Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:34 pm

Home » আঞ্চলিক » মৰণ ফান্দত পৰিণত পালহাজী বৰপেটা গড়কাপ্তানী বিভাগৰ ৰাস্তা

মৰণ ফান্দত পৰিণত পালহাজী বৰপেটা গড়কাপ্তানী বিভাগৰ ৰাস্তা

পালহাজী:  বৰপেটা জিলাৰ বৰপেটা সদৰ চহৰৰ পৰা প্ৰায় দহ কিঃ মিঃ দক্ষিণ- পূব প্ৰান্তত থকা পালহাজী গাঁৱখন হ’ল দক্ষিণ বৰপেটাৰ শিক্ষা আৰু বাণিজ্যৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ। বৰপেটাৰ পৰা যোৱা পালহাজী – তাৰাবাৰী পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে বৃহত্তৰ ধকুৱা- পালহাজী অঞ্চলৰ ৰাইজক। ইয়াৰ ফলত বৃহত্তৰ পালহাজী অঞ্চলৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। 
মূলতঃ গড়কাপ্তানী বিভাগৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে বছৰ বছৰ ধৰি মেৰামতি হোৱা নাই এই পথটো। দহ- পোন্ধৰ বছৰ আগত পি এম জি আচঁনিৰ অধীনত পথটো পকীকৰণ হৈছিল। বিগত বৰ্ষকেইটাত বানপানী আৰু বৰষুণে ৰাস্তাটোৰ পিটচ ভাগি ঠাই বিশেষে এক ফুটৰ পৰা তিনি ফুটলৈ পিতনি হৈ গৈছে। ধকুৱা কৃষি পামৰ কাষতে লাগি থকা পকী দলংখন সমভূমিৰ পৰা ২০ ফুট ওখ এপ্ৰোছ জৰাজীৰ্ণ হৈ কেইবাঠাইত ন-দহ ফুটলৈ খহি পৰিছে ফলত বৰপেটা – পালহাজী – তাৰাবাৰী পথত একপ্ৰকাৰ সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা ব্যাহত হৈছে। এজাক বৰষুণতে নৰক যন্ত্ৰণা ভোগ কৰিব লগাত পৰে পথচাৰিসকলে। 
উল্লেখ থাকে যে এইখন ৰাস্তাৰ লগতে জড়িত আছে এখন হাইমাদ্ৰাছা, পাচখন হাইস্কুল, এখন চিনিয়ৰ মাদ্ৰাছা, চাৰিখন এম . ই.মাদ্ৰাছা, তিনিখন এম.ই. স্কুল, দুখন ছোৱালী হাইস্কুল, পোন্ধৰখন এল.পি স্কুল, দহখন জাতীয় বিদ্যালয়, দুখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, এখন গাওঁ পঞ্চায়তৰ কাৰ্যালয়, তিনিখন সমবায় সমিতি, এখন উপ-স্বাস্থ্য কেন্দ্ৰ,এখন উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় আৰু বৃহত্তৰ পালহাজী বজাৰ সামৰি ২০- ২৫ হাজাৰ জনবসতিপূৰ্ণ ৬-৭ খন গাওঁ। এই পথৰ ওপৰেদিয়ে বৰপেটা সদৰৰ পৰা বিভিন্ন স্কুল- কলেজত চাকৰি কৰা শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী আৰু গাঁৱৰ ৰাইজে জিলা সদৰ কাৰ্যালয়লৈ অহা যোৱা কৰে। 
এই ৰাস্তাটোৰ কাৰণেই তিনিখন সমবায় সমিতিৰ মাল বেচিভাগ সময়ত পাটবাউসী নাইবা অন্য ঠাইত ভাড়াত থবলগীয়া হয়। পালহাজীত এখন বৃহৎ বজাৰ আছে।এই বজাৰখনত প্ৰতিদিনে চিমেন্ট, শিল, বালি আৰু অন্যান্য নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীকে ধৰি ৮-১০ ট্ৰাক মাল আমদানি কৰিব লাগে। এই বস্তুৰ বাবেও ৰাইজে অতিৰিক্ত ব্যয়ৰ বোজা বহন কৰিব লাগে। জৰুৰীকালীন সময়তো পালহাজীত এম্বোলেঞ্চ- অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী এখনো যাব নোৱাৰা হৈ পৰে। কেওটকুছি ভেল্লা হৈ যাব লগা হয়। পাটবাউসী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ থানৰ পৰা পালহাজী বজাৰ মাত্ৰ ছয় কিঃমিঃ। এই ছয় কিঃমিঃ ৰাস্তা মেৰামতিৰ নামত স্থানীয় বিধায়ক শ্ৰীযুত গুণীন্দ্ৰ নাথ দাস দেৱে যোৱা চাৰিটা বছৰে কেৱল মাত্ৰ আশ্বাস দিয়া দেখা গৈছে। 
যোৱা ৩১ ডিচেম্বৰত পালহাজী ব্ৰাইট ষ্টাৰ ক্লাৱৰ ৰূপালী জয়ন্তীৰ মুকলি সভাৰ ভাষণত মুকলিকৈ কলে,”ৰাইজ আপোনালোকে এই অঞ্চলৰ অভিযোগবোৰ বাতৰি কাকত নাইবা অন্যান্য মাধ্যমত প্ৰকাশ কৰক তেতিয়াহে চৰকাৰে কাণসাৰ দিব।” শাসকীয় দলৰ বিধায়ক হৈ যে তেখেতে একো কৰিব পৰা নাই , এই বক্তব্যত সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে।
সেয়েহে বৰপেটা জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ৰ জ্ঞাতাৰ্থে ৰাইজে জনাব খুজিছে যে শীঘ্ৰে প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। বৃহত্তৰ পালহাজী অঞ্চলত থকা সকলো অনুষ্ঠান -প্ৰতিষ্ঠান তথা ৰাইজে, জিলা উপায়ুক্তৰ কাৰ্যালয়, গড়কাপ্তানী বিভাগৰ বৰপেটা কাৰ্যালয় ,ৰাজ্যিক কাৰ্যালয়, গড়কাপ্তানী মন্ত্ৰী আদিকে ঘেৰাও কৰাকে ধৰি দহ দফীয়া কাৰ্য্যসূচী শীগ্ৰে পালন কৰিব বুলি দক্ষিণ বৰপেটা উন্নয়ন সংগ্ৰাম সমিতি , পালহাজী প্ৰেছ ক্লাব, পালহাজী কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকে এই প্ৰতিবেদকক জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি