Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:09 am

Home » আঞ্চলিক » আশাকর্মী সন্থাৰ বার্ষিক অধিৱেশন সম্পন্ন : স্মৃতিগ্রন্থ ‘আশাৰ ৰেঙণি’ উন্মােচন

আশাকর্মী সন্থাৰ বার্ষিক অধিৱেশন সম্পন্ন : স্মৃতিগ্রন্থ ‘আশাৰ ৰেঙণি’ উন্মােচন

কু-সংস্কাৰমূলক সামাজিক ব্যাধি আঁতৰাই আশাকর্মীসকলেই স্বচ্ছ সমাজ গঢ়ি তুলিব পাৰেঃ পদ্মশ্রী ইলিয়াছ আলী
গুৱাহাটী : দেশ বা ৰাজ্য এখন আগুৱাবলৈ হলে প্রথমে সংস্কাৰ আৰু স্বচ্ছ হ’ব লাগিব আমাৰ সমাজ। সেয়ে এইক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি সমাজৰ তৃণমূল পর্যায়ত স্বাস্থ্য খণ্ডৰ হৈ কাম কৰি যােৱা আশাকর্মীসকলে কু-সংস্কাৰমূলক সামাজিক ব্যধি আঁতৰাই এখন স্বচ্ছ সমাজ গঢ়ি তুলিব পাৰে—এই মন্তব্য পদ্মশ্রী সম্মানেৰে বিভূষিত বিশিষ্ট শল্য চিকিৎসক অধ্যাপক ইলিয়াছ আলী। 
সুদীর্ঘ দহ বছৰৰ মূৰত গুৱাহাটী মহানগৰীৰ দিছপুৰত অনুষ্ঠিত সদৌ অসম আশাকর্মী সন্থাৰ বার্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি প্রকাশিত স্মৃতিগ্রন্থ ‘আশাৰ ৰেঙণি’ উন্মােচন কৰি আশাকর্মীসকলক উদ্দেশ্যি এনে মন্তব্য আগবঢ়ায়। তেওঁ আৰু কয় যে, “মই যেতিয়া অভাৱনীয় জনসংখ্যা বৃদ্ধি ৰােধ কৰাৰ প্রচেষ্টা ৰাজ্যৰ ভিন্ন প্রান্তত সজাগতা আৰম্ভ কৰিছিলাে, তেতিয়া এই আশাকর্মীসকলৰ সহযােগ আছিল অতিকে গুৰুত্বপূর্ণ। গতিকে কেন্দ্রীয় চৰকাৰে মােক যি ‘পদ্মশ্রী সম্মানেৰে বিভূষিত কৰিছে। ইয়াত আশাকর্মীসকলৰাে অৰিহণা আছে। 
উল্লেখ্য যে আজি দিছপুৰস্থিত গড়কাপ্টানি বিভাগৰ প্রশিক্ষণ কেন্দ্ৰৰ প্রেক্ষাগৃহত দিনযােৰা কার্যক্রমণিকাৰে সদৌ অসম আশাকর্মী সন্থাৰ বার্ষিক অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি সভানেত্রী দিপ্তী দেৱীয়ে সন্থাৰ পতাকা উত্তোলন কৰাৰ পিছতে শহীদ তর্পণত মাল্যার্পণ আৰু বন্তি প্রজ্বলন কৰে প্ৰচাৰ সম্পাদিকা অশ্বিনী গগৈয়ে। পিছত দুপৰীয়া ১২ বণ সম্পাদিকা অনুপমা ৰায়ৰ সঞ্চালনাত ‘আশা ৰাষ্টীয় স্বাস্থ্য মিছনৰ প্রধান অংগ’ শীর্ষ আলােচনা চক্ৰ আৰু মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হয় অধিৱেশনৰ মূল কাৰ্যসূচী মুকলিসভা আৰু স্মৃতিগ্রন্থ উন্মােচন। 
সন্থাৰ সভানেত্রী দিপ্তী দেৱীৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত পদ্মশ্রী অধ্যাপক ইলিয়াচ আলীয়ে স্মৃতিগ্রন্থ ‘আশাৰ ৰেঙণি’উন্মােচন কৰাৰ লগতে অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালক ডঃ লক্ষ্মন এছ, আশা হেথ এণ্ড এডুকেশন চার্ভিছৰ পৰিচালন সঞ্চালক মহিবুল মণ্ডল, ৰাষ্ট্রীয় পর্যায়ৰ সমাজসেৱক সন্মান লাভ কৰা উদীয়মান সমাজকর্মী সাজাহান আলী আহমেদ, সদৌ অসম আশা ছুভাৰভাইজাৰ সন্থাৰ সভানেত্রী ফুলেশ্বৰী শইকীয়া, সন্থাৰ মুখ্য উপদেষ্টা মমিন উদ্দিন সৰকাৰ, উপদেষ্টা কাশেম আলী প্রধানীয়ে অংশগ্রহণ কৰে। সন্থাৰ কোষাধ্যক্ষ বীণা দৈমাৰী, সহকাৰী সম্পাদিকা মনিতা গগৈৰ সহযােগত উপ-সভানেত্রী মর্জিনা বেগমে আঁত ধৰা অনুষ্ঠানসমূহত ৰাজ্যৰ প্রতিটো জিলাৰ আশাকর্মীসকলে অংশগ্রহণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি