Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:36 am

Home » আঞ্চলিক » এন আৰ চিত বাদ পৰাসকল সোনকালে কাষ চাপিব নোৱাৰিব বিদেশী ন্যায়াধিকৰণৰ

এন আৰ চিত বাদ পৰাসকল সোনকালে কাষ চাপিব নোৱাৰিব বিদেশী ন্যায়াধিকৰণৰ

গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকসকলে নিজকে ভাৰতীয় হিচাপে প্রতিপন্ন কৰিবলৈ সোনকালে বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব পৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে৷ নাম বাদ পৰা লোকসকলে যাতে সোনকালে ন্যায়াধিকৰণৰ কাষ চাপিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে ২০০খন ন্যায়াধিকৰণৰ সদস্য নিযুক্তি দি আইনী সাহায্য প্রদান কৰিবলৈ সাজু হৈছে৷
আনহাতে নাম বাদ পৰা লোকসকলে তেওঁলোকৰ নাম কি কাৰণত বাদ পৰিল সেই কথা অৱগত কৰা ৰিজেকশ্যন নটিচ কেতিয়াকৈ লাভ কৰিব, সেয়া অনিশ্চিত হৈয়ে আছে৷ শেহতীয়াকৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই ডিষ্ট্রিক্ট ৰেজিষ্টাৰ অব৲ চিটিজেন ৰেজিষ্ট্রেশ্যন (ডি আৰ চি আৰ)সকললৈ দিয়া এক নির্দেশনাৰ পাছত নাম বাদ পৰা লোকসকলক ৰিজেকশ্যন নটিচ দিয়াৰ প্রক্রিয়া অধিক পিছুৱাই যোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷
উল্লেখযোগ্য যে এন আৰ চিৰ পৰা কি কাৰণত নাম বাদ পৰিল সেই কথা এন আৰ চি কর্তৃপক্ষই জনোৱা ৰিজেকশ্যন নটিচখন লৈহে নাম বাদ পৰা ব্যক্তিয়ে বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব পাৰিব৷ এটা সূত্রৰ পৰা জানিব পৰা মতে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই যোৱা ১৮ ছেপ্টেম্বৰত ডি আৰ চি আৰসকললৈ এক নির্দেশনা প্রেৰণ কৰিছে৷ এই নির্দেশনা অনুসৰি চূড়ান্ত এন আৰ চিত নাম অন্তর্ুক্তিৰ বাবে দাবী জনোৱা আৰু আপত্তিৰ সন্মুখীন হোৱাসকলে দাখিল কৰা নথি কিয় নাকচ কৰা হ’ল, সেই বিষয়ে যিটো টোকা বিষয়াই দিছিল সেই টোকা স্কেন কৰিব লাগিব এন আৰ চিত নিয়োজিত বিষয়াসকলে৷
ৰাজ্যিক সমন্বয়ক হাজেলাই এই প্রক্রিয়াটোৰ বাবে নির্দিষ্ট সময় নির্ধাৰণ কৰি দিছে৷ ডি আৰ চি আৰসকলক দিয়া নির্দেশ অনুসৰি অহা ২৭ ছেপ্টেম্বৰৰ ভিতৰত বিষয়াসকলে নাম বাতিলৰ কাৰণৰ সন্দর্ভত যিটো টোকা (স্পীকিং অর্ৰ) দিছিল, সেই টোকা পৰীক্ষণ কৰিব লাগিব৷ ১১ অক্টোবৰৰ ভিতৰত স্পীকিং অর্ৰ স্কেন কৰিব লাগিব৷ স্কেন ষ্টেটমেণ্ট ৩০ অক্টোবৰৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব৷
ৰাজ্যিক সমন্বয়কে ডি আৰ চি আৰলৈ দিয়া নির্দেশনা অনুসৰি এন আৰ চিৰ পৰা নাম বাদ পৰাৰ কাৰণ সম্পর্কত বিষয়াই দিয়া টোকা (স্পীকিং অর্ৰ) স্কেন কৰি প্রতিবেদন প্রস্তুত হ’ব অহা ৩০ অক্টোবৰৰ ভিতৰত৷ অর্থাৎ নাম বাদ পৰা লোকসকলে তেওঁলোকৰ নাম বাদ পৰাৰ কাৰণ অর্থাৎ ৰিজেকশ্যন নটিচ লাভ কৰোঁতে পলম হোৱাৰ কথা এন আৰ চি কর্তৃপক্ষই দিয়া নির্দেশনাই স্পষ্ট কৰি তুলিছে৷ ৰিজেকশ্যন নটিচ নাপালে নাম বাদ পৰা ১৯.৬ লাখ লোকে বিদেশী ন্যায়াধিকৰণৰ কাষো চাপিব নোৱাৰিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি