Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:52 am

Home » সম্পাদকীয় » বাস্তৱায়িত হ’বনে ডঃ কালামৰ ভাৰতবৰ্ষ ২০২০

বাস্তৱায়িত হ’বনে ডঃ কালামৰ ভাৰতবৰ্ষ ২০২০

সপোন সেইটো নহয়, যিটো আমি টোপনিত দেখো। সপোন সেইটো, যিটোবে আমাক টোপনি আহিবলৈ নিদিয়ে। মিছাইল মেন খ্যাত ভাৰতৰ প্রাক্তন তথা আটাইতকৈ জনপ্রিয় ৰাষ্ট্রপতি ডঃ এ পি জে আব্দুল কালামে এনে বাণী প্রচাৰ কৰিয়েই জীৱনৰ শেষ মুহুর্তলৈকে দেখিছিল এক বিৰাট সপোন। যি সপোন সাধাৰণতে মই বা আপুনি খুউব কম দেখো। সপোনটো হ’ল— ভাৰতবৰ্ষ ২০২০। অর্থাৎ ২০২০ চনৰ ভিতৰত এখন উন্নয়নশীল ভাৰতবৰ্ষক উন্নত ভাৰতবৰ্ষলৈ ৰূপান্তৰ কৰা। বিশ্বৰ প্রথম পাঁচ অর্থনৈতিক শক্তিৰ মাজত ভাৰতক নিজৰ স্থিতি সবল কৰাৰ উদ্দেশ্যে দেশৰ শক্তি-সামর্থ্য, দুর্বলতাসমূহৰ গতিবিধি আদি পৰীক্ষা কৰি দেখা এক অসাধাৰণ সপোন। যি সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবেই নিজেই আপ্রাণ চেষ্টা চলোৱাৰ লগতে সমগ্ৰ ভাৰতবাসীকো এই সপোন দেখুৱাই ইয়াক ব্যস্তৱত ৰূপায়িত কৰাৰ বাবে বাধ্য কৰিবলৈ যত্ন কৰিছিল। কালামৰ এই সপোনৰ বিষয়ে লিখিবলৈ হ’লে হয়তো কেতিয়াও ওৰ নপৰিব। জীয়াই থকা দিন কেইটাত এই সপোনৰ পিছে পিছে দৌৰি থকাৰ সমান্তৰালকৈ তেওঁৰ মৃত্যুত যাতে বন্ধ বা ছুটি ঘোষণা কৰা নহয় তাৰ বাবে তেওঁ আহবান জনাইছিল। এই আহবানটো আছিল তেওঁৰ এই সপোনক বাস্তবায়িত কৰাৰ শেহতীয়া এক দৃষ্টান্তমূলক উদাহৰণ। সৰল অৰ্থত বুজিবলৈ হ’লে যদিহে তেওঁৰ মৃত্যুত অতি কমেও এদিন বন্ধ বা ছুটি ঘোষণা কৰা হয়, তেন্তে সেই ছুটি বা বন্ধৰ বিপৰীতে এই সপোনৰ ভাৰতবৰ্ষখনৰ যি ক্ষতি হ’ব, সেই ক্ষতি হয়তো কোনো দিনেই উঠি নাহিব। যিকোনো দিশতেই হোৱা এই ক্ষতিয়ে তেওঁৰ সপোনক ব্যস্তবায়িত কৰাৰ ক্ষেত্ৰত সেই এটা দিন সদায় পিছ পৰি থাকিব। কি আছে এই সপোনত? কিয় দেখিছিল এনে সপোন? এদিনাখন ডঃ কালামে এলানি বক্তৃতা দি উঠাৰ লগে লগে দহ বছৰীয়া কিশোৰী এজনীয়ে তেওঁৰ কাষ চাপি গৈ ‘অটোগ্রাফ বিচাৰিছিল। তেতিয়া কালামে তাইক সুধিছিল তোমাৰ জীৱনৰ আকাংক্ষা কি? কিশোৰীগৰাকীয়ে তিল পৰিমাণো সংকোচ নকৰাকৈয়ে তপৰাই উত্তৰটো দিছিল যে মই এখন উন্নত ভাৰতবৰ্ষত বাস কৰিব বিচাৰো আৰু যিটো আপোনাৰ জৰিয়তেই সম্ভৱ হ’ব বুলি ভাবো। কিশোৰীগৰাকীৰ এনে মন্তব্যই ডঃ কালামে দেখি থকা সপোনটোক আৰু অধিক গভীৰতালৈ ঠেলি নিলে। ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰ ৰূপত গঢ়ি তুলিবলৈ এক সুসংহত পৰিকল্পনাৰ প্রয়োজন বুলি এক সঠিক চিন্তা আগত ৰাখিয়েই আৰম্ভ কৰিছিল ইণ্ডিয়া ২০২০ ঃ এ ভিজন ফৰ দা নিউ মিলেনিয়াম’ নামৰ এক সপোন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ প্ৰতিজন ব্যক্তিয়ে জড়িত হৈ পৰিছিল এই সপোনত। প্রত্যেকৰে বিশ্বাস আছিল মহাকাশ প্রযুক্তিবিদ্যাই দেশ আৰু ইয়াৰ মানুহক দিব পৰা আটাইখিনি আদায় কৰিবলৈকে যেন তেওঁলোকৰ জন্ম হৈছে। তাৰ পিছৰে পৰাই পশ্চাদগমন নকৰাকৈ আন আন দেশৰ বিকাশৰ পৰিকল্পনা, ২০২০ চনলৈকে প্রযুক্তি পৰিকল্পনাৰ ক্ৰমবিকাশ, খাদ্য কৃষি আৰু প্রস্তুত প্রণালী, পদার্থ আৰু ভৱিষ্যৎ ৰাসায়নিক উদ্যোগ আৰু জৈৱিক সম্পদ, মানৱ সমৃদ্ধিত সেৱা ক্ষেত্ৰৰ ভূমিকা, শক্তিসংবদ্ধক উদ্যোগ, সকলোৰে বাবে স্বাস্থ্য সূৰক্ষা, সুদৃঢ় বুনিয়াদ আদি সকলো সামৰি আৰম্ভ কৰা হৈছিল এই সপোনৰ মিছন। যাৰ মূলতঃ লক্ষ্য আছিল এক শক্তিশালী ভাৰতবৰ্ষৰ নিৰ্মাণ অর্থাৎ সমগ্র দেশত উপলব্ধ সুবিধাৰ ভেটিত নির্মিত এক বিকশিত, গৌৰৱমণ্ডিত ভাৰতবর্ষ।
দেশৰ মহান ৰাষ্ট্রনায়ক আৰু দেশ নির্মাণৰ খনিকৰসকলৰ গৌৰৱমণ্ডিত পিৰিৰ অবিৰত পৰিক্রমাৰ বর্ণচ্ছটাত অৱগাহন কৰি আহি এটা সময়ত দেশৰ সর্বোচ্চ আসনখনত সমাসীন হোৱা মহামান্য ডঃ কালামে তেওঁৰ ভাৰতবৰ্ষখন নির্মাণ কৰি তাক ভৱিষ্যৎ প্রজন্মৰ হাতত অৰ্পণ কৰিব খুজিছিল। ‘I have a dream—to live in a nation, prosperous, beautiful and secured India. I realize, small aim is a crime. I will sweat and work for the nation transforming India into a developed India. Our ignited mind is the most powerful resource on the earth, above the earth, under the earth. We will make the nation developed.” Elsiorg for asso êsosi of W. বিজ্ঞানীগৰাকীয়ে নতুন সহস্রাব্দৰ শুভপ্রত্যুষৰ শুভ লগ্নত এখন স্বচ্ছ, নিকা, সংহত,শক্তিশালী, সমৃদ্ধিশালী, গৰিমামণ্ডিত, বিকশিত ভাৰতবৰ্ষ নির্মাণৰ মহান স্বপ্নৰ দ্যোতনা দচকুত লৈ মহাৰ্ণৱসম প্রজ্ঞা আৰু মনীষাৰে দেশ নির্মাণৰ সংৰচনা কি হ’ব, কেনেকৈ ৰাষ্ট্ৰৰ বুনিয়াদ মজবুত কৰিব লাগিব তাৰ বাস্তৱভিত্তিত সন্ধান পোৱা যায় এই মিছনত। ডঃ কালামে দেশ নির্মাণৰ এই মহান যজ্ঞত ভাগ ল’বলৈ দেশৰ বিভিন্ন ক্ষেত্ৰত অগ্রণী বিশেষজ্ঞ, দিগদশী বিজ্ঞানী, সমাজসেৱী, সংবাদদাতা, শিল্পী, সাহিত্যিক, কৃষক-হালুৱা-হজুৱা-বনুৱা সকলোলৈ আহবান জনাইছে। ৰাষ্ট্রপতি হোৱাৰ আগতে তেওঁ ভাৰতবৰ্ষৰ মহামান্য সাংসদসকললৈ লিখা পত্ৰখনতো তেওঁৰ সপোনৰ ভাৰতবৰ্ষৰ কথাকে এনেদৰে দোহাৰিছিল— If I get an opprotunity, we will work together, within the parliamentary system, to generate a road Developed Nation’. In my Book ‘INDIA 2020: A Vision for the New Millennium’, I have said, ‘A Developed India by 2020, or even earlier, is not a dream. It need not even by a mere vision in the minds of many Indians. It is a mossion we can all take up—and succeed.” Gog fiers দেশখনক সবাতোকৈ শক্তিশালী আৰু সম্পদশালী হিচাপে গঢ়ি তোলা ভেটি দেশৰ কৃষি-উদ্যোগ, বিজ্ঞান, স্বাস্থ্য, গৱেষণা, সমাজ, সংস্কৃতি, ৰাজনীতি আদিকে ধৰি নবীনতম প্রযুক্তিসমূহৰ বিকাশৰ বাবে ভৱিষ্যৎ পৰিকল্পনা দাঙি ধৰি এক উন্নত ভাৰতবৰ্ষ নির্মাণৰ সুসংহত পৰিকল্পনাৰ ৰচিছে এই মিছনত। ভাৰতবৰ্ষখনক লৈ এনে আশা কৰা ডঃ কালামৰ পিছত হয়তো দ্বিতীয়জন ব্যক্তি বিচাৰি পোৱাটো অতি টান। সমগ্র ভাৰতবাসীৰ চকুলো নিঃশেষ কৰাৰ আশাৰে এনে সপোন লৈ অৱশেষত জীৱন যুদ্ধত পৰাজিত হোৱা কালামৰ এই সপোনক আমি বাস্তবায়িত কৰিব পাৰিমনে? যদিহে আমি প্রত্যেকেই তেওঁক প্রকৃততে ভালপাওঁ তেন্তে তেওঁ বিচৰা ধৰণে নিঃসন্দেহে এই সপোনক বাস্তবায়িত কৰাটো হয়তো কোনো কঠিন কাম নহ’ব। তেওঁ বিচৰা ধৰণে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিগৰাকী নাৰী-পুৰুষ, যুৱ প্রজন্মই আগবাঢ়ি আহি ধৰ্মৰ ভেদাভেদেৰে সম্প্রতি চলি থকা লেতেৰা ৰাজনীতিক পাহৰি এগৰাকী ভাৰতীয় হিচাপে আৰু কালামৰ ওপৰত আশা কৰা সেই কিশোৰীগৰাকীয়ে আশা কৰা ধৰণে আমি প্রত্যেকেই এখন উন্নত ভাৰতবৰ্ষত বাস কৰি স্বপ্নদ্রষ্টা ডঃ কালামৰ এই সপোনক বাস্তৱায়িত কৰি তুলিব নোৱাৰিম নে? সময় এতিয়াও হাতত বাকী আছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি