এই পৰিপ্ৰেক্ষিতত, উদযাপন সমিতিৰ সভাপতি ললিত শৰ্মাই কয় “আমি সমাৰোহৰ কাৰ্যসূচী আনুষ্ঠানিকভাবে ঘোষণা কৰিবলৈ পোৱাটো অতি আনন্দৰ বিষয়। ত্ৰয়োদশ বৰ্ষত ভৰি দিয়া উক্ত সমাৰোহে যোৱা বাৰ বছৰে অসমৰ এক অন্যতম সাংস্কৃতিক অনুষ্ঠানৰূপে পৰিচিতি লাভ কৰিছে।সেয়েহে প্ৰতিবছৰে উক্ত সমাৰোহ সফলভাবে আয়োজন কৰাটো আমাৰ গুৰু দায়িত্ব।”
২০০৭ চনৰ পৰা প্ৰতি বছৰে সমাহাৰে অসমত ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃপুৰুষ তথা অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া প্ৰয়াত ব্ৰজনাথ শৰ্মাদেৱৰ সোঁৱৰণত উক্ত সমাৰোহ আয়োজন কৰি আহিছে।ব্ৰজনাথ শৰ্মাদেৱেই ১৯৩৩ চনত অসমত পোন প্ৰথমে মঞ্চত নাৰী শিল্পীৰ দ্বাৰা অভিনয় কৰোৱাৰ দৰে বলিষ্ঠ পদক্ষেপ লৈ সহ-অভিনয়ৰ সূচনা কৰিছিল। এয়াই নহয়, স্বাধীনতা সংগ্ৰামৰ যুঁজাৰু সৈনিক শৰ্মাদেৱে জ্বলাই দিছিল বৰপেটা জিলাৰ বৰনগৰত স্থাপিত বৃটিছ বিমান ঘাটি, সৰভোগথানা, ডাকঘৰআদি।
২১ ছেপ্টেম্বৰ – সন্ধিয়া ৬:০০বজা – সমাৰোহৰ উদ্বোধনী অনুষ্ঠান—
অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব ব্ৰজনাথ শৰ্মাৰ জীয়ৰী আৰু নাতিনী ক্ৰমে নিৰ্মলা মিশ্ৰ আৰু নিলাক্ষী মিশ্ৰই।নাট সমাৰোহখনি উদ্বোধন কৰিব প্ৰবীন চলচ্চিত্ৰ অভিনেতা (‘মনিৰাম দেৱান’ খ্যাত), জ্যেষ্ঠ আইনজীৱী তথা সমাজকৰ্মী দিলীপ হাজৰিকাদেৱে। ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা “কোহিনুৰ” উন্মোচন কৰিব বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে।
উদ্বোধনী অনুষ্ঠানৰ সামৰণিৰ লগে লগে গুৱাহাটীৰ সাঁকোৱে মঞ্চস্থ কৰিব যসস্বী নাট্যকাৰ ড° সীতানাথ লহকৰ ৰচিত আৰু ড° দেবাশীষ শইকীয়া-সত্যজিৎ গগৈ পৰিচালিত নাট “কহয় চণ্ডী দাস”। সন্ত্ৰাসবাদ আৰু আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ সমস্যা হৈছে নাটখনিৰ মূল বক্তব্য।
২২ ছেপ্টেম্বৰ – সন্ধিয়া ৪:৩০ বজা আৰু ৬:৪৫বজা (দুটি দৰ্শনী) (মানবেন্দ্ৰ ভট্টাচাৰ্য্য সন্ধিয়া) –
সমাহাৰ নাট্য গোষ্ঠীয়ে মঞ্চস্থ কৰিব তেওঁলোকৰ নতুন নাটক “বেশ্যা”। ৰচনা তথা পৰিচালনা ড° সীতানাথ লহকৰৰ। দেশৰ বৰ্তমান ৰাজনৈতিক অৱস্থাৰ এক বিশেষ দিশৰ ওপৰত আলোকপাত কৰিছে নাটখনে।
২৩ ছেপ্টেম্বৰ – সন্ধিয়া৬:৩০বজা – (বীৰেন্দ্ৰ মালাকাৰ সন্ধিয়া) –
বৰপেটাৰ পিনাকে প্ৰদৰ্শন কৰিব কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত নাটক “ডাকঘৰ”। ১৯১২ চনতে ৰচিত নাটখনিৰ অসমীয়া অনুবাদ আৰু পৰিচালনা উৎপল কুমাৰ দাসৰ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটা শিশুৰ আবেগ আৰু সপোনৰ ওপৰত ৰচিত।
২৪ ছেপ্টেম্বৰ – সন্ধিয়া৬:৩০বজা – (দীপ কুমাৰ মেধি সন্ধিয়া) –
গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিনাদ গোষ্ঠীয়ে নিবেদন কৰিব মহাকাব্য মহাভাৰতৰ কাহিনী-আধাৰিত নাট্যকাৰ ৰুদ্ৰাণী শৰ্মাৰ দ্বাৰা ৰচিত আৰু গৌতম শইকীয়াৰ দ্বাৰা পৰিচালিত নাটক “কালচক্ৰ”। নাটখনিয়ে অতি সুন্দৰভাৱে সেই সময়ৰ কিছু ঘটনাৱলীক আজিৰ দিনৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপতৰ সৈতে যুক্ত কৰিছে।
২৫ ছেপ্টেম্বৰ – সন্ধিয়া৬:৩০বজা – (সুকুমাৰ পাথক সন্ধিয়া) –
জাগীৰোড নাট্য গোষ্ঠীয়ে পৰিবেশনকৰিবনাট “বন্দে মাতৰম”। প্ৰখ্যাত নাট্যকাৰ তৰুণ তালুকদাৰৰদ্বাৰাৰচিত-পৰিচালিতনাটখনিৰমূলভেটিহৈছেএজন অশীতিপৰস্বাধীনতা সংগ্ৰামী। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী বক্তব্য আছে নাটখনিত।
২৬ ছেপ্টেম্বৰ – সন্ধিয়া৬:৩০বজা –
আয়োজক সমাহাৰ নাট্যগোষ্ঠীয়ে নিবেদন কৰিব “চোৰ উবাচ”। ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত হাস্যমধুৰ নাটখনি তিনিটা চোৰৰ জীৱন ভিত্তিক। সিহঁতৰ অভিজ্ঞতা, উপলব্ধিৰ জৰিয়তে নাট্যকাৰ গৰাকীয়ে মানুহৰ অলৌকিক বিশ্বাস সম্পৰ্কে কিছু দৰকাৰী প্ৰশ্নৰ অৱতাৰণা কৰিছে। অত্যন্ত ব্যংগাত্মক নাটখনি অন্ধবিশ্বাসৰ বিৰুদ্ধে এক শক্তশালী দলিল।