Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:10 pm

Home » আঞ্চলিক » আৰক্ষী অধীক্ষকে হোটেলৰ পৰা চোঁচৰাই বাহিৰলৈ নি আক্রমণ কৰিলে দণ্ডাধীশক

আৰক্ষী অধীক্ষকে হোটেলৰ পৰা চোঁচৰাই বাহিৰলৈ নি আক্রমণ কৰিলে দণ্ডাধীশক

কোকৰাঝাৰ : বি টি এ ডিৰ সদৰ কোকৰাঝাৰ চহৰৰ জে ডি ৰোডত অৱস্থিত এখন বিলাসী হোটেলত বিশাল নৈশভোজত জিলাৰ আৰক্ষী অধীক্ষকে এজন এ চি এছ (দণ্ডাধীশ) বিষয়াক শাৰীৰিকভাৱে আক্রমণ কৰা তথা চোঁচৰাই লৈ গৈ ছার্ট ফালি দিয়াৰ ভিডিঅ’ ফুটেজ ভাইৰেল হোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷
উল্লেখযোগ্য যে ঘটনাটো বিগত দহ ছেপ্টেম্বৰত সংঘটিত হৈছিল৷ জানিব পৰা মতে, উত্তু দিনা কোকৰাঝাৰ চহৰৰ গৌৰাভেলী হোটেলত জিলাখনৰ শীর্ষ প্রশাসনিক বিষয়াসকলৰ নৈশভোজ চলিছিল৷ আৰু উত্তু নৈশভোজত জিলাৰ আৰক্ষী অধীক্ষক আৰু এজন দণ্ডাধীশ তর্ক-বিতর্কত লিপ্ত হৈছিল৷ পাছত আৰক্ষী অধীক্ষকগৰাকীয়ে দণ্ডাধীশজনক চোঁচৰাই টানি বাহিৰলৈ উলিয়াই নি শাৰীৰিকভাৱে অপদস্হ কৰে আৰু পিন্ধি থকা কুর্ পর্যন্ত ফালি পেলায়৷ লক্ষণীয়ভাৱে আৰক্ষী অধীক্ষকে দণ্ডাধীশজনক চোঁচৰাই নিয়াৰ সময়ত পিছে পিছে স্বয়ং জিলাৰ উপায়ুত্তুও আছিল আৰু উত্তু ঘটনাৰ সাক্ষী হৈছিল যদিও তেওঁ একো ব্যৱস্হা নল’লে৷ এনেকি মুখলজ্জাৰ ভয়ত দণ্ডাধীশজনেও মুখ নুখুলিলে৷
উল্লেখযোগ্য যে প্রশাসনিক বিষয়াসকলৰ নৈশভোজত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা স্হানীয় শিল্পীৰ দল এটাই স্বচক্ষে শীর্ষ প্রশাসনিক বিষয়াসকলৰ উদ্ভণ্ডালিৰ সমগ্র দৃশ্য প্রত্যক্ষ কৰিলে যদিও ইজনে-সিজনে আলোচনা কৰাৰ বাহিৰে কোনেও ৰাজহুৱা কৰাৰ সাহস নকৰিলে৷ কিন্তু উত্তু ঘটনাৰ এসপ্তাহৰ পাছত ৰহস্যজনকভাৱে কোনো ব্যত্তিুয়ে গৌৰা ভেলিৰ চি চি টিভিত আবদ্ধ হৈ ৰোৱা উত্তু ভিডিঅ’ ফুটেজ সংগ্রহ কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াত আলোড়নৰ সৃষ্টি হোৱাই নহয়, জনতাৰ সুৰক্ষাৰ দায়িত্বত থকা প্রশাসনিক বিষায়সকলৰ নৈশভোজৰ নামত চলা উদ্ভণ্ডালি দেখি হতচকিত হৈ পৰিছে৷ এতিয়া অপদস্হ হোৱাৰ পাছতো দণ্ডাধীশজনে নিমাত কিয় এই বিষয় লৈ জনতাৰ মাজত বিভিন্ন প্রশ্নৰ উদ্রেক হৈছে৷ অৱশ্যে উত্তু ৰহস্যজনক ব্যত্তিুগৰাকীৰ আশীর্দত সেই ঘটনা এতিয়া বহুতৰে ম’বাইলত, যি ঘটনাই আইন ৰক্ষকৰ উদ্ভণ্ডালি উদঙাই সর্বত্রে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি