নতুন বছৰটোৰ প্ৰথম দিনাই বাঢ়িল ৰন্ধন গেছৰ মূল্য, যাত্ৰাবাহী ৰে’লৰ ভাড়া

গুৱাহাটী : নতুন বছৰটোৰ প্ৰথম দিনাই বাঢ়িল ৰন্ধন গেছৰ মূল্য। ৰাজসাহাৰ্যবিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য বাঢ়িল ১৯টকাকৈ।গুৱাহাটীত ৰাজসাহাৰ্যবিহীন ১৪.২কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য ৭৪৪.৫০টকালৈ বৃদ্ধি হৈছে।দিল্লী আৰু মুম্বাইত প্ৰতি চিলিণ্ডাৰত দাম বাঢ়িল ১৯টকা আৰু ১৯.৫টকাকৈ। ইপিনে বাঢ়িল যাত্ৰাবাহী ৰে’লৰ ভাড়া।এই বৰ্ধিত ভাড়াই দূৰণীবটীয়া যাত্ৰীসকলক অধিক প্ৰভাৱিত কৰিব।নতুন নিৰিখ অনুসৰি, এই বৃদ্ধি প্ৰতি কিলোমিটাৰত ১ পইচাৰ পৰা ৪ পইচা পৰ্য্যন্ত হৈছে।ৰাজধানী, শতাব্দী, দুৰন্ত, বন্দে ভাৰত, তেজচ, হাম ছফৰ, গতিমান আৰু গৰীৱ ৰথৰ টিকটত বেছি প্ৰভাৱ পৰা দেখা যাব।ইয়াৰ পূৰ্বে ২০১৪-২০১৫ চনত ৰে’লভাড়া বঢ়োৱা হৈছিল।

|

নতুন বছৰৰ উখল মাখলত আমি আৰু সিহঁতবোৰ …

@দিপ্তী দেৱী বৰ্তমান অসমত আন এটা অপসংস্কৃতিয়ে বৰ দৃঢ়ভাৱে গা-কৰি উঠিছে৷ সেয়া হ’ল ইংৰাজী নতুন বছৰক আদৰাৰ উৎসৱ৷ আমি সৰু হৈ থাকোঁতে এই কথাবোৰে গাঁৱে-ভূঞে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল৷ চহৰ-নগৰৰ লোকসকলৰ মাজতেই এই উৎসৱ সীমাৱদ্ধ আছিল৷ কিন্তু বৰ্তমান ই ইমানকৈ সিয়াঁই পৰিল যে গাঁৱৰ ডেকা-বুঢ়া প্ৰায় সকলোৱে ইয়াক আমাৰ জাতীয় উৎসৱকৈও বেছিকৈ পালন কৰা দেখা যায়৷ বৰ্তমান অত্যাধুনিক সমাজৰ অধিকাংশ লোকে আকৌ এই উৎসৱক উপভোগ্য কৰি তুলিবলৈ মদ মাংস, উশৃঙ্খল নৃত্য-গীত আদিকেই বুজি পায়৷ এইক্ষেত্ৰত পুৰুষৰ সমানে সমানে মহিলা সকলো সিদ্ধহস্ত৷ ফলত সমাজখন কোনফালে ধাৱমান তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই নিশ্চয়৷ এই নতুন বছৰ বুলি কেইটামান মূহূৰ্ততে কিমানৰ জীৱন ধ্বংস হয় তাৰ হিচাপ আজিকালি ৰখা টান৷ আমি এই কথাবোৰ

বাস্তৱায়িত হ’বনে ডঃ কালামৰ ভাৰতবৰ্ষ ২০২০

# ছৈয়দ বুলবুল জামানুৰ হক সপোন সেইটো নহয়, যিটো আমি টোপনিত দেখো। সপোন সেইটো, যিটোবে আমাক টোপনি আহিবলৈ নিদিয়ে। মিছাইল মেন খ্যাত ভাৰতৰ প্রাক্তন তথা আটাইতকৈ জনপ্রিয় ৰাষ্ট্রপতি ডঃ এ পি জে আব্দুল কালামে এনে বাণী প্রচাৰ কৰিয়েই জীৱনৰ শেষ মুহুর্তলৈকে দেখিছিল এক বিৰাট সপোন। যি সপোন সাধাৰণতে মই বা আপুনি খুউব কম দেখো। সপোনটো হ’ল— ভাৰতবৰ্ষ ২০২০। অর্থাৎ ২০২০ চনৰ ভিতৰত এখন উন্নয়নশীল ভাৰতবৰ্ষক উন্নত ভাৰতবৰ্ষলৈ ৰূপান্তৰ কৰা। বিশ্বৰ প্রথম পাঁচ অর্থনৈতিক শক্তিৰ মাজত ভাৰতক নিজৰ স্থিতি সবল কৰাৰ উদ্দেশ্যে দেশৰ শক্তি-সামর্থ্য, দুর্বলতাসমূহৰ গতিবিধি আদি পৰীক্ষা কৰি দেখা এক অসাধাৰণ সপোন। যি সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবেই নিজেই আপ্রাণ চেষ্টা চলোৱাৰ লগতে সমগ্ৰ ভাৰতবাসীকো এই সপোন দেখুৱাই ইয়াক ব্যস্তৱত