Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:12 pm

Home » আঞ্চলিক » এনআৰচিত বিদেশীৰ সংখ্যাক লৈ চেলেঞ্জ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ

এনআৰচিত বিদেশীৰ সংখ্যাক লৈ চেলেঞ্জ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ

এন আৰ চিৰ যোগেদি ১০ লাখতকৈ অধিক বিদেশী চিনাক্ত হয়, তেন্তে সক্রিয় ৰাজনীতিৰ পৰা সন্ন্যাস ল’ম

গুৱাহাটী : অসমত বিদেশীৰ সংখ্যা ১০ লাখতকৈও কম৷ যদিহে এন আৰ চিৰ যোগেদি ১০ লাখতকৈ অধিক বিদেশী চিনাক্ত হয়, তেন্তে সক্রিয় ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ আজি এখন সংবাদমেলযোগে এই দাবী কৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে৷ কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰক প্রত্যাহবান জনাই গগৈয়ে কয়, ‘তেওঁলোকে ৫০ লাখ বিদেশী থকা বুলি কৈছিল৷ মই কৈছোঁ ১০ লাখো নাই৷ মই তেওঁলোকক প্রত্যাহবান জনাইছোঁ কিমান বিদেশী আছে দেখুৱাই দিয়ক৷’
দেশৰ সংবিধানে প্রদান কৰা সুবিধা অনুসৰিয়েই ১৯৮৭ চনলৈ জন্ম পোৱা বিদেশীৰ সন্তান ভাৰতীয় হ’ল৷ ২০০৩-লৈকে পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লেও সন্তানে ভাৰতীয় নাগৰিকত্ব পাইছে৷ এনেবোৰ কাৰণত বহু বিদেশী ভাৰতীয় হ’ল বুলি সংবাদমেলত গগৈয়ে মন্তব্য কৰে৷ এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাসকলৰ পুনৰীক্ষণ কৰিবলৈ দাবী জনায় প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে৷
এই ক্ষেত্রত ভাৰত চৰকাৰক পদক্ষেপ ল’বলৈ আহবান জনায় গগৈয়ে৷ পুনৰীক্ষণৰ বাবে নির্দিষ্ট সময়সীমা বান্ধি দিয়াৰ উপৰি দক্ষ বিষয়া নিযুক্তি কৰিব লাগে বুলি তেওঁ কয়৷ সংবাদমেলত গগৈয়ে কয়, ‘বহু ভাৰতীয়ৰ নাম বাদ পৰিছে৷ বাদ পৰিলেও তেওঁলোক বিদেশী নহয় বুলি চৰকাৰেই কৈছে৷ সন্দেহজনকো বুলি কোৱা নাই৷ আদালতলৈ গ’লে বহু সময় লাগিব৷ মানুহখিনিৰো বিপদ বাঢ়িব৷’
উচচতম ন্যায়ালয়েও পুনৰীক্ষণৰ বাবে নির্দেশ দিব লাগে বুলি মন্তব্য কৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে৷ অৱশ্যে তেওঁ চূড়ান্ত এন আৰ চি তালিকাৰ সম্পূর্ণ পুনৰীক্ষণৰ বিৰোধিতা কৰে৷ গগৈয়ে কয় যে এশ শতাংশ পুনৰীক্ষণ কৰিলে সেয়া সম্পূর্ণ হওঁতে কিমান বছৰ লাগিব, তাৰ নিশ্চয়তা নাই৷ এন আৰ চিত বিদেশীৰ নাম অন্তর্ুক্ত হোৱা বুলি মানি লয়নে বুলি সাংবাদিকে কৰা প্রশ্নৰ উত্তৰত তৰুণ গগৈয়ে কয় যে ভাৰতীয় নাগৰিক বাদ পৰাৰ তথ্য আছে, কিন্তু বিদেশীৰ নাম অন্তর্ুক্ত হোৱাৰ তথ্য আমাৰ হাতত নাই৷ আপোনাৰ মুখ্য মন্ত্রিত্বৰ কার্যকালত এন আৰ চি কিয় সম্পূর্ণ নহ’ল বুলি সাংবাদিকৰ আন এটা প্রশ্নৰ উত্তৰত গগৈয়ে কয় ‘এন আৰ চি মোৰ দিনতেই আৰম্ভ হ’ল৷ আমি এন আৰ চি কৰাহেঁতেন বিদেশীৰ নাম সোমোৱা বুলি বদনাম কৰিলেহেঁতেন৷ বিজেপিয়ে বিদেশীমুক্ত অসমৰ কথা কৈছিল৷ তেওঁলোকে কিয় কৰিব পৰা নাই?’
অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণৰ ক্ষেত্রত পৰামর্শ প্রদানৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰা উচচ পর্যায়ৰ কমিটীৰ পৰা কোনো সুফল পোৱা নাযাব বুলিও গগৈয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ত্রুটীপূর্ণ এন আৰ চি প্রকাশৰ বাবে কোন দায়ী, সেয়া নিশ্চিত কৰিবলৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে ন্যায়িক তদন্তৰো দাবী উত্থাপন কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি