ৰাজ্যজুৰি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ব্যুৰ’ সংবাদ :  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ জনবিৰোধী নীতি আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্বন সমূহে ভাৰত বন্ধৰ আহ্বান জনায়৷ ১০ টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে আহ্বান জনোৱা ধৰ্মঘটত ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্ণ প্ৰভাৱ পৰে৷  ৰাতিপুৱাৰ পৰা সকলো ধৰণৰ ব্যৱসায়ীক গাড়ী সমূহ বন্ধ হৈ যায়৷ বি জে পি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে বিগত সময়ছোৱাত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰাৰ লগতে শ্ৰম সংস্কাৰৰ নামত শ্ৰমিকৰ অধিকাৰ কৰ্তন, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি , ৰাজহুৱা খণ্ডৰ উদ্যোগক বেচৰকাৰীকৰণকে ধৰি কেতবোৰ শ্ৰমিক তথা দেশবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপেক্ষিততেই এই বন্ধৰ আহ্বান কৰা হৈছিল৷ CITU, কৃষকসভা আৰু অঙ্গনৱাড়ী কৰ্মী সকলে জাতিধ্বংসী নাগৰিকত্ব বিলৰ বিপক্ষে সমবেত হৈ “কা” আমাক

|

চাৰিওটা বলাৎকাৰীক ২২ জানুৱাৰীৰ পুৱা ফাঁচি দিবলৈ নির্দেশ

নতুন দিল্লী : সমগ্র দেশ জোকাৰি যোৱা ২০১২ চনৰ নির্ভয়া কাণ্ডৰ চাৰিওটা অপৰাধীক ২২ জানুৱাৰীৰ পুৱা ৭ বজাত ফাঁচি দিয়া হ’ব৷ ইয়াৰ পাটিয়ালা হাউছ ক’র্টে আজি চাৰিওটা বলাৎকাৰীৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰে৷ অতিৰিক্ত ন্যায়াধীশ সতীশ অৰোৰাই চাৰিওটা অপৰাধী ক্রমে মুকেশ (৩২), পৱন গুপ্তা (২৫), বিনয় শর্মা (২৬) আৰু অক্ষয় কুমাৰ সিঙৰ (৩১) বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰে৷ আজি গোচৰটোৰ শুনানিৰ সময়ত গুচৰীয়া পক্ষৰ অধিবক্তাই আদালতক জনায় যে উচচতম ন্যায়ালয়ে গোচৰৰ ৰায় পর্যালোচনা কৰিবলৈ দাখিল কৰা আৱেদন অগ্রাহ্য কৰাৰ পাছত ২০১২ চনত এগৰাকী ছাত্রীক বলাৎকাৰ কৰি হত্যা কৰা চাৰিওটা অপৰাধীৰ কোনো আৱেদন কোনো আদালত বা ৰাষ্ট্রপতিৰ বিবেচনাধীন হৈ থকা নাই৷ শুনানিৰ সময়ত গুচৰীয়া পক্ষৰ অধিবক্তাই আদালতত অপৰাধীকেইটাৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা

২০২০ বর্ষত একাংশ ম’বাইল ফ’নত হোৱাটছ এপে কাম নকৰে

ৱেব সংবাদ : পহিলা জানুৱাৰীৰ পৰা একাংশ স্মার্ট ফ’নত হোৱাটছ এপ কৰিব পৰা নাযাব পাৰে৷ কাৰণ সেইসমূহ ফ’নৰ অপাৰেটিং ছিষ্টেম বহু পুৰণা৷ ফলত হোৱাটছ এপ উক্ত ফ’নসমূহত নকৰিব পাৰে৷ উক্ত তালিকাত উইণ্ড’জৰ ফ’নৰ উপৰি একাংশ এণ্ড্রয়ড আৰু আই অ’ এছ অপাৰেটিং ছিষ্টেম ফ’নো আছে৷  হোৱাটছ এপে ঘোষণা কৰিছে– কোনো উইণ্ড’জ ফ’নেই পহিলা জানুৱাৰীৰ পৰা হোৱাটছ এপৰ ছাপ’র্ট নাপাব৷অর্থাৎ উক্ত ফ’নবোৰত হোৱাটছ এপে কাম নকৰিব৷ অনেক এপে আগেয়ে উইণ্ড’জ ভার্ছনৰ ছাপ’র্ট দিয়া বন্ধ কৰি দিছে৷ ফলত সেই এপসমূহে উইণ্ড’জ ফ’নত কাম নকৰা হ’ল৷ শেষ পর্যন্ত হোৱাটছ এপেও আৰু ছাপ’র্ট নিদিব বুলি ঘোষণা কৰিছে৷ আনহাতে কিছুমান পুৰণা এণ্ড্রয়ড আৰু আই অ’ এছ অপাৰেটিং ছিষ্টেমতো হোৱাটছ এপৰ ছাপ’র্ট বন্ধ কৰাৰ কথা ঘোষণা কৰিছে৷

প্রতিবাদৰ সন্মুখীন হোৱাৰ ভয়ত গুৱাহাটীত খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ নকৰে মোদীয়ে

গুৱাহাটী : জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনক লৈ অসমৰ পৰিস্থিতি আজিও উত্তপ্ত হৈ থকাৰ বাবেই অহা দহ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ নকৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নিৰাপত্তাৰ দিশটোৰ লগতে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰিয়েই প্রধানমন্ত্রীৰ কার্যালয়ে মোদীৰ এই ভ্রমণ সূচী বাতিল কৰিছে৷  জানিব পৰা মতে, খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব সৰুসজাই ষ্টেডিয়ামত৷ ইতিমধ্যে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদকে ধৰি বহুকেইটা দল-সংগঠনে প্রধানমন্ত্রী যদিহে অসমলৈ আহে তেনেহ’লে প্রতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে৷  নহাতে, কেন্দ্রীয় চোৰাংচোৱায়ো প্রধানমন্ত্রীৰ এই ভ্রমণ কালত অসমত প্রতিবাদ অধিক তীব্রতৰ হোৱাৰ শংকা ব্যক্ত কৰিছিল৷ ইয়াৰ পাছতেই কেন্দ্রীয় চৰকাৰে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শেষত প্রধানমন্ত্রীৰ এই ভ্রমণসূচী

মেজিৰ জুইত দাহ কৰক জাতিধবংসী আইনৰ প্রতিলিপি

গুৱাহাটী : মাঘ বিহুৰ মেজিৰ জুইত জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনখনৰ প্রতিলিপি দাহ কৰক৷ আনহাতে মেজিৰ জুইত সকলোকে ক’লা আইনখনৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিবলৈ আজি আহবান জনালে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ এক সংবাদমেলত বিশিষ্ট বুদ্ধিজীৱীজনে আইনখন বাতিল নোহোৱা পর্যন্ত আন্দোলন অব্যাহত ৰখাৰ বাবে শপত ল’বৰ বাবে সকলোকে আহবান জনায়৷ লগতে জাতিধবংসী আইনখন মেজিৰ জুইত দাহ কৰি প্রতিবাদ সাব্যস্ত কৰিবলৈও আহবান জনায়৷ আনহাতে সংগঠনটোৱে অহা ২৬ জানুৱাৰীত সংবিধান সুৰক্ষা দিৱস পালন কৰাৰ কথাও ঘোষণা কৰে৷ চৰকাৰে প্রত্যক্ষভাৱে কেন্দ্র আৰু ৰাজ্যৰ মাজত এটা সংঘাত অনাৰ বাবে সংবিধান-বিৰোধী কামেৰে চেষ্টা কৰাৰ গুৰুতৰ অভিযোগো আনি সংগঠনটোৱে এনে কামৰপৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়াই দিয়ে৷ সমিতিৰ সভাপতি ড০ গোহাঁয়ে সংবাদমেলত