Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:42 pm

Home » সম্পাদকীয় » “লাভ-জেহাদ” কি ? ইয়াৰ উৎপত্তি, বুঢ়া আৰক্ষী চকীৰ ঘটনা তথা কিছু বিশেষ চিন্তা…

“লাভ-জেহাদ” কি ? ইয়াৰ উৎপত্তি, বুঢ়া আৰক্ষী চকীৰ ঘটনা তথা কিছু বিশেষ চিন্তা…

সম্প্ৰতি গণমাধ্যমত “লাভ-জেহাদ” শব্দটো বিশেষ পৰিচিত তথা ব্যাপক চৰ্চিত এটি শব্দ।”লাভ-জেহাদ” শব্দ কি ? ইয়াৰ শাব্দিক অৰ্থ হৈছে প্ৰেমজনিত বিবাহ আৰু ধৰ্মান্তকৰণ।জেহাদ শব্দটো আৰবী শব্দ বা ইছলামিক শব্দ।সেই দৃষ্টিত মূলতঃ প্ৰেম কৰি ইছলামীকৰণ কৰাটোক বুজায়।এই “লাভ-জেহাদ” শব্দটোত লুকাই আছে কিছু অপ্ৰিয় সত্য কথা।ইয়াত আচলতে প্ৰেম কিমানখিনি আছে আৰু জেহাদ কিমানখিনি ইয়াক নিৰ্ণয় কৰাটো বহুত জটিল।বৰ্তমান সময়ত বুঢ়া আৰক্ষী চকীৰ ঘটনাৰ কেন্দ্ৰবিন্দুকলৈ সমগ্ৰ দেশতেই বিশেষ জোকাৰণিৰ সৃষ্টি কৰাৰ লগতে “লাভ-জিহাদ” প্ৰসঙ্গটো ব্যাপক চৰ্চিত হৈছে।এই খিনিতে উক্ত ঘটনাৰ শেহতিয়া কিছু সত্য উনুকিয়াব বিচাৰিছো…
প্ৰাথমিক তথ্য প্ৰমাণে বহুতে ক’ব বিচৰাৰ দৰে বুঢ়া আৰক্ষী চকীৰ ঘটনাৰ কেন্দ্ৰবিন্দু প্ৰেমজনিত ঘটনা গণমাধ্যমত ভাইৰেল হোৱা কিছু ছবি আৰু অডিঅ’ ক্লিপয়ে তাকেই প্ৰমান কৰিছে ইয়াৰ পাছতো কোনোবাই “লাভ-জেহাদ” ক’ব খুজিলে সেয়া মানি ল’ব নোৱাৰি।

এগৰাকী যুৱতীক এজন মুছলমান ল’ৰাই পলুৱাই নিয়া ঘটনাক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক ৰহণ সানি যি ‘লাভ জেহাদ’ৰ ৰূপ দি প্ৰকৃত ঘটনাক একাংশই অন্য ধৰণেৰে উপস্থাপন কৰিব বিচাৰিছে, তাৰ আঁৰত ৰাজনৈতিক বা আন কাৰক লুকাই থাকিব পাৰে।মানৱীয় দৃষ্টিকোণেৰে এই ঘটনাক অপহৰণ আখ্যা দি তিনিগৰাকী মহিলাক (যুৱকজনৰ ভগ্নী) আৰক্ষীয়ে থানালৈ নি প্ৰহাৰ কৰাৰ যি কাণ্ড সংঘটিত হ’ল, সেই কাণ্ড সঁচাই গৰিহণাৰ যোগ্য। যুৱকজনে এই যুৱতীগৰাকীক কি পৰিস্থিতিত পলুৱাই আনিছিল আৰু যুৱতীগৰাকীয়ে পৰৱৰ্তী সময়ত কোৱাৰ দৰে সেয়া অপহৰণ কাণ্ড হয় নে নহয়, তাক বুজা জনে বুজিব যদি আপোনালোকে অডিঅ ক্লিপ শুনিছে তথা অন্তৰঙ্গ ছবিবোৰ ছাইছে।সেয়া যিয়েই নহওঁক অপৰাধীয়ে শাস্তি পাব লাগে। কিন্তু সেই অপৰাধক সাম্প্ৰদায়িক ৰহণ সনাটো কিমান যুক্তিসংগত? তিনিগৰাকী মহিলাক বৰ্বৰভাৱে প্ৰহাৰৰ অভিযোগ উঠা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কেৱল ‘লাভ জেহাদ’ৰ দোহাই দি কোনোবাই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ যুক্তি দিব পাৰেনে?

এই সমগ্ৰ কাণ্ডক লৈ এক পক্ষই ‘লাভ জেহাদ’ৰ প্ৰসংগেৰে আৰক্ষীৰ বৰ্বৰতাক তল পেলাব বিচাৰিছে। কিন্তু এয়া ‘লাভ জেহাদ’ নে আৰক্ষীৰ নিৰ্যাতনৰ বাস্তৱ ছবি! সেই বিচাৰ প্ৰত্যেকজন বিবেকবান লোকে নিশ্চয় নিজস্বধৰণেৰে কৰিব পাৰিব।
যি কি নহওঁ মোৰ প্ৰসঙ্গ আছিল “লাভ-জেহাদ”।এই “লাভ-জেহাদ” শব্দটো প্ৰথম উৎপত্তি হয় ২০১৪ চনত ঝড়খণ্ডত তথা এই শব্দটোয়ে সেই সময়ত ৰাজনৈতিক মহলত ব্যাপক বিৰ্তকৰ সৃষ্টি হৈছিল।বিতৰ্কৰ কেন্দ্ৰবিন্দু আছিল ঝাড়খণ্ডৰ ৰাজধানী ৰাঁচিত ৰকিবুল হুছেন নামৰ জনৈক মুছলিম যুৱকে ভূৱা পৰিচয়েৰে নিজকে ৰঞ্জিত সিং কোহলি বুলি ২৩ বছৰীয়া এগৰাকী হিন্দু ছোৱালীক প্ৰেমত পেলাই বিবাহ কৰে বুলি ছোৱালী পক্ষই আৰক্ষীক এজাহাৰ দাখিল কৰিছিল।সেই মৰ্মে ৰকিবুলক দিল্লীৰ পৰা ঝাড়খণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাড়লৈ প্ৰেৰণ কৰিছিল।সেইটোকেই একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনে “লাভ-জেহাদ” নাম আৰু বিচিত্ৰ তথা বিতৰ্কিত এই শব্দটো ৰাজনৈতিক মহলত বাষ্পহৈ বিয়পি পৰিছিল।
২০১৭ চনতৰ ডিচেম্বৰত কেৰালা ৰাজ্যত সাফিন জাহান নামৰ যুৱক এজনে হিন্দু ছোৱালীক প্ৰেমজনিত ভাবে বিবাহ কৰা ঘটনা সংক্ৰান্তত যুৱতী গৰাকীৰ দেউতা অশোকন কে এম য়ে অভিযোগ দাখিল কৰা মতে, হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰি ইছলামী মৌলবাদীত দীক্ষিত কৰাৰ বাবে সুপৰিকল্পিত এটি পদ্ধতিত হেনো এনেকুৱা ধৰনৰ প্ৰেম চলি থকা বুলি অভিযোগ উত্থাপন কৰিছিল।উক্ত বিবাহ সম্পৰ্কে উচ্চ ন্যায়ালয়ৰ ৰায় আছিল সদ্যসতৰ দৃষ্টিত এই বিবাহ অবৈধ তথা যুৱতী গৰাকীৰ মগজু ধূলাই কৰি মুছলিম ধৰ্মান্তৰিত কৰা হৈছে।এই ঘটনাটো নাৰী স্বাধীনতাৰ বাবে চৰম অপমান বুলি অবিহিত কৰিছিল।

পৰ্য্যায় ক্ৰমে বিষয়টো ছুপ্ৰিম কোৰ্ট পায়গৈ।ছুপ্ৰিম কোৰ্টে কেৰালাৰ এই ঘটনাৰ তদন্তৰ দায়িত্ব এন,আই,এ’ক দিয়ে।সমগ্ৰ বিষয়টোৰ তদাৰিকৰ দায়িত্বত আছিল বিচাৰপতি আৰ,ভি ৰবীন্দ্ৰন।এন,আই এ ছুপ্ৰিম কোৰ্টক জনাইছিল যে,”লাভ-জেহাদ” ঘটনা সচাঁই ঘটিছে বুলি সিহঁতে ভাবে।কিন্তু ছুপ্ৰিম কোৰ্টে কৈছে পত্নীয়ে স্বামীৰ ধৰ্ম পালন কৰিব লাগিব এনেকুৱা কোনো বাধ্যকতা নাই। ৰাজনৈতিক নেতা সংগঠনৰ বিতৰ্কিত ভাষ্য মতে,ছি পিএম’য়ে কয় যে,ভিন্ন জাতি বা ভিন্ন ধৰ্মৰ মাজত বিবাহ হেনো উদাৰ দৃষ্টিভঙ্গীৰ প্ৰতীক।
হাইদাৰাবাদৰ এমপি তথা ভাৰতীয় মুসলিম সমাজৰ অন্যতম প্রধান নেতা আসাদউদ্দিন ওৱাইছি কৈছিল , এন আই এ তথাকথিত লাভ জেহাদৰ ঘটনাৰ তদন্ত কৰাৰ নির্দেশক কঠোৰ সমালোচনা কৰি তেওঁ কৈছিল,, “এন আই এ কিয় ইয়াৰ তদন্ত কৰিব ? তনেহলে “লাভ জিহাদ”ক জাতীয় নিৰাপত্তা ইছ্যু হিচাবে ঘোষণা কৰিব লাগে ! সংবিধান মানি কোনোবাই ধর্মান্তৰিত হলে সেইটোক আপুনি লাভ জেহাদ কব পাৰিব নে ?
ভাৰতত ধর্মান্তৰণ সম্পূৰ্ণ ভাবে নিষিদ্ধ নহয় – পিছে প্রলোভন দেখাই বা বিভ্রান্ত কৰি কাৰোবাক ধর্মান্তৰিত কৰিলে হেয়া আইনি বৈধতা নহয়। তদান্তিন বিজেপিৰ সংখ্যালঘু দপ্তৰৰ মন্ত্রী নাজমা হেপতুল্লাৰ মতে , এইটো এটি সামাজিক ইছ্যু৷ অন্য ৰাজনৈতিক দলসমূহে ইয়াক সাম্প্রদায়িক ইছ্যু বনাব বিচাৰিছে ৷তেখেতৰ মতে প্ৰেমৰ জবাব প্ৰেম৷ যুদ্ধ নহয়৷মূলতঃ “লাভ-জেহাদ” হ’ল এটি ৰাজনৈতিক ইছ্যু।
এতিয়া মোৰ কথা হ’ল “লাভ জেহাদ” ইমান দিনে উগ্ৰ হিন্দুত্ববাদৰ একতৰফা প্রজেক্ট আছিল। এতিয়াৰ সময় পৰিৱৰ্তনৰ , হয়তো আপোনাৰ মনত প্রশ্ন উঠিব পাৰে কিয় ? এজন যুৱকে , এজনী যুৱতীৰ সৈতে সম্পর্ক হব পাৰে , কিন্তু ধর্মান্তৰ কিয় ? ধৰি ললো , দুই ধর্মৰ দুই পাত্রপাত্রীৰ মাজত এটি সম্পর্ক গঢ়ি উঠিছে। এতিয়া বিবাহৰ সময় । ধর্ম তেতিয়া সন্মুখত আহে । সমস্যাত পৰে পাত্র-পাত্রী। এটি পক্ষ মুছলিম হলে; অন্য পক্ষক মুছলমান হব লাগে। এইটো এক ধৰনৰ জোৰ -জবৰদস্তি।ইয়াত ধর্মক ভালপাই কোনেওঁ ধর্মান্তৰিত নহয়। আকর্ষণটো ধর্মৰ নহয়, চাহিদা ধর্মৰ নহয়, চাহিদা দেহাৰ । প্রশ্ন উঠিব পাৰে , যুৱক-যুৱতীক ধর্ম ত্যাগ কৰিব লগা হব কিয় ? আৰু যদি কৰিবই লাগে, তেনেহলে এজনক কিয় ? দু’জনেই নহয় কিয় ? প্ৰায় দেখা যায়, যুৱতীয়েই ধর্ম ত্যাগ কৰে । ইয়াত যুৱতীৰ ভালপোৱাৰ প্রমাণ হলেও যুৱকৰ ভালপোৱাৰ প্রমাণ নহয়। ভালপোৱাৰ বাবে ধর্মান্তকৰণক কি ভালপোৱা বুলি কোৱা যায়? দু’জনৰ ভালপোৱাৰ মাজত যদি ধর্ম ডাঙৰ হয় তেনেহলে সেইটো যি এই নহওক ভালপোৱা নহয়! দু’জন যদি সচাঁই এজনে আনজনক ভালপায় তেন্তে উভয়েই ধর্মত্যাগ কৰি তৃতীয় ধর্ম গ্রহণ কৰিলে হয়তো বিষয়টো কিছু পৰিমানে যুক্তিক হ’ব পাৰে । নহলে সেই ‘ভালপোৱা ’ আৰু ‘গৃহস্থৰ মুৰগী পোহাৰ মাজত খুব এটা তফাৎ নাথাকিব।
সমস্যাটো হ’ল, ধর্মান্তৰ বিষয়টো কেৱল মধ্যবিত্তি পৰিয়ালৰ বাবে ওৱান ওৱে , “লাভ-জেহাদ” বা ইছলামীকৰণ ।সেই বাবেই ইয়াক ‘লাভ-জেহাদ’ চশমা দিয়া সহজ। বলিউডত কিন্তু ডাবল ওৱে , শাহৰুখ খানৰ স্ত্রী হিন্দু, গৌৰী। সাইফ আলী খানৰ দ্বিতীয় পত্নী কাৰিনা কাপুৰ।। সঞ্জয় দত্তৰ স্ত্রী দিলনেৱাজ শেখ। ঋত্বিক ৰোশনৰ স্ত্ৰী সুজানা খান। সুনীল শেঠীৰ স্ত্রী মুছলমান মানা শেঠি বা ৰাজ্ বাব্বৰৰ স্ত্রী নাদিৰা বাব্বৰ। কলিকতাত মৈত্রেয়ী দেবীৰ ঘৰত ধুমধাম কৰি বিবাহ হৈছিল জয়শ্রী-আলমগীৰৰ !
যি কি নহওঁক সমাজে বা ৰাজনৈতিক মহলে ভিন্ন ভিন্ন ধৰ্মৰ মাজত প্ৰেম হ’লে যুৱক -যুৱতীৰ বিবাহক লৈ যি নামেৰেই নামাকৰণ নকৰক কিয় প্ৰেম যুগে যুগে চলি আহিছে আৰু চলি থাকিবই এই স্বৰ্গীয় অনুভূতিক কোনেও ৰোধ কৰিব নোৱাৰে। আপোনালোকে নিৰ্ভয়ে প্ৰেম কৰক, ভণ্ডামি নহয়।সচাঁ প্ৰেম কেতিয়াও অথলে নাযায়।

লেখক পৰিচিতি:


গুৱাহাটী
ফোন : +91 96782 43705

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি