Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:02 pm

Home » আঞ্চলিক » হাতীগাঁৱত বৃদ্ধি পাইছে তীব্র যানজট :কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন-পৌৰ নিগম

হাতীগাঁৱত বৃদ্ধি পাইছে তীব্র যানজট :কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন-পৌৰ নিগম

  • পার্কিঙৰ বাবে ৰখা ঠাইত অবৈধ দোকান ভাড়া দি ধন ঘটিছে অট্টালিকাৰ গৰাকীয়ে
  • পৌৰনিগমৰ অনুজ্ঞা পত্র নথকা হোটেলত অস্বাস্থ্যকৰ পৰিৱেশত অবাধে বিক্ৰী কৰিছে খাদ্যবস্তু
গুৱাহাটীঃ গুৱাহাটী মহনগৰীৰ হাতীগাঁৱৰ মাজেৰে যােৱা দিছপুৰ ৰাজধানী মছজিদ-ভেটাপাৰা পথছােৱা বিগত কেইমাহ ধৰি ব্যাপক যানজট হােৱাৰ অন্যতম কাৰণ হৈছে হাতীগাঁও চাৰিআলিস্থিত ডি. জি. মার্কেট কমপ্লেক্স। কিয়নাে ডি. জি. মাকের্ট কমপ্লেক্স নির্মাণ কৰি স্বত্বাধিকাৰীগৰাকীয়ে বৃহৎ অট্টালিকটোত ভাড়া দি ধন আদায় কৰি আহিছে যদিও ইমান ডাঙৰ অট্টালিকাৰ বিপৰীতে কোনাে পার্কিঙৰ ঠাই ৰখা নাই।

যিখিনি ঠাই পার্কিঙৰ বাবে পৌৰনিগমক দেখুওৱা হৈছে সেই ঠাইখিনিতাে চাৰিখনকৈ দোকান ভাড়া দি আজিও ধন ঘটি আছে কমপ্লেক্সৰ স্বত্বাধিকাৰীগৰাকীয়ে। ফলত কমপ্লেক্সত দোকান-পােহাৰ, কার্যালয়ৰ বাবে ভাড়াত লােৱা সকলােৱে মূল পথৰ দাঁতিত নিজৰ গাড়ীসমূহ ৰখাই থােৱাৰ বাবে এই পথছােৱাত ব্যাপক যানজট সৃষ্টি হৈছে আহিছে আৰু যাৰ ফল গুৱাহাটীবাসীয়ে ভােগ কৰিবলগীয়া হৈছে।
ইপিনে উক্ত কমপ্লেক্সৰ বিপৰীতে পাৰ্কিঙৰ বাবে ৰখা ঠাইখিনিত চাৰিখনকৈ দোকান ভাড়াত দিয়া হৈছে। যিসমূহ দোকানৰ এটাৰাে নাই পৌৰনিগমৰ অনুজ্ঞা পত্র তথা ট্রেড লাইচেঞ্চ। ইয়াৰে প্রথমটো দোকান হৈছে ইছলামীয়া হােটেল। এইইছলামীয়া হােটেলৰ স্বত্বাধিকাৰীগৰাকীৰ নাম আব্দুল খায়েৰ। ঘৰ হােজাই জিলাৰ যমুনামুখত। দীর্ঘদিন ধৰি সেই স্থানত হােটেলৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি আহিছে। কোনাে ধৰণৰ অনুজ্ঞা পত্র নােহােৱাকৈ হােটেলখনত অস্বাস্থ্যকৰ পৰিৱেশত গাে-মাংসকে ধৰি অন্যান্য খাদ্যবস্তু কৰি অহাৰ লগতে হােটেলৰ নামত মদৰ আড্ডা চলা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। হােটেলখনৰ গৰাকীৰ এনে কাণ্ডই সচেতন মহলৰ দৃষ্টিগােচৰ হৈছে। একেদৰে বাকী তিনিখন দোকানেও সংশ্লিষ্ট বিভাগৰ কোনাে অনুজ্ঞাপত্ৰ নােহােৱাকৈ নিজৰ মইমতালিৰে চলাই আহিছে।

উল্লেখ্য যে এই সমগ্র ঘটনা সন্দৰ্ভত প্রায় এমাহ পূর্বে হাতীগাঁৱৰ এজন সচেতন নাগৰিকে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ডাকযােগে অভিযােগ দাখিল কৰিছিল যদিও আজিকোপতি কামৰূপ মহানগৰ জিলা প্রশাসনৰ খাদ্য আৰু যােগান বিভাগ আৰু গুৱাহাটী পৌৰ নিগমেও কোনাে কার্যকৰী ব্যৱস্থা হাতত লােৱা পৰিলক্ষিত হােৱা নাই। অৱশ্যে এই প্রতিবেদন প্রকাশ পােৱাৰ পিছত সংশ্লিষ্ট কর্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি