১১ অক্টোবৰত মুক্তি পাব যতীন বৰাৰ ‘ৰত্নাকৰ : যতীন-বৰষাৰ প্ৰচাৰৰ ধুমুহা
গুৱাহাটী : অহা ১১ অক্টোবৰত মুক্তি পাব যতীন বৰাৰ ‘ৰত্নাকৰ’৷ ইফালে ‘কাঞ্চনজংঘা’ৰ উছাহ-উদ্দীপনা অব্যাহত থকাৰ সময়তে ব্যাপক প্রচাৰ চলিছে জে বি প্রডাকশ্যনৰ বেনাৰত নির্মিত যতীন বৰাৰ বহু চর্চিত ছবি ‘ৰত্নাকৰ’ৰ৷ জুবিনৰ পাছত এইবাৰ ছবি প্রচাৰৰ বাবে কলেজে কলেজে ঘূৰি ফুৰিছে যতীন৷ কালি তেজপুৰৰ চাৰিখন শিক্ষানুষ্ঠানত যতীন বৰাই তেওঁৰ চিনেমাৰ দলটোক লগত লৈ ব্যাপক প্রচাৰ চলায়৷ যতীন বৰাৰ লগত তেওঁৰ সহধর্মিণী তথা ছবিখনৰ অন্যতম প্রযোজক নৱনীতা শর্মা, চলচিচত্রখনৰ নায়িকা বৰষাৰাণী বিষয়াকে ধৰি ভালেকেইগৰাকী শিল্পী-কলা-কুশলীয়ে অংশগ্রহণ কৰি ছবিৰ প্রচাৰ চলায়৷ ইতিমধ্যে ৰত্নাকৰৰ গীতে দর্শক-শ্রোতাক বিশেষভাৱে আকর্ষিত কৰিছে আৰু বিনা পাৰিশ্রমিকত বন্বুূ জুবিন গার্গে ছবিখনৰ সংগীত পৰিচালনা তথা কণ্ঠদান কৰিছে বুলি তেজপুৰত জুবিনৰ প্রশংসাত পঞ্চমুখ হৈ পৰে যতীন৷ তেওঁ কয় যে ‘ৰত্নাকৰ’ ছবিখনে