২১ ছেপ্টেম্বৰৰ পৰা ত্ৰয়োদশ বাৰ্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ
গুৱাহাটী : সু-পৰিচিত অপেছাদাৰী দল সমাহাৰ নাট্য গোষ্ঠীয়ে ছয় দিনীয়া কাৰ্য্যসূচীৰে অহা ২১ৰ পৰা ২৬ ছেপ্টেম্বৰ, ২০১৯ লৈ ত্ৰয়োদশ বাৰ্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখনি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ ওলাইছে। এইবাৰ সমাৰোহখনি ইণ্ডিয়ান অইলৰ সহযোগত অনুস্থিত হ’ব। এই পৰিপ্ৰেক্ষিতত, উদযাপন সমিতিৰ সভাপতি ললিত শৰ্মাই কয় “আমি সমাৰোহৰ কাৰ্যসূচী আনুষ্ঠানিকভাবে ঘোষণা কৰিবলৈ পোৱাটো অতি আনন্দৰ বিষয়। ত্ৰয়োদশ বৰ্ষত ভৰি দিয়া উক্ত সমাৰোহে যোৱা বাৰ বছৰে অসমৰ এক অন্যতম সাংস্কৃতিক অনুষ্ঠানৰূপে পৰিচিতি লাভ কৰিছে।সেয়েহে প্ৰতিবছৰে উক্ত সমাৰোহ সফলভাবে আয়োজন কৰাটো আমাৰ গুৰু দায়িত্ব।” ২০০৭ চনৰ পৰা প্ৰতি বছৰে সমাহাৰে অসমত ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃপুৰুষ তথা অসমৰ আধুনিক নাট্য যাত্ৰাৰ বাটকটীয়া প্ৰয়াত ব্ৰজনাথ শৰ্মাদেৱৰ সোঁৱৰণত উক্ত সমাৰোহ আয়োজন কৰি আহিছে।ব্ৰজনাথ শৰ্মাদেৱেই