Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:36 pm

Home » আঞ্চলিক » ২০১৭ চনৰ পাছৰ ডি এল এড ডিগ্রী মূল্যহীন

২০১৭ চনৰ পাছৰ ডি এল এড ডিগ্রী মূল্যহীন

গুৱাহাটী : সম্পূর্ণ ৭ বছৰৰ মূৰত ৰাজ্যত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া টে’টক লৈ শিক্ষিত নিবনুৱাৰ মাজত উৎসুকতা বৃদ্ধি পাইছে৷ কিন্তু নিম্ন আৰু উচচ প্রাথমিকৰ বাবেদ্বিতীয়বাৰ টে’ট অনুষ্ঠিত কৰিবলৈ লৈ শিক্ষা বিভাগে এটাৰ পাছত আন এটা সিদ্ধান্ত সলনিৰে বিভ্রান্তি সৃষ্টি কৰি আহিছে৷ আজি শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ২০১৭ চনৰ পাছৰ ডি এল এড ডিগ্রী মূল্যহীন বুলি ঘোষণা কৰাৰ পাছত নতুন বিতর্কৰ সূচনা হৈছে৷
২০১৭ চনৰ পাছত কোনো শিক্ষানুষ্ঠানে ডি এল এড পাঠ্যক্রমৰ নামভর্তি অব্যাহত ৰাখিলেও সেয়া অবৈধ বুলি তেওঁ ঘোষণা কৰে৷ শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ পাছত একাংশই ‘বেক ডেট’ত ডি এল এড উত্তীর্ণৰ ভুৱা প্রমাণ-পত্র উলিয়াবলৈ চেষ্টা কৰাৰ প্রসংগলৈ আঙুলিয়াই দি সেইসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ হুংকাৰ দিছে শিক্ষামন্ত্রীগৰাকীয়ে৷ উল্লেখযোগ্য যে শিক্ষা বিভাগে প্রথমাৱস্থাত টে’টত অৱতীর্ণ হ’বলৈ বি এড, ডি এল এড বাধ্যতামূলক নহয় বুলি কৈছিল৷ কিন্তু পৰৱর্তী সময়ত এই ডিগ্রী বাধ্যতামূলক কৰা হয়৷ সিদ্ধান্ত সলনিৰ বাবেই টে’ট সন্দর্ভত দুবাৰকৈ বিজ্ঞাপন সলনি কৰিবলগীয়াত পৰে শিক্ষা বিভাগ৷
বি এড আৰু ডি এল এড বাধ্যতামূলক নহয় বুলি প্রথমতে লোৱা সিদ্ধান্তৰ বাবে অভিলেখসংখ্যক নিবনুৱাই আৱেদন কৰিছিল৷ পৰৱর্তী সময়ত সিদ্ধান্ত সলনি কৰাত উক্ত ডিগ্রী নথকা হাজাৰ হাজাৰ নিবনুৱা টে’টত অৱতীর্ণ হোৱাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হ’ল৷ ইয়াক লৈ বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হোৱাত আৱেদন কৰিও চর্ত অনুসৰি টে’টত অৱতীর্ণ হোৱাৰ পৰা বঞ্চিত প্রার্থীসকলক আৱেদনৰ লগত জমা দিয়া ৩০০ টকাৰ মাচুল ঘূৰাই দিব বুলিও শিক্ষা বিভাগে প্রকাশ কৰিছিল৷ অৱশ্যে এতিয়ালৈ সেয়া কার্যকৰী হোৱা নাই৷ সঠিক সিদ্ধান্ত লোৱাত হীন-দেড়িৰ বাবেই টে’টৰ পূর্বনির্ধাৰিত তাৰিখ ১০ নৱেম্বৰলৈ পিছুৱাই দিছে৷ তাৰ মাজতে ডি এল এড সম্পর্কত আজি শিক্ষামন্ত্রীয়ে কৰা ঘোষণাই প্রার্থীক নতুন চাপত ৰাখিব৷ ইফালে শিক্ষা বিভাগে আগবেলা নিম্ন প্রাথমিকৰ বাবে আৰু পিছবেলা উচচ প্রাথমিকৰ টে’ট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ উচচ আৰু নিম্ন প্রাথমিক উভয়তে আৱেদন কৰা প্রার্থীসকল এইক্ষেত্রত সমস্যাৰ সন্মুখীন হ’ব৷ আনহাতে প্রথমবাৰৰ বাবে ছেবাৰ পাঠ্যক্রমত বাণিজ্য বিষয় অন্তর্ভুক্ত হ’ল৷
২০২০ বর্ষৰ শিক্ষা বর্ষৰ পৰা নৱম শ্রেণীৰ শিক্ষার্থীয়ে বাণিজ্য বিষয়ক ঐচিছক বিষয় হিচাপে ল’ব পাৰিব৷ ২০২১ চনত দশম শ্রেণীতো বাণিজ্য বিষয় অন্তর্ভুক্ত হ’ব৷ আজি ছেবাৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ‘এন ইনট্র’ডাকশ্যন টু্য কমার্চ’ শীর্ষক পাঠ্যপুথি উন্মোচন কৰে৷ অনুষ্ঠানত উপস্থিত থাকি ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে কয় যে বিদ্যালয়সমূহত বাণিজ্য বিষয়ৰ শিক্ষকৰ অভাৱ পূৰণৰ বাবে পর্যায়ক্রমে ব্যৱস্থা গ্রহণ কৰা হ’ব৷
সদ্যহতে বিভিন্ন বিদ্যালয়ৰ শিক্ষকক বাণিজ্য বিষয়ৰ বিশেষ প্রশিক্ষণ দিব ছেবাই৷ তদুপৰি ‘টে’ট’ৰ যাৱতীয় প্রস্তুতিৰ সম্পর্কত আজি অসমৰ শিক্ষামন্ত্রীয়ে শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব, সমগ্র শিক্ষাৰ মিছন সঞ্চালক, প্রাথমিক শিক্ষা বিভাগৰ সচিব, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষৰ লগতে অন্যান্য বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়৷ এই সম্পর্কত হোৱা বিশদ আলোচনাৰ সময়ত অন্যান্য বিষয়ৰ লগতে প্রার্থীসকলে নির্বাচন কৰিবলগীয়া ‘জ’ন’ৰ বিষয়টোৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়৷ বৈঠকত উল্লেখ কৰা হয় যে ইচছুক প্রার্থীসকলে নির্বাচন কৰা ‘জ’ন’ৰ অধীনৰ নির্দিষ্ট জিলাসমূহতহে ‘টে’ট’ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত শিক্ষকৰ চাকৰিৰ বাবে আৱেদন কৰিব পাৰিব৷
প্রার্থীসকলে নির্বাচন কৰা ‘জ’ন’ৰ অধীনৰ জিলাসমূহৰ বাদে আন ‘জ’ন’ৰ অধীনৰ জিলাসমূহত শিক্ষকৰ চাকৰিৰ বাবে আৱেদন কৰিব নোৱাৰিব৷ আনহাতে নিজে নির্বাচন কৰা জ’নৰ অধীনৰ জিলাত শিক্ষকৰ চাকৰি লাভ কৰাৰ পাছত সেই শিক্ষকসকলে আন ‘জ’নৰ অধীনৰ জিলাসমূহলৈ বদলিৰ বাবে আৱেদন কৰিব নোৱাৰিব আৰু শিক্ষা বিভাগে কোনো পৰিস্থিতিতে তেনেধৰণৰ বদলি কৰাৰ পৰা বিৰত থাকিব৷ টে’ট অৱতীর্ণ কোনো প্রার্থীয়ে ভুৱা নথি বা ৰচিদেৰে মিছাকৈ ডি এল এড বা বি এড পঢ়ি থকা দেখুৱাই টে’ট পৰীক্ষাত অৱতীর্ণ হৈ সেই পৰীক্ষাত উত্তীর্ণ হ’লেও তেওঁ দাখিল কৰা আৱেদনৰ তথ্য ভুৱা বুলি ভৱিষ্যতে প্রমাণিত হ’লে তেওঁৰ ‘টে’ট’ উত্তীর্ণ হোৱাৰ প্রমাণপত্রখনক অবৈধ বুলি গণ্য কৰা হ’ব বুলিও আজি শিক্ষা বিভাগে ঘোষণা কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি