাকী ছাত্রীক বলাৎকাৰ কৰি হত্যা কৰা চাৰিওটা অপৰাধীৰ কোনো আৱেদন কোনো আদালত বা ৰাষ্ট্রপতিৰ বিবেচনাধীন হৈ থকা নাই৷
শুনানিৰ সময়ত গুচৰীয়া পক্ষৰ অধিবক্তাই আদালতত অপৰাধীকেইটাৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰিবলৈ অনুৰোধ জনাই কয় যে মৃত্যুৰ পৰোৱানা জাৰি কৰা আৰু ইয়াক কার্যকৰী কৰাৰ মাজৰ সময়ছোৱাত অপৰাধীকেইটাই উচচতম ন্যায়ালয়ত শুধৰণিমূলক আৱেদন দাখিল কৰিব পাৰিব৷ মুকেশ আৰু বিনয়ৰ অধিবক্তাই তেতিয়া আদালতক কয় যে অপৰাধীকেইটাই উচচতম ন্যায়ালয়ত শুধৰণিমূলক আৱেদন দাখিলৰ প্রক্রিয়া চলাই আছে৷ ইয়াৰ আগতে অপৰাধীকেইটাই ভাৰতৰ ৰাষ্ট্রপতিৰ ওচৰত ক্ষমাৰ আৱেদন দাখিল কৰিছে নেকি, সেই বিষয়ে আদালতে এসপ্তাহৰ ভিতৰত তিহাৰ কাৰাগাৰ কর্তৃপক্ষক জনাবলৈ নির্দেশ দিছিল৷
নির্ভয়াৰ পিতৃ-মাতৃ আৰু দিল্লী চৰকাৰৰ অধিবক্তাই অপৰাধীকেইটাৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা আৱেদনৰ শুনানি লোৱা হৈছিল আৰু অৱশেষত আজি আদালতে চাৰিওটা বলাৎকাৰীৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰে৷ তিহাৰ কাৰাগাৰ কর্তৃপক্ষই জনোৱা মতে, চাৰিওটা বলাৎকাৰীক তিনি নম্বৰ জে’লত ফাঁচি দিয়া হ’ব৷ উল্লেখযোগ্য যে নিম্ন আদালতে নির্ভয়াক বলাৎকাৰ কৰি হত্যা কৰা গোচৰত চাৰিওটাকে দোষী সাব্যস্ত কৰিছিল৷
তিনিটা অপৰাধীক তিহাৰৰ জে’ল নম্বৰ ২ত আৰু এটাক জে’ল নম্বৰ ৪ত ৰখা হৈছে৷ তিহাৰ কাৰাগাৰ কর্তৃপক্ষৰ লগত জড়িত সূত্রই প্রকাশ কৰা অনুসৰি অপৰাধীকেইটাক ফাঁচি দিয়াৰ বাবে মীৰাটৰ এজন জল্লাদক মতাৰ সম্ভাৱনা আছে৷ ২০১২ চনৰ ১৬ ডিচেম্বৰত ঘটা এই ঘটনাই সমগ্র দেশতে তীব্র জোকাৰণিৰ সৃষ্টি কৰিছিল৷ নিম্ন আদালতে ২০১৩ চনৰ ১৩ ছেপ্টেম্বৰত চাৰিওটা অপৰাধীকে দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় দিছিল৷ দিল্লী উচচ ন্যায়ালয়ে ২০১৪ চনৰ ১৩ মার্চত অপৰাধীকেইটাই জনোৱা আৱেদন অগ্রাহ্য কৰি নিম্ন আদালতৰ ৰায় বাহাল ৰাখে৷ উচচতম ন্যায়ালয়ে ২০১৭ চনত নিম্ন আদালতৰ ৰায় বাহাল ৰাখি ৰায় দিয়ে৷ এই ৰায় পর্যালোচনা কৰিবলৈ অপৰাধীকেইটাই দাখিল কৰা আৱেদন যোৱা জুলাই মাহত উচচতম ন্যায়ালয়ে অগ্রাহ্য কৰিছিল৷ উক্ত ঘটনাত জড়িত আন এটা অপৰাধী ৰাম সিঙে তিহাৰ কাৰাগাৰতে আত্মহত্যা কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি