Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:59 pm

Home » আঞ্চলিক » ডি জি পি কুলধৰ শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট

ডি জি পি কুলধৰ শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট

ৰাজ্যজুৰি ছ’চিয়েল মিডিয়াত চলা অপপ্রচাৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ খোদ অসম আৰক্ষীৰ মুৰববীজনেই দুষ্টচক্রৰ কবলত পৰিছে৷ খোদ অসম আৰক্ষীৰ সঞ্চালকপ্রধানজন সম্প্রতি চাইবাৰ অপৰাধীৰ টার্গেট হৈ পৰিছে৷ দুদিনমান পূর্বে মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথৰ নামত চাইবাৰ অপৰাধীয়ে ভুৱা ফে’চবুক একাউণ্ট খোলাৰ পাছত এইবাৰ অসম আৰক্ষীৰ সঞ্চালকপ্রধান কুলধৰ শইকীয়াৰ নামতো চাইবাৰ অপৰাধীয়ে ভুৱা ফে’চবুক একাউণ্ট খোলাৰ তথ্য পোহৰলৈ আহিছে৷
কিছুদিন পূর্বৰে পৰা ডি জি পি শইকীয়াৰ নামত খোলা ফে’চবুক একাউণ্টটো অন্য লোকে পৰিচালনা কৰি থকাৰ তথ্য পোহৰলৈ আহিছে৷ এই ফে’চবুক একাউণ্টটোৰ সন্দর্ভত আনকি খোদ ডি জি পিজনেই গম পোৱা নাছিল৷ কিন্তু সম্প্রতি এই দুষ্কার্যৰ কথা পোহৰলৈ অহাত আৰক্ষী সঞ্চালকপ্রধান কুলধৰ শইকীয়াই গুৰুত্ব সহকাৰে লৈছে৷ তেওঁৰ নির্দেশত ইতিমধ্যে পাণবজাৰ আৰক্ষী থানাই অপৰাধীৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিছে৷
ইয়াৰ উপৰি অসম আৰক্ষীয়ে ফেচবুক কর্তৃপক্ষৰ সৈতে এই সন্দর্ভত যোগাযোগ কৰিছে৷ প্রণিধানযোগ্য যে ফে’চবুককে ধৰি ছ’চিয়েল মিডিয়াৰ অপপ্রয়োগ কৰা দুষ্টচক্রৰ বিৰুদ্ধে ইতিমধ্যে অসম আৰক্ষীয়ে অভিযান চলাই ৩০জনতকৈ অধিক লোকক গ্রেপ্তাৰ কৰিছে৷ ডকমকা-কাণ্ডৰ পাছতে এই অভিযান আৰম্ভ হৈছিল৷ কিন্তু তাৰ পাছতো চাইবাৰ অপৰাধীসকলে ছ’চিয়েল মিডিয়াৰ অপপ্রয়োগ অব্যাহত ৰাখিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি