Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:03 am

Home » সম্পাদকীয় » আজিৰ চিন্তা » নতুন বছৰৰ উখল মাখলত আমি আৰু সিহঁতবোৰ …

নতুন বছৰৰ উখল মাখলত আমি আৰু সিহঁতবোৰ …

বৰ্তমান অসমত আন এটা অপসংস্কৃতিয়ে বৰ দৃঢ়ভাৱে গা-কৰি উঠিছে৷ সেয়া হ’ল ইংৰাজী নতুন বছৰক আদৰাৰ উৎসৱ৷ আমি সৰু হৈ থাকোঁতে এই কথাবোৰে গাঁৱে-ভূঞে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল৷ চহৰ-নগৰৰ লোকসকলৰ মাজতেই এই উৎসৱ সীমাৱদ্ধ আছিল৷ কিন্তু বৰ্তমান ই ইমানকৈ সিয়াঁই পৰিল যে গাঁৱৰ ডেকা-বুঢ়া প্ৰায় সকলোৱে ইয়াক আমাৰ জাতীয় উৎসৱকৈও বেছিকৈ পালন কৰা দেখা যায়৷
বৰ্তমান অত্যাধুনিক সমাজৰ অধিকাংশ লোকে আকৌ এই উৎসৱক উপভোগ্য কৰি তুলিবলৈ মদ মাংস, উশৃঙ্খল নৃত্য-গীত আদিকেই বুজি পায়৷ এইক্ষেত্ৰত পুৰুষৰ সমানে সমানে মহিলা সকলো সিদ্ধহস্ত৷ ফলত সমাজখন কোনফালে ধাৱমান তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই নিশ্চয়৷
এই নতুন বছৰ বুলি কেইটামান মূহূৰ্ততে কিমানৰ জীৱন ধ্বংস হয় তাৰ হিচাপ আজিকালি ৰখা টান৷ আমি এই কথাবোৰ সদায় পাহৰি যাওঁ, যিসময়ত আমি এই উৎসৱ বোৰক বিজতৰীয়া কৰি উপভোগ কৰোঁ তেতিয়া আমাৰ আশে-পাশে হাজাৰ লোকে এমুঠি ভাতৰ বাবে, ঠাণ্ডাত এখন কাপোৰৰ বাবে হাহাঁকাৰ কৰি থাকে৷ পাহৰি যাওঁ কিমান লোকে জীৱন যুঁজত যুঁজি যুঁজি ভাগৰুৱা হয়৷ সেইসকল লোকৰো বহুত আশা আকাংক্ষা থাকে, বহুতৰ হৃদয়ত হাহাকাৰ আছে, আছে হেৰুৱাৰ আৰ্তনাদ৷ যিবোৰ আমি আমাৰ উখলমাখলত পাহৰি পেলাওঁ৷
প্ৰতিজন লোকৰে সুখ উপভোগ কৰা অধিকাৰ আছে৷ কিন্তু মই ভাৱি নাপাওঁ, উপভোগ মানে কেৱল মদ মাংস, ভোজভাত, উচ্চস্তৰৰ নৃত্য-গীত নেকি ? আমি এই উৎসৱ সমূহ বেলেগকৈ পালন কৰিব নোৱাৰোঁ নেকি ? মই ভাৱোঁ , এই দিনবোৰত আমি কোনোবা ভোকাতুৰ এজনক এমুঠি খোৱাই, বস্ত্ৰহীন এজনক এখন বস্ত্ৰ দিওঁ সুখ লব নোৱাৰোঁ নেকি ? অৱশ্যে আজিকালি বহুতো মানৱতাবাদী যুৱপ্ৰজন্মই এই কাম নকৰা নহয়৷ আপুনি মই আশা কৰিলেই পুৰণা বছৰটোৱে আমাৰ দুখ বা সমস্যাবোৰ দূৰ কৰি লৈ নাযায় বা আমি আশা কৰিলেই নতুন বছৰটোৱে সুখ সমৃদ্ধি লৈ নাহে৷
“ ব্যক্তিৰ সুখ সমৃদ্ধি নিৰ্ভৰ কৰে সুপৰিকল্পনা , সুচিন্তা আৰু সুদক্ষতাৰ ওপৰত ৷” গতিকে নতুন বছৰক সুপৰিকল্পনা আৰু সুচিন্তাৰে আদৰণি জনাওঁক৷ আপোনাৰ লগতে আনৰো উপকাৰৰ কথা চিন্তা কৰক৷ পৃথিৱীখন সুখত থাকিলেহে আমিও সুখত থাকিব পাৰিম৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি