আশাকর্মী সন্থাৰ বার্ষিক অধিৱেশন সম্পন্ন : স্মৃতিগ্রন্থ ‘আশাৰ ৰেঙণি’ উন্মােচন

কু-সংস্কাৰমূলক সামাজিক ব্যাধি আঁতৰাই আশাকর্মীসকলেই স্বচ্ছ সমাজ গঢ়ি তুলিব পাৰেঃ পদ্মশ্রী ইলিয়াছ আলী গুৱাহাটী : দেশ বা ৰাজ্য এখন আগুৱাবলৈ হলে প্রথমে সংস্কাৰ আৰু স্বচ্ছ হ’ব লাগিব আমাৰ সমাজ। সেয়ে এইক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি সমাজৰ তৃণমূল পর্যায়ত স্বাস্থ্য খণ্ডৰ হৈ কাম কৰি যােৱা আশাকর্মীসকলে কু-সংস্কাৰমূলক সামাজিক ব্যধি আঁতৰাই এখন স্বচ্ছ সমাজ গঢ়ি তুলিব পাৰে—এই মন্তব্য পদ্মশ্রী সম্মানেৰে বিভূষিত বিশিষ্ট শল্য চিকিৎসক অধ্যাপক ইলিয়াছ আলী।  সুদীর্ঘ দহ বছৰৰ মূৰত গুৱাহাটী মহানগৰীৰ দিছপুৰত অনুষ্ঠিত সদৌ অসম আশাকর্মী সন্থাৰ বার্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি প্রকাশিত স্মৃতিগ্রন্থ ‘আশাৰ ৰেঙণি’ উন্মােচন কৰি আশাকর্মীসকলক উদ্দেশ্যি এনে মন্তব্য আগবঢ়ায়। তেওঁ আৰু কয় যে, “মই যেতিয়া অভাৱনীয় জনসংখ্যা বৃদ্ধি ৰােধ কৰাৰ প্রচেষ্টা ৰাজ্যৰ ভিন্ন প্রান্তত সজাগতা আৰম্ভ