Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:18 pm

Home » সম্পাদকীয় » আমেৰিকাৰ হিউষ্টনৰ NRG ষ্টেডিয়ামত নজিৰবিহীন HOWDY MODI অনুষ্ঠান

আমেৰিকাৰ হিউষ্টনৰ NRG ষ্টেডিয়ামত নজিৰবিহীন HOWDY MODI অনুষ্ঠান

  • হিউষ্টনৰ NRG ষ্টেডিয়ামৰ HOWDY MODI অনুষ্ঠানত পলমকৈ উপস্থিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
  • ৰাষ্ট্ৰপতি ট্ৰাম্পক উচ্চ প্ৰশংসা মোদীৰ : ‘অব কী বাৰ ট্ৰাম্প চৰকাৰ’
  • সন্ত্ৰাসবাদৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীৰ হুংকাৰ : টেক্সাছৰ হিউষ্টনত জম্মু–কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰসঙ্গ
  • নাম উচ্চাৰণ নকৰাকৈয়ে ড’নাল্ড ট্ৰাম্পৰ সন্মুখতে পাকিস্তানক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰশ্ন কৰিলে 9/11 আৰু 26/11ৰ আক্ৰমণকাৰী ক’ত পোৱা হৈছিল?
  • নৰেন্দ্ৰ মোদীক আমেৰিকাৰ সবাতোকৈ বিশ্বাসী বন্ধু : ড’নাল্ড ট্ৰাম্প
  • আমেৰিকাত NRCৰ বিৰুদ্ধে প্ৰতিবাদ : মোদীৰ ভাষণৰ সময়তে ষ্টেডিয়ামৰ বাহিৰত প্ৰতিবাদ একাংশ প্ৰৱাসী ভাৰতীয়ৰ

ছৈয়দ বুলবুল জামানুৰ হকৰ প্ৰতিবেদন :

হিউষ্টনৰ NRG ষ্টেডিয়ামৰ HOWDY MODI অনুষ্ঠানত পলমকৈ উপস্থিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

HOWDY MODI। হিউষ্টনৰ NRG ষ্টেডিয়ামত ইতিহাস সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল বিশ্ববাসী। একেখন মঞ্চত উপবিষ্ট হ’ল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। একেখন মঞ্চতে আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে পৰিৱেশন কৰা হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ শীৰ্ষক গীতেৰে দেওবাৰে আৰম্ভ কৰা হ’ল হাউদি মোদী কাৰ্যসূচী৷
হিউছটনত আয়োজিত হাউদি মোদী কাৰ্যসূচীত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০হাজাৰ লোকক সম্বোধন কৰে। এনআৰজি ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ সন্মুখত মোদীয়ে ভাৰতীয় মূলৰ আমেৰিকানসকলক নিজৰ ভাষণৰ জৰিয়তে শক্তিশালী ভাৰতৰ ছবি দেখুৱালে, কিন্তু এই ইভেণ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প যথেষ্ট পলমকৈ উপস্থিত হয়। ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যথেষ্ট সময় অপেক্ষা কৰিবলগীয়া হয়।
কিয় পলম হ’ল ট্ৰাম্পৰ ?
নৰেন্দ্ৰ মোদীৰ ভাষণ নিশা ৯বাজি ২০মিনিটত আৰম্ভ হ’ল। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উপস্থিত ৰাইজক সম্বোধন কৰিবলগীয়া আছিল। কিন্তু হাউদি মোদী কাৰ্যসূচীত ট্ৰাম্প উপস্থিত হয় এঘণ্টা ৫মিনিট পলমকৈ অৰ্থাৎ নিশা ১০বাজি ২৫মিনিটত। হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা হৈছিল যে ৰাষ্ট্ৰপতিগৰাকীৰ পলম হোৱাৰ কাৰণ হিউছটনত বান। তেওঁ বানৰ কাৰণে ব্ৰিফিং ল’বলগীয়া হৈছিল। যোৱা কিছুদিনৰ পৰা হিউছটনৰ বতৰ ভাল নহয় আৰু প্ৰৱল বৰষুণৰ ফলত বহু ঠাইত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি ৫জন লোকে প্ৰাণ হেৰুৱাইছে বাঢ়নি পানীত।
‘Howdy Modi’ত ড’নাল্ড ট্ৰাম্পে দেওবাৰে নিশা ৯.৩৯মিনিটত ভাষণ দিবলগীয়া আছিল আৰু আধাঘণ্টাৰ সময় ইয়াৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছিল। ট্ৰাম্পৰ পলম হোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯.২০মিনিটত মঞ্চত উপস্থিত হয়। প্ৰায় আধাঘণ্টা কথা কৈ তেওঁ মঞ্চ ত্যাগ কৰে। ইয়াৰ পিছত ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁ পুনৰ মঞ্চত উঠে। দুয়োগৰাকী নেতাই মঞ্চত ইজনে সিজনৰ ভালেখিনি প্ৰশংসা কৰে।
ৰাষ্ট্ৰপতি ট্ৰাম্পক উচ্চ প্ৰশংসা মোদীৰ : ‘অব কী বাৰ ট্ৰাম্প চৰকাৰ’

HOWDY MODI অনুষ্ঠানত একেখন মঞ্চত উপবিষ্ট হ’ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। HOWDY MODI মঞ্চৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ কুশলে আছে বুলি ঘোষণা নৰেন্দ্ৰ কৰি আৰম্ভ কৰে ‘অব কী বাৰ ট্ৰাম্প কী চৰকাৰ’। সুদূৰ আমেৰিকাত এই উদাত্ত ভাষণৰ মাজত এই শ্লোগান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক বিভিন্ন উপমাৰে বিভূষিত কৰাৰ লগতে প্ৰশংসাৰে উপচাই দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাষণ প্ৰসংগত ট্ৰাম্পৰ কাৰ্যকালত ভাৰত-আমেৰিকাৰ সম্পৰ্ক অভূতপূৰ্ব স্তৰলৈ উন্নীত হৈছে বুলি উল্লেখ কৰে মোদীয়ে। ৫০ হাজাৰ প্ৰবাসী ভাৰতীয়ৰ সন্মুখত ড’নাল্ড ট্ৰাম্পক ভাৰতৰ প্ৰিয়তম বন্ধু আখ্যা দিয়ে প্ৰধানমন্ত্ৰীয়ে। ভাৰতত আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিছো। আমেৰিকাত এইবাৰ ট্ৰাম্প চৰকাৰ। মোদীয়ে কয়, ট্ৰাম্পক বেলেগ পৰিচয়ৰ প্ৰয়োজন নাই। কোটি কোটি মানুহে তেওঁৰ এটা এটা শব্দ অনুসৰণ কৰে। বিশ্ব ৰাজনীতিত ট্ৰাম্পৰ আসন অতি উচ্চ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীৰ হুংকাৰ : টেক্সাছৰ হিউষ্টনত জম্মু–কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰসঙ্গ
  • নাম উচ্চাৰণ নকৰাকৈয়ে ড’নাল্ড ট্ৰাম্পৰ সন্মুখতে পাকিস্তানক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰশ্ন কৰিলে 9/11 আৰু 26/11ৰ আক্ৰমণকাৰী ক’ত পোৱা হৈছিল?

টেক্সাছৰ হিউষ্টনত বিশ্বৰ সন্মুখত সন্ত্ৰাসবাদৰ বিৰুদ্ধে হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পাকিস্তানৰ নাম নোলোৱাকৈ দেশখনক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক বুলি মন্তব্য কৰি মোদীয়ে কয়- সন্ত্ৰাসবাদৰ বিৰুদ্ধে চূৰান্ত যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময় আহি পৰিল। ইপিনে ইছলামিক মৌলবাদী সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিব ভাৰত-আমেৰিকাই বুলি মন্তব্য কৰি ৫০ হাজাৰ ভাৰতীয়ৰ সন্মুখত প্ৰকাৰন্তৰে পাকিস্তানক সকীয়নি দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু–কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰো সমৰ্থন কৰি তেওঁ কয় যে, এই অনুচ্ছেদ ৩৭০ৰ কাৰণে ৰাজ্যখনত আতংকবাদ আৰু বিচ্ছিন্নতাবাদে গা কৰি উঠিছিল। ভাৰতে গ্ৰহণ কৰা সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপৰ দ্বাৰা কিছুমান মানুহে বৰ কষ্ট পাইছে। এনেকুৱা মানুহে নিজৰ দেশত ঘৃণা বিয়পাই দেশখনক দুৰ্বল কৰি তুলিছে। সংবিধানৰ ৩৭০ অনুচ্ছেদে জম্মু-কাশ্মীৰ আৰু লাডাখক বিকাশ আৰু অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। কিন্তু এই ধাৰা উঠি যোৱাৰ লগে লগে সকলোৱে সমান অধিকাৰ লাভ কৰাৰ লগতে বিকাশৰো পথ প্ৰশস্থ হ’ল।
উল্লেখযোগ্য যে পাকিস্তানক পৰোক্ষভাৱে সমালোচনা কৰি মোদীয়ে সন্ত্ৰাসবাদবিৰোধী যুঁজত আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা সহায়ৰ প্ৰশংসা কৰে। তেওঁ লগতে সোঁৱৰাই দিয়ে যে, আমেৰিকাত 9/11 আৰু ভাৰতত 26/11ৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা অভিযুক্ত একেখন দেশতে পোৱা গৈছিল।
নৰেন্দ্ৰ মোদীক আমেৰিকাৰ সবাতোকৈ বিশ্বাসী বন্ধু : ড’নাল্ড ট্ৰাম্প
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমেৰিকাৰ সবাতোকৈ বিশ্বাসী বন্ধু বুলি উল্লেখ কৰি NRG ষ্টেডিয়ামত ভাষণ আৰম্ভ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকাত থকা ভাৰতীয় সকলক প্ৰগতি শীল আৰু পৰিশ্ৰমী আখ্যা দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে, তেওঁ গোড়া ইছলামিক সন্ত্ৰাসবাদৰ হাতোৰাৰ পৰা নিৰ্দোষী লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। ট্ৰাম্প আৰু মোদী দুয়ো সন্ত্ৰাসবাদ বিৰোধী যুঁজত একেলগ হৈ আছে। ২৭ ডিচেম্বৰত নিউয়ৰ্কত যুক্তৰাষ্ট্ৰৰ বৈঠকত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে প্ৰদৰ্শন কৰিবলগীয়া যুক্তিত দুয়োজন নেতাৰ মন্তব্যক সন্নিবিষ্ট কৰা হ’ব।
উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কোনো বিদেশী নেতাৰ কাৰণে আয়োজন কৰা বৃহত্তম অনুষ্ঠানৰূপে বিবেচিত হৈছে হাউদি মোদী অনুষ্ঠান।

আমেৰিকাত NRCৰ বিৰুদ্ধে প্ৰতিবাদ : মোদীৰ ভাষণৰ সময়তে ষ্টেডিয়ামৰ বাহিৰত প্ৰতিবাদ একাংশ প্ৰৱাসী ভাৰতীয়ৰ

আমেৰিকাৰ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ৫০ হাজাৰৰ প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰি থকাৰ সময়তে আন একাংশ প্ৰৱাসী ভাৰতীয়ই বাহিৰত সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ১৯ লাখ লোকক বঞ্চিত কৰাৰ অভিযোগ তুলি সাব্যস্ত কৰে প্ৰতিবাদ। Alliance for Justice and Accountabilityৰ বেনাৰত অনুষ্ঠিত এই প্ৰতিবাদৰ নেতৃত্ব দিয়ে Hindu for Human Rights নামৰ মাৰ্কিন সংগঠনটোৰ নেতা সুনীতা বিশ্বনাথে। সহযোগ কৰে Indian American Muslim Councilৰ নেতা ছয়িদ আলীয়ে। আৰক্ষীৰ বেষ্টনীৰ মাজত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত NRC বিৰোধী বিভিন্ন শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে। অৱশ্যে এই প্ৰতিবাদে মোদী আৰু ট্ৰাম্পৰ যুটীয়া কাৰ্যসূচীত কোনো ব্যাঘাত জন্মাবলৈ সক্ষম নহ’ল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি