হাতীগাঁৱত বৃদ্ধি পাইছে তীব্র যানজট :কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন-পৌৰ নিগম
পার্কিঙৰ বাবে ৰখা ঠাইত অবৈধ দোকান ভাড়া দি ধন ঘটিছে অট্টালিকাৰ গৰাকীয়ে পৌৰনিগমৰ অনুজ্ঞা পত্র নথকা হোটেলত অস্বাস্থ্যকৰ পৰিৱেশত অবাধে বিক্ৰী কৰিছে খাদ্যবস্তু গুৱাহাটীঃ গুৱাহাটী মহনগৰীৰ হাতীগাঁৱৰ মাজেৰে যােৱা দিছপুৰ ৰাজধানী মছজিদ-ভেটাপাৰা পথছােৱা বিগত কেইমাহ ধৰি ব্যাপক যানজট হােৱাৰ অন্যতম কাৰণ হৈছে হাতীগাঁও চাৰিআলিস্থিত ডি. জি. মার্কেট কমপ্লেক্স। কিয়নাে ডি. জি. মাকের্ট কমপ্লেক্স নির্মাণ কৰি স্বত্বাধিকাৰীগৰাকীয়ে বৃহৎ অট্টালিকটোত ভাড়া দি ধন আদায় কৰি আহিছে যদিও ইমান ডাঙৰ অট্টালিকাৰ বিপৰীতে কোনাে পার্কিঙৰ ঠাই ৰখা নাই। যিখিনি ঠাই পার্কিঙৰ বাবে পৌৰনিগমক দেখুওৱা হৈছে সেই ঠাইখিনিতাে চাৰিখনকৈ দোকান ভাড়া দি আজিও ধন ঘটি আছে কমপ্লেক্সৰ স্বত্বাধিকাৰীগৰাকীয়ে। ফলত কমপ্লেক্সত দোকান-পােহাৰ, কার্যালয়ৰ বাবে ভাড়াত লােৱা সকলােৱে মূল পথৰ দাঁতিত নিজৰ গাড়ীসমূহ ৰখাই থােৱাৰ বাবে এই পথছােৱাত