Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:08 am

Home » আঞ্চলিক » উপ-নিৰ্বাচন : বিজেপিয়ে চূড়ান্ত কৰিলে ৩টা সমষ্টিৰ বাবে প্রার্থীৰ পেনেল

উপ-নিৰ্বাচন : বিজেপিয়ে চূড়ান্ত কৰিলে ৩টা সমষ্টিৰ বাবে প্রার্থীৰ পেনেল

গুৱাহাটী : সমাগত উপ-নির্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে প্রার্থীৰ পেনেল প্রস্তুত কৰি সাজু হৈছে৷ ইতিমধ্যে ৰঙাপৰাৰ পৰা প্রচাৰ অভিযান আৰম্ভ কৰা ৰাজ্যিক বিজেপিয়ে আজি তিনিটা সমষ্টিৰ পেনেল চূড়ান্ত কৰে৷
আনহাতে জনিয়া সমষ্টিৰ পেনেল প্রস্তুত কৰিবলৈ সক্ষম নোহোৱাত আজি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক সম্পূর্ণ কর্তৃত্ব প্রদান কৰে পেনেল প্রস্তুত কৰিবৰ বাবে৷ লক্ষণীয় যে নির্বাচন আয়োগে উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমৰ সোণাৰী, ৰঙাপৰা, ৰাতাবাৰী আৰু জনিয়া সমষ্টি দখলৰ বাবে পূর্ণ প্রস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ আজি সন্ধিয়া ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত দলৰ নির্বাচনী সমিতিৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয় দলৰ প্রার্থীৰ পেনেল প্রস্তুত কৰিবৰ বাবে৷
দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠিত কেইবাঘণ্টাজোৰা বৈঠকত সোণাৰী, ৰঙাপৰা আৰু ৰাতাবাৰীৰ তিনিজনীয়া পেনেল প্রস্তুত কৰা হয়৷ লক্ষণীয়ভাৱে তপন গগৈ সাংসদ হোৱাৰ পাছত খালী হোৱা সোণাৰী সমষ্টিৰ প্রার্থী বাছনিত আজি নির্বাচনী সমিতি সর্বাধিক সমস্যাৰ সন্মুখীন হয়৷
ব্যাপক আলোচনাৰ পাছত সোণাৰীত ৰাজ্যিক কার্যনির্বাহক সদস্য নৱনীতা সন্দিকৈ, তপন গগৈৰ অত্যন্ত ঘনিষ্ঠ স্বাক্ষৰজ্যোতি গগৈ আৰু প্রবীণ বিজেপি সদস্য অনুপ সিং ৰাজপুৰোহিতক তিনিজনীয়া পেনেলত স্থান দিয়া হয়৷ লক্ষণীয় যে সমষ্টিৰ প্রার্থিত্বৰ তালিকাত সর্বাধিক চর্চিত নাম মুখ্যমন্ত্রী সোণোৱালৰ অত্যন্ত ঘনিষ্ঠ তথা প্রাক্তন আছুনেতা ৰঞ্জিত বৰুৱা সোণাৰীৰ স্থানীয় ব্যক্তি নোহোৱা বাবে পেনেলত স্থান দিয়া নহ’ল৷
আনহাতে ৰঙাপৰা সমষ্টিত দলে মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ অত্যন্ত ঘনিষ্ঠ তেজপুৰৰ প্রাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ, বাতাছ ওৰাং আৰু কেশৱ উপাধ্যায়ক পেনেলত স্থান দিয়ে৷ আনহাতে ৰাতাবাৰী সমষ্টিত বিজয় মালাকাৰ, জয়দেৱ দাস আৰু সুনীল বীনক স্থান দিয়া হয়৷ প্রণিধানযোগ্য যে ২০১৬ চনৰ নির্বাচনত সমষ্টিৰ প্রার্থী কৃপানাথ মাল্লাক জয়ী কৰি দিছপুৰলৈ প্রেৰণ কৰাৰ ক্ষেত্রত সর্বাধিক অৰিহণা থকা তথা সন্মুখৰপৰা দলৰ নির্বাচনী অভিযানত নেতৃত্ব দিয়া অমৰেশ ৰয়কো দলে তিনিজনীয়া পেনেলত স্থান নিদিয়ে৷
ইফালে জনিয়া সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিয়ে আজি পেনেল প্রস্তুত কৰিবলৈ সক্ষম নহ’ল৷ আজি নির্বাচনী সমিতিয়ে এই পেনেল প্রস্তুত কৰিবৰ বাবে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক পূর্ণ কর্তৃত্ব প্রদান কৰে৷ তেওঁ আগন্তুক এদিন বা দুদিনৰ ভিতৰত জনিয়া সমষ্টিৰ পেনেল প্রস্তুত কৰিব বুলি জানিব পৰা গৈছে৷ দলে প্রস্তুত কৰা এই পেনেল ৰাষ্ট্রীয় সমিতিলৈ প্রেৰণ কৰিব৷ এই পেনেলত স্থান পোৱাসকলৰ মাজৰে চাৰিজনক সমাগত উপ-নির্বাচনৰ বাবে দলৰ ৰাষ্ট্রীয় সমিতিয়ে টিকট প্রদান কৰিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি