Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:47 am

Home » আঞ্চলিক » অনলাইন ভোটাৰ কার্ড শুধৰণি কৰিবলৈ গৈ বিপাঙত ভোটাৰ

অনলাইন ভোটাৰ কার্ড শুধৰণি কৰিবলৈ গৈ বিপাঙত ভোটাৰ

  • অধিকাংশ সময়হৈ ফেইল হৈ থাকে ৱেবছাইটৰ লিংক
  • নিৰ্বাচন আয়োগে জাৰি কৰা এই বিজ্ঞাপন বাস্তৱ ক্ষেত্রত ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ

গুৱাহাটী : ১৮ বছৰ অতিক্রম কৰা যুৱক-যুৱতীসকলে অনলাইন যোগে নিজৰ নাম অন্তর্ভুত্তু কৰাৰ লগতে ভোটাৰ পৰিচয় পত্রত যদি নাম ভুল হৈ আছে অথবা স্হান সলনি আৰু কর্তন কৰিবলগীয়া আছে আৰু বিবাহিত মহিলাসকলে ভোটাৰ স্হান স্হানান্তিৰত কৰিবলৈ যাওঁতে নিজ পিতৃগহৰ উপাধি সলনি নকৰিবৰ বাবে দেশৰ নির্চন আয়োগে অলপতে এক বিজ্ঞাপনৰ জৰিয়তে অন লাইনযোগে কামসমূহ সম্পাদন কৰিবৰ বাবে www.nvsp.in ৱেবছাইটটো মুকলি কৰি দিছিল৷
ইয়াৰ লগতে বিজ্ঞাপনটোত ভোটাৰ ৰাইজে ভোটাৰ পৰিচয় পত্রৰ শুধৰণি, নাম কর্তন, স্হান সলনি আদি কৰাৰ ক্ষেত্রত প্রয়োজন সাপেক্ষে নিজ নিজ ভোট কেন্দ্রৰ বি এল অ’সকলৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও উল্লেখ কৰিছিল যদিও কার্যতঃ নিৰ্বাচন আয়োগে জাৰি কৰা এই বিজ্ঞাপন বাস্তৱ ক্ষেত্রত ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উঠিছে৷
যিহেতু যিসকল ভোটাৰ ৰাইজে নির্চন আয়োগে প্রকাশ কৰা বিজ্ঞাপনৰ বিষয়ে অৱগত হৈছিল তেওঁলোকে নিজ নিজ অঞ্চলৰ নির্চনী বিষয়া কার্লয়ত উপস্হিত হৈ ভোটাৰ পৰিচয় পত্র শুধৰণি কৰিবলৈ হেতা-ওপৰা কৰিছে যদিও নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ লিংক ফেইল হোৱাৰ বাবে এটাৰ পাছত আন এটা দিন নির্চনী বিষয়া কার্লয়ৰ সন্মুখত ভোটাৰ ৰাইজে সময় পাৰ কৰিবলগীয়াত পৰিছে৷
অনলাইন সেৱাত নিযোজিত কর্মচাৰীসকলেও লিংক ফেইলৰ অজুহাত দেখুওৱাই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে৷ ফলত স্বয়ং নির্চনী বিষয়াৰ কার্লয়ত দেখা দিয়া এনে সমস্যাৰ বাবে বহুলোকে অন্যান্য ইণ্টাৰনেট সেৱা প্রদান কৰা ব্যত্তিুগত ব্যাৱসায়িক প্রতিষ্ঠানসমূহত ভিৰ কৰিছে যদিও তাতো নির্চন আয়োগে জাৰি কৰা ৱেবছাইটটো খোল নুখুৱা বাবেই ভোটাৰ ৰাইজে ভোটাৰ পৰিচয় পত্র শুধৰণি কৰিব পৰা নাই৷ ইফালে বিজ্ঞাপনত প্রকাশ কৰা অনুযায়ী এই শুধৰণি প্রক্রিয়া অনলাইন যোগে ৫ অক্টোবৰলৈকেহে পাৰিব৷
এই তাৰিখ অতিক্রম কৰাৰ পাছত অনলাইন যোগে ভোটাৰ পৰিচয় পত্র শুধৰণি কৰিবৰ বাবে ভোটাৰ ৰাইজে সুবিধা লাভ নকৰিব৷ তেনেস্হলত নির্চন আয়োগৰ নিদের্শনা আৰু আয়োগে জাৰি কৰা ৱেবছাইটে দেখুওৱা সমস্যাৰ বাবে ইতিমধ্যে সর্বস্তৰৰ লোকেই বিপাঙত পৰিছে৷ এইখিনতে উল্লেখ কৰাৰ প্রয়োজন যে নির্চন আয়োগে জাৰি কৰা ৱেবছাইটটোত প্রৱেশ কৰিবলৈ হ’লে অনলাইনযোগে নিজৰ ম’বাইল ফোন নম্বৰ, পৰিচয় পত্রৰ ই পি আই চি নম্বৰ দি আৱেদনকাৰীয়ে নিজৰ নামটো প্রথমে পঞ্জীয়ন কৰিব লাগে৷ পৰৱর্ত্তী সময়ত ৱেবচাইটটোত উল্লেখ কৰা নিদিষ্ট নিদের্শনাৱলী পর্য়ক্রমে পূৰণ কৰিব লাগে৷
কিন্তু পঞ্জীয়ন কৰিবলৈ আৱেদনকাৰীয়ে ৱেবছাইটটোত প্রৱেশ কৰিলে যি ম’বাইল ফোন নম্বৰ ব্যৱহাৰ কৰে উত্তু নম্বৰত তাৎক্ষণিকভাৱে অ টি পি (ৱান টাইম পাছৱর্ড) আহিব লাগে যদিও এইয়া তাৎক্ষণিকভাৱে সম্ভৱ হৈ নুঠে৷ যদিও কিবা কাৰণত অ টি পি কিছু সময়ৰ ভিতৰত আৱেদনকাৰীৰ ম’বাইল ফোনলৈ আহে তথাপিও পৰৱর্তী সময়ত পর্য়ক্রমে উল্লিখিত নিদের্ৱলীসমূহ পূৰণ কৰিলেও ইয়াক (ছাবমিট)দাখিল কৰিব পৰা নায়ায়৷
বহুবাৰ চেষ্টা কৰিও আৱেদনকাৰীয়ে নির্চন আয়োগে জাৰি কৰা বেৱছাইটটোত সফলভাৱে নিজৰ ভোটাৰ পৰিচয় পত্রৰ শুধৰণি কৰিবলৈ সক্ষম নোহোৱাত বিশেষকৈ শিৱসাগৰ জিলাখনত যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ যদি অনলাইন ব্যৱস্হাটো অহা ১৫ অক্টোবৰলৈকে এনেকৈ থাকে তেতিযাহ’লে কর্মসূত্রে যি সকল লোকে নিজ জিলাখনৰ বাহিৰত আছে নিশ্চিতভাৱে তেনে লোকসকল সমস্যাৰ সন্মুখীন হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি