| |

যুৱ সমাজকৰ্মী সাজাহান আলী আহমেদলৈ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান প্ৰদান

এই সন্মান সমাজৰ হকে দৃঢ়তাৰে সংগ্ৰাম কৰি যোৱাৰ এক অফুৰন্ত শক্তি : সাজাহান আলী আহমেদ বৰপেটাৰোড : নাগৰিকসকলৰ অধিকাৰকে ধৰি সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্ৰতী হোৱা যুৱ সমাজকৰ্মী, সাংবাদিক, লেখক-কবি, প্ৰাক্তন ছাত্ৰ নেতা সাজাহান আলী আহমেদলৈ আজি প্ৰদান কৰা হয় ২০১৯ বৰ্ষৰ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান৷ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান সমিতিৰ উদ্যোগত বাণিজ্য নগৰী বৰপেটাৰোডস্থিত ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মান প্ৰদান কৰা হয়৷  সন্মানপ্ৰাপক সাজাহান আলী আহমেদে কয়— এয়া মাথো সন্মান নহয়৷ এই সন্মান নিকা আৰু সম্প্ৰীতিৰ ভাৱমূৰ্তি অক্ষুন্ন ৰাখি সমাজৰ হকে দৃঢ়তাৰে সংগ্ৰাম কৰি যোৱাৰ এক অফুৰন্ত শক্তি৷ নিজৰ বক্তব্যত আহমেদে সন্মানদাতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই কৰ্মযুদ্ধত তেওঁৰ লগত