উপ-নিৰ্বাচন : বিজেপিয়ে চূড়ান্ত কৰিলে ৩টা সমষ্টিৰ বাবে প্রার্থীৰ পেনেল
গুৱাহাটী : সমাগত উপ-নির্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে প্রার্থীৰ পেনেল প্রস্তুত কৰি সাজু হৈছে৷ ইতিমধ্যে ৰঙাপৰাৰ পৰা প্রচাৰ অভিযান আৰম্ভ কৰা ৰাজ্যিক বিজেপিয়ে আজি তিনিটা সমষ্টিৰ পেনেল চূড়ান্ত কৰে৷ আনহাতে জনিয়া সমষ্টিৰ পেনেল প্রস্তুত কৰিবলৈ সক্ষম নোহোৱাত আজি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক সম্পূর্ণ কর্তৃত্ব প্রদান কৰে পেনেল প্রস্তুত কৰিবৰ বাবে৷ লক্ষণীয় যে নির্বাচন আয়োগে উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসমৰ সোণাৰী, ৰঙাপৰা, ৰাতাবাৰী আৰু জনিয়া সমষ্টি দখলৰ বাবে পূর্ণ প্রস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ আজি সন্ধিয়া ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত দলৰ নির্বাচনী সমিতিৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয় দলৰ প্রার্থীৰ পেনেল প্রস্তুত কৰিবৰ বাবে৷ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ