Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:58 am

Home » আঞ্চলিক » এন আৰ চিত নাম নাথাকিলেও কর্তন কৰা নহয় ভোটাধিকাৰ

এন আৰ চিত নাম নাথাকিলেও কর্তন কৰা নহয় ভোটাধিকাৰ

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীত নাম অন্তর্ভুক্ত নোহোৱাসকলৰ ভোটাধিকাৰ কর্তন কৰা নহয়৷ আনকি তেওঁলোকক ‘ডি’ ভোটাৰ অর্থাৎ সন্দেহজনক ভোটাৰ হিচাপেও গণ্য কৰা নহ’ব৷ চূড়ান্ত ৰাষ্ট্রীয় নাগৰিকপঞ্জীত নাম নথকা লোকসকলৰ ভৱিষ্যতক লৈ বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ সময়তে আজি এই কথা প্রকাশ কৰিছে দেশৰ নির্বাচন আয়োগে৷ ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই আজি নির্বাচন আয়োগে প্রকাশ কৰিছে যে, নাগৰিকপঞ্জীত নাম নাথাকিলেও কোনো লোকে চিন্তা কৰাৰ প্রয়োজন নাই৷

কিয়নো তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন কৰা নহয়৷ আনহাতে তেওঁলোকক ‘ডি’ ভোটাৰ অর্থাৎ সন্দেহজনক ভোটাৰ হিচাপেও গণ্য কৰা নহ’ব৷ অৱশ্যে বিদেশী ন্যায়াধিকৰণে কোনো এজন লোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছত আয়োগে বিধিসন্মত ব্যৱস্থা গ্রহণ কৰিব৷ ইফালে ৰাজ্যত পূর্বৰে পৰাই যি ১.২ লাখ ‘ডি’ ভোটাৰ আছে, উক্ত লোকসকলৰ ক্ষেত্রত পূর্বৰ স্থিতিয়েই বাহাল থাকিব বুলিও কয় আয়োগে৷
প্রণিধানযোগ্য যে, নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত ১৯ লাখ লোকৰ নাম অন্তর্ভুক্ত নোহোৱাৰ পাছতেই সমগ্র দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ দেশ-বিদেশৰ সংবাদ মাধ্যমসমূহৰ লগতে ৰাষ্ট্রসংঘয়ো নাগৰিকপঞ্জীত নাম নথকা উক্ত লোকসকলৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছিল৷ ইয়াৰ পাছতেই কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে নাগৰিকপঞ্জীত নাম নথকা মানেই কোনো লোক বিদেশী নহয় বুলি ঘোষণা কৰি নাম কর্তন যোৱা প্রতিজন লোকেই যাতে বিদেশী ন্যায়াধিকৰণত আপীল কৰিব পাৰে তাৰ বাবে সকলো সা-সুবিধা প্রদান কৰা হ’ব বুলি প্রকাশ কৰিছিল৷
কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ এই স্থিতিৰ পাছতেই আজি নির্বাচন আয়োগে নাগৰিকপঞ্জীত নাম নথকাসকলক সকাহ প্রদান কৰি তেওঁলোকে ভোটদান কৰিব পাৰিব বুলি ঘোষণা কৰে৷ আয়োগৰ এই সিদ্ধান্তৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা নকৰা পর্যন্ত নাগৰিকপঞ্জীত নাম নথকা লোকসকলে আন আন লোকসকলৰ দৰেই সকলো সা- সুবিধা লাভ কৰি থাকিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি