Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:28 pm

Home » দেশ-বিদেশ » এন আৰ চি : কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠক মমতাৰ

এন আৰ চি : কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠক মমতাৰ

নতুন দিল্লী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ আগত আজি নিজৰ অসন্তুষ্টি ব্যক্ত কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাৰ পাছত আজি চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷
নর্থ ব্লকত থকা কেন্দ্রীয় গৃহ মন্ত্র্যালয়ত আয়োজিত এই বৈঠকত মুখ্যমন্ত্রীগৰাকীয়ে নাগৰিকপঞ্জীয়ে অসমতবাস কৰা বহুসংখ্যক ভাৰতীয় লোকক সমস্যাত পেলোৱাৰ কথা অৱগত কৰে৷ তেওঁ কয় যে চূড়ান্ত নাগৰিকপঞ্জীৰ তালিকাৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ভিতৰত বহুসংখ্যক লোক হৈছে হিন্দী, বাংলা আৰু নেপালী ভাষা কোৱা লোক, যিসকল হৈছে প্রকৃত ভাৰতীয় আৰু দীর্ঘ দিন অসমত বাস কৰি থকা লোক৷
ভাৰতীয় কোনো লোকৰে নাম যাতে নাগৰিকপঞ্জীৰ পৰা বাদ নপৰে তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ গৃহ মন্ত্রীজনৰ ওচৰত সজোৰে দাবী জনায়৷ আনহাতে এই বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসম চুক্তিৰ আধাৰত আৰু উচচতম ন্যায়ালয়ৰ তদাৰকত অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হৈছে৷ গতিকে ভাৰতৰ আন আন ৰাজ্যত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কোনো প্রয়োজন নাই৷
আজিৰ বৈঠকত পশ্চিম বংগত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সন্দর্ভত কোনো কথা আলোচনা হোৱা নাছিল বুলি জনাই তেওঁ লগতে কয় যে পশ্চিম বংগত নাগৰিকপঞ্জীৰ কোনো প্রয়োজন নাই, গতিকে এই সম্পর্কে আলোচনা কৰা হোৱাও নাই৷ আজিৰ আলোচনা আছিল নাগৰিকপঞ্জীয়ে অসমত সৃষ্টি কৰা পৰিস্থিতিক লৈহে৷ আনহাতে কেন্দ্রীয় গৃহ মন্ত্রীজনে সকলো কথা মনযোগেৰে শুনা বুলি মত ব্যক্ত কৰি বেনার্জীয়ে কয় যে অসমত এতিয়া লাখ লাখ লোকৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে৷ তেওঁলোক ক’লৈ যাব, কি কৰিব? তাক লৈ ভয়-শংকাত দিন নিয়াইছে৷ কেন্দ্রীয় গৃহ মন্ত্রীজনক এই সকলোবোৰ কথা অৱগত কৰোৱা বুলি জনাই তেওঁ লগতে কয় যে মই আশা কৰিছোঁ কেন্দ্রীয় গৃহ মন্ত্রীজনে মই কোৱা কথাসমূহ গুৰুত্বসহকাৰে লৈ বিহিত ব্যৱস্থা গ্রহণ কৰিব৷ মন কৰিব লগীয়া কথা যে চুবুৰীয়া ৰাষ্ট্রৰ মুখ্যমন্ত্রীগৰাকীয়ে এই সাক্ষাৎকালত পশ্চিম বংগৰ নাম বাংলা কৰিবৰ বাবে দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যখনত ডিজিটেল ৰেছন কার্ড প্রৱর্তন কৰাৰ ফলত সৃষ্টি হোৱা সমস্যাৰ কথাও গৃহ মন্ত্রীজনক অৱগত কৰে৷
আনহাতে পশ্চিম বংগৰ সীমান্ত এলেকাত বিশেষকৈ চিকেন নেক অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে এই সন্দর্ভত কেন্দ্রীয় গৃহ মন্ত্রীক এখন স্মাৰক-পত্রও প্রদান কৰে৷ উল্লেখযোগ্য যে নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোক প্রথমৰে পৰাই বিৰোধিতা কৰি আহিছে মমতা বেনার্জীয়ে৷ শেহতীয়াকৈ নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত ১৯ লাখ লোকৰ নাম অন্তর্ুক্ত নোহোৱাৰ পাছৰে পৰাই অধিক সৰৱ হৈ পৰিছে বেনার্জী৷ পশ্চিম বংগৰ ৰাজপথত তেওঁ আনকি নাগৰিকপঞ্জীৰ বিৰুদ্ধে সমদলো উলিয়াইছিল৷ পিছে বেনার্জীৰ এই প্রতিবাদৰ প্রতি কেন্দ্রীয় চৰকাৰে অলপো গুৰুত্ব নিদিয়াত আজি তেওঁ কেন্দ্রীয় গৃহ মন্ত্রীক সাক্ষাৎ কৰি নিজৰ অসন্তুষ্টি ব্যক্ত কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি