Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:33 am

Home » অন্যান্য » বৰপেটাৰ পাকাবেতবাৰী সাৰ্বজনীন শাৰদীয় দূৰ্গোৎসৱৰ সোণালী জয়ন্তী উদযাপন সমিতি গঠন

বৰপেটাৰ পাকাবেতবাৰী সাৰ্বজনীন শাৰদীয় দূৰ্গোৎসৱৰ সোণালী জয়ন্তী উদযাপন সমিতি গঠন

বৰপেটা  : বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ ৪২ নং দক্ষিণ বেতবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ পাকাবেতবাৰীত প্ৰতি বছৰ উদযাপিত হৈ অহা সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰী দুৰ্গোৎসৱে এইবেলি ৫০ বছৰত ভৰি দিয়া পুৰ্তি উপলক্ষে সোণালী জয়ন্তী উৎসৱ-২০১৯ উদযাপনাৰ্থে এখন সভা ৫ চেপ্টেম্বৰত অনুষ্ঠিত হৈ যায়। 
বৃহত্তৰ পাকাবেতবাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত সিদিনা আবেলি বি কে নিত্যানন্দ-ওৱাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক নন্দলাল সৰকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে জিলমোহন ৰায়ে। উক্ত সভাত অহা ৩,৪,৫,৬,৭ আৰু ৮ অক্টোবৰত ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হবলগীয়া পাকাবেতবাৰীৰ সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰী দুৰ্গোৎসৱৰ সোণালী-২০১৯ সুচাৰুৰূপে উদযাপনাৰ্থে শিক্ষক নন্দলাল সৰকাৰক সভাপতি আৰু শিক্ষক সনাতন মণ্ডলক সম্পাদক হিচাপে লৈ এখন মুল সমিতি গঠন কৰাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক ৰসৰাজ সৰকাৰক সভাপতি, অৰ্জুন চন্দ্ৰ সৰকাৰক সম্পাদক আৰু সাংবাদিক প্ৰদীপ কুমাৰ সৰকাৰক সহকাৰী সম্পাদক হিচাপে লৈ ” স্মৃতিগ্ৰন্থ” উপ-সমিতিকে ধৰি বিভিন্ন বিভাগৰ দহটা উপ-সমিতি গঠন কৰা হয়। 
উল্লেখ্য যে, বৃহত্তৰ পাকাবেতবাৰীৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখীয়াল ব্যক্তিসকলক উপদেষ্টা হিচাপে লৈ গঠিত উদযাপন সমিতিয়ে সকলোৰে সহায়-সহযোগিতাৰ লগতে সমূহ কাৰ্যসূচীত উপস্থিতি অন্তকৰণেৰে কামনা কৰিছে। আনহাতে পাকাবেতবাৰী সূত্ৰধৰ পাৰাতো অহা ৪,৫,৬,৭ অাৰু ৮ অক্টোবৰত পাঁচদিনীয়া বিস্তৃৰ্ণ কাৰ্যক্ৰমণিকাৰে সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰীদুৰ্গোৎসৱ উদযাপনাৰ্থে প্ৰস্তুতি চলা বুলি জানিব পৰা গৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি