Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:41 am

Home » আঞ্চলিক » বিটিচিত ক্ৰমাৎ উত্তপ্ত নিৰ্বাচনী বতাহ : মথনগুৰী পৰিষদীয় সমষ্টিত এইবাৰ নতুন মুখৰ সন্ধান

বিটিচিত ক্ৰমাৎ উত্তপ্ত নিৰ্বাচনী বতাহ : মথনগুৰী পৰিষদীয় সমষ্টিত এইবাৰ নতুন মুখৰ সন্ধান

বিটিচিত উঠিছে নিৰ্বাচনী ঢৌ : টঙালি বান্ধিছে বিজেপি, বি.পি.এফ, কংগ্ৰেছ, ইউ.পি.পি.এল, গণ সুৰক্ষা পাৰ্টি

বৰপেটাৰোড : সমাগত বিটিচিৰ পৰিষদীয় নিৰ্বাচন। ২০২০ চনৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’বলগীয়া পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে নিজৰ ৰাজত্ব অক্ষুন্ন ৰখাৰ বাবে ভেটি মজবুত কৰিবলৈ গাৱে-ভুৱে সোমাই যোৱা পৰিলক্ষিত হৈছে। বিটিচিৰ মুঠ ৪০ টা পৰিষদীয় সমষ্টিৰ ভিতৰত এইবাৰ বিশেষভাৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ২০ নং মথনগুৰি সমষ্টি৷ কিয়নো  পূৰ্বৰ জনপ্ৰিতিনিধিসকলে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাকে ধৰি সাধাৰণ ৰাইজক বাৰাম্বাৰ বিভিন্ন ধৰণে প্ৰতাৰণা কৰি আহিছে৷ সেয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ একাংশ প্ৰতিবাদমুখৰ, সংগ্ৰামী আৰু কৰ্মদ্যোমী একাংশ প্ৰগতিশীল যুৱনেতাই এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে৷ ফলত এইবাৰৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা যে  ৰাইজে নতুন মুখৰ সন্ধানত নামি পৰিছে সেয়াও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷

যুৱ নেতা সাজাহান আলী আহমেদ (ফাইল ফটো)

এইক্ষেত্ৰত বিগত প্ৰায় এক দশকৰ পৰা ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা তথা ২০১৫ চনৰ পৰা চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন.আৰ.চিত গোটেই অসম ব্যাপি দৰিদ্ৰ ভূক্তভোগী জনতাৰ কাষত থিয় দিয়া প্ৰাক্তন আমছু নেতা তথা ডি ভোটাৰ গৱেষণা কেন্দ্ৰৰ মুখ্য সমন্বয়ক, সাধাৰণ তথা দৰিদ্ৰ জনতাৰ আপোন, যুৱ লেখক, সাংবাদিক সাজাহান আলী আহমেদৰ নাম সৰ্বত্ৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। জনতাৰ চকুত ইতিমধ্যেই যোগ্য প্ৰাৰ্থী হিচাপে স্বীকৃতি পোৱা সাজাহান আলী আহমেদৰ ঘণিষ্ঠ মহলৰ পৰা জানিব পৰা মতে তেওঁ কোনটো দলৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেই বিষয়ে এতিয়ালৈকে কোনো ৰাজনৈতিক দলৰ লগত যোগাযোগ কৰা নাই যদিও একাধিক ৰাজনৈতিক দলৰ পৰা যোগদান কৰাৰ বাবে আমন্ত্ৰণ অহা বুলি জানিব পৰা গৈছে৷ সূত্ৰটোৰ পৰা জানিব পৰা মতে যুৱ নেতা সাজাহান আলী আহমেদে এইবেলি পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সম্পূৰ্ণ ৰূপে প্ৰস্তুত বুলিও দাবী কৰিছে৷ এইক্ষেত্ৰত দল বাছনি বা অইন ৰাজনৈতিক সিদ্ধান্তৰ বাবে তেওঁ সমষ্টিৰ সচেতন ভোটাৰকে ধৰি বিভিন্ন সংগঠন, বিশিষ্ট নাগৰিকসকলৰ সৈতে আলোচনা অথবা পৰামৰ্শ লোৱাৰ কথা জানিব পৰা গৈছে৷ সূত্ৰটোৱে লগতে জানিবলৈ দিয়া মতে আহমেদে ডি ভোটাৰ, এন আৰ চিৰ লগতে সমষ্টিটোৰ ১০০০ যুৱ-যুৱতীক নিশ্চিত নিয়োগৰ পৰিকল্পনা আৰু উন্নয়ন তথা পৰিবৰ্তনৰ শ্ল’গান লৈ ইতিমধ্যেই সমষ্টিটোৰ চুকে-কোণে সোমাই পৰা পৰিলক্ষিত হৈছে৷

পিছপৰি থকা নাই এবছু সমৰ্থিত ইউপিপিএল আৰু সাংসদ নৱকুমাৰ শৰণীয়াৰ নৱগঠিত ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টিয়েওঁ৷ যোৱা বেলি বিপিএফ দলে দখল কৰা সমষ্টিটোৰ বিভিন্ন প্ৰান্তত পৰিৱৰ্তনৰ বাবে চলিছে বুবু-বাবা। বিটিচিৰ শাসনাধিষ্ঠিত বিপিএফ দলৰ পৰা বৰ্তমানৰ এমচিএলএ গৌতম দাস, প্ৰাক্তন এমচিএলএ মাখন স্বৰ্গীয়াৰী, মথনগুৰী সমষ্টিৰ ব্লক পৰ্যায়ৰ সভাপতি খনিন্দ্ৰ ব্ৰহ্ম (গবলা) আৰু যোৱাবেলি বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভ কৰি বিপিএফৰ হাতত পৰাস্ত হোৱা প্ৰবীন দাসেও এইবেলি বিপিএফৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি জানিব পৰা গৈছে৷ একেদৰে যোৱাবেলিৰ নিৰ্দলীয় পৰাজিত প্ৰাৰ্থী তথা বিজেপি সভাপতি ৰঞ্জিত দাসৰ ঘণিষ্ঠ নীলকমল দাস আৰু বিনয় বৈশ্যই বিপিএফৰ মিত্ৰ দল বিজেপিৰ পৰা প্ৰাৰ্থীত্বৰ বাবে দাবীদাৰ বুলি জানিব পৰা গৈছে৷ আনহাতে এবছু সমৰ্থিত ইউপিপিএল দলৰ পৰা দলটোৰ সংখ্যালঘু কোষৰ সভাপতি হানিফ আলী আহমেদক প্ৰক্ষেপ কৰা এক প্ৰকাৰ নিশ্চিত বুলি তেওঁ জানিবলৈ দিছে৷
ইফালে বিভিন্ন দল সংগঠন, বিশেষকৈ অবড়ো ৰাইজৰ ভোটেৰে দুবাৰকৈ কোকৰাঝাৰ লোকসভা দখল কৰা সাংসদ নৱ কুমাৰ শৰণীয়াই গঠন কৰা গণ সুৰক্ষা পাৰ্টিয়েও প্ৰক্ষেপ কৰিব প্ৰাৰ্থী৷ সাংসদগৰাকীৰ উদ্দেশ্যৰ প্ৰতি দল গঠনৰ দিনৰ পৰাই আৰএছএছৰ প্ৰসঙ্গৰে বিভিন্ন দল-সংগঠনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা দলটোৰ পৰাও প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিব৷ সেয়ে যোৱাবেলি নিৰ্বাচনত অবড়ো সংগঠনৰ সমৰ্থনত অৱতীৰ্ণ হৈ পৰাজয়বৰণ কৰা বীজ ভাণ্ডাৰ ব্যৱসায়ী গাজিবৰ ৰহমানে প্ৰাৰ্থীত্ব বিচাৰি আছে বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে যোৱাবেলি নিৰ্বাচনত পৰাজয় বৰণ কৰি অবড়ো সংগঠনৰ লগত বৃহৎ ফাট মেলিছিল গাজিবৰ ৰহমানৰ আৰু দলে-বলে যোগদান কৰিছিল কংগ্ৰেছ দলত৷ এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলীয়ে দলটোৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা এক প্ৰকাৰ নিশ্চিত বুলি তেওঁ দাবী কৰিছে যদিও লক্ষণীয়ভাৱে শৰণীয়াৰ নতুন দল গঠনকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এবিএমছুৰ কেন্দ্ৰীয় নেতৃবৃন্দই৷  বিটিচত শক্তিহীন কংগ্ৰেছ আৰু এআইইউডিএফ দলে কুচকাৱাজ অব্যাহত ৰাখিছে যদিও প্ৰাৰ্থী প্ৰক্ষেপ কৰা-নকৰা বিষয়ত সুস্থিৰ সিন্ধান্তত উপনীত হোৱা নাই৷ নিৰ্বাচনী এনে সমীকৰণত সমষ্টিটোৰ পৰা ভোটাৰ ৰাইজে বিচৰা ধৰণে  ৰাজনৈতিক দলসমূহে যোগ্যজনক প্ৰাৰ্থীত্ব প্ৰদান কৰিব নে নাই সেয়া সময়ত লক্ষণীয় হ’ব৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি