Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:24 pm

Home » বিবিধ » সন্মান-বঁটা » যুৱ সমাজকৰ্মী সাজাহান আলী আহমেদলৈ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান প্ৰদান

যুৱ সমাজকৰ্মী সাজাহান আলী আহমেদলৈ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান প্ৰদান

এই সন্মান সমাজৰ হকে দৃঢ়তাৰে সংগ্ৰাম কৰি যোৱাৰ এক অফুৰন্ত শক্তি : সাজাহান আলী আহমেদ

বৰপেটাৰোড : নাগৰিকসকলৰ অধিকাৰকে ধৰি সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্ৰতী হোৱা যুৱ সমাজকৰ্মী, সাংবাদিক, লেখক-কবি, প্ৰাক্তন ছাত্ৰ নেতা সাজাহান আলী আহমেদলৈ আজি প্ৰদান কৰা হয় ২০১৯ বৰ্ষৰ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান৷ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান সমিতিৰ উদ্যোগত বাণিজ্য নগৰী বৰপেটাৰোডস্থিত ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মান প্ৰদান কৰা হয়৷ 
সন্মানপ্ৰাপক সাজাহান আলী আহমেদে কয়— এয়া মাথো সন্মান নহয়৷ এই সন্মান নিকা আৰু সম্প্ৰীতিৰ ভাৱমূৰ্তি অক্ষুন্ন ৰাখি সমাজৰ হকে দৃঢ়তাৰে সংগ্ৰাম কৰি যোৱাৰ এক অফুৰন্ত শক্তি৷ নিজৰ বক্তব্যত আহমেদে সন্মানদাতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই কৰ্মযুদ্ধত তেওঁৰ লগত নিঃস্বাৰ্থ সহযোগ আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ 
চেণ্টাৰ ফৰ ইকুইটি ষ্টাটিজ (চিইএছ)-এ আগবঢ়োৱা এই সন্মান প্ৰদান অনুষ্ঠানত সঞ্চালক হৰ্ষ মান্দাৰে কয়— নাগৰিকত্বৰ নামত অসমত বহুদিন ধৰি প্ৰকৃত ভাৰতীয় নাগৰিকসকল নানা ধৰণে হাৰাশাস্তি, নিৰ্যাতন হবলগীয়া হৈছে৷ তেনে সময়ত সাজাহানে সমাজসেৱাৰ জৰিয়তে এই নাগৰিকসকলৰ পক্ষত থিয় দি তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ তেওঁ এই প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই আৰু তেওঁৰ কৰ্মক্ষেত্ৰত আৰু অধিক উৎসাহ-প্ৰেৰণা যুগোৱাৰ উদ্দেশ্যেই তেওঁলৈ এই সৌহাৰ্দ্য সন্মান আগবঢ়োৱা হৈছে৷ 

সাংবাদিক-সমাজকৰ্মী শাকিল আহমেদে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট লেখক নৱশৰণ সিং, গোৰৰেপতি নৰেন্দ্ৰনাথ মেম’ৰিয়েল ট্ৰাষ্টৰ ট্ৰাষ্টি উমা ছাংকাৰী, সংযুক্তা গোৰৰেপতি, বিশিষ্ট সংখ্যালঘু অধিকাৰ কৰ্মী জন দয়াল, বিশিষ্ট বিজ্ঞানী অমিতাভ বসু, গৱেষক ছাত্ৰ আব্দুল কালাম আজাদে অংশগ্ৰহণ কৰি উদ্যোক্তাসকলৰ প্ৰত্যকেই নিজ নিজ ভাষণত সাজাহান আলী আহমেদৰ কৰ্মদক্ষতাক ভূয়সী প্ৰশংসা কৰে৷
ইপিনে সাজাহান আলী আহমেদে এই সন্মান লাভ কৰি ৰাজ্যখনৰ লগতে বৃহত্তৰ বৰপেটাৰোড অঞ্চলৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ পিতৃ আব্দুল মুন্নাফ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক তাইজুদ্দিন আহমেদ, ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ আয়নাল হক, আমছুৰ হৈ মইনুল হক, স্বেচ্ছাসেৱী সংগঠন ‘ছা’ৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনকে ধৰি উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট লোকসকলে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে সন্মানদাতা পক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত বৰপেটা-বাক্সাৰ লগতে ৰাজ্যখনৰো ভিন্ন প্ৰান্তৰ পৰা দুই শতাধিক লোক উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি