বৰপেটাৰ উত্তৰ পূব বেতবাৰী গাঁও পঞ্চায়তত অভিযন্তাৰ ব্যাপক অনিয়ম
• অভিযন্তা ভূপালী শৰ্মাই বদলি হৈ পলোৱাৰ চেষ্টা • আয়ুক্ত সচিবলৈ অভিযোগ দাখিল স্বয়ং পঞ্চায়ত সভানেত্ৰীসহ স্থানীয় ৰাইজৰ কয়াকুছি : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৮ নং উত্তৰ-পূব বেতবাৰী গাঁও পঞ্চায়তৰ অভিযন্তাৰ বিৰুদ্ধে ব্যাপক অনিয়ম সংঘটিত কৰি শেষত বদলি হৈ পলোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযন্তা ভূপালী শৰ্মাৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰি স্বয়ং পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ লগতে স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগৰ আয়ুক্ত সচিবলৈ এক লিখিত অভিযোগ দাখিল কৰে৷ শতাধিক লোকৰ স্বাক্ষৰিত উক্ত অভিযোগৰ প্ৰতিলিপি অনুসৰি— যোৱা ২ ছেপ্টেম্বৰৰ পৰা আজিলৈকে উক্ত পঞ্চায়তত কৰ্মৰত অভিযন্তা ভূপালী শৰ্মাই কোনো কাৰণ নোহোৱাক কাৰ্যালয়ত অনুপস্থিত হৈ আছে৷ পিছত বিশেষ সূত্ৰে জানিব পৰা মতে বিষয়াগৰাকীয়ে উক্ত গাঁও পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ অজ্ঞাতেই