ডি জি পি কুলধৰ শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট
ৰাজ্যজুৰি ছ’চিয়েল মিডিয়াত চলা অপপ্রচাৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ খোদ অসম আৰক্ষীৰ মুৰববীজনেই দুষ্টচক্রৰ কবলত পৰিছে৷ খোদ অসম আৰক্ষীৰ সঞ্চালকপ্রধানজন সম্প্রতি চাইবাৰ অপৰাধীৰ টার্গেট হৈ পৰিছে৷ দুদিনমান পূর্বে মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন নাথৰ নামত চাইবাৰ অপৰাধীয়ে ভুৱা ফে’চবুক একাউণ্ট খোলাৰ পাছত এইবাৰ অসম আৰক্ষীৰ সঞ্চালকপ্রধান কুলধৰ শইকীয়াৰ নামতো চাইবাৰ অপৰাধীয়ে ভুৱা ফে’চবুক একাউণ্ট খোলাৰ তথ্য পোহৰলৈ আহিছে৷ কিছুদিন পূর্বৰে পৰা ডি জি পি শইকীয়াৰ নামত খোলা ফে’চবুক একাউণ্টটো অন্য লোকে পৰিচালনা কৰি থকাৰ তথ্য পোহৰলৈ আহিছে৷ এই ফে’চবুক একাউণ্টটোৰ সন্দর্ভত আনকি খোদ ডি জি পিজনেই গম পোৱা নাছিল৷ কিন্তু সম্প্রতি এই দুষ্কার্যৰ কথা পোহৰলৈ অহাত আৰক্ষী সঞ্চালকপ্রধান কুলধৰ শইকীয়াই গুৰুত্ব সহকাৰে লৈছে৷ তেওঁৰ নির্দেশত ইতিমধ্যে পাণবজাৰ