Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:55 am

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » আমাজনে অসমত সম্প্রসাৰণ কৰিব ডেলিভাৰী নেটৱর্ক

আমাজনে অসমত সম্প্রসাৰণ কৰিব ডেলিভাৰী নেটৱর্ক

গুৱাহাটী : আমাজন ডট ইনে আজি অসমত ইয়াৰ ডেলিভাৰী নেটৱর্ক প্রসাৰৰ ঘোষণা কৰে৷ যোৱা বছৰ ইয়াৰ ডেলিভাৰী নেটৱর্কৰ প্রসাৰ আছিল দুগুণ৷ বর্তমানৰ প্রসাৰৰ লগে লগে আমাজনৰ ডেলিভাৰী ষ্টেছন আৰু ছার্ভিছ পার্টনাৰ ন’ডৰ সংখ্যা ৩০টালৈ বৃদ্ধি পালে৷ ‘আই হেভ স্পেচ’ আঁচনিৰ অধীনত ই ১৩০খন খুচুৰা দোকানৰ সৈতে অংশীদাৰিত্ব কৰিছে৷
ডেলিভাৰী নেটৱর্কৰ দুগুণ বৃদ্ধিৰ ফলত আমাজনে অসমৰ সৰু সৰু চহৰসমূহত অধিক সেৱা প্রদান কৰাৰ লগতে পোনপটীয়াকৈ ২০০টা পিন ক’ড অঞ্চলত সেৱা আগবঢ়াব পাৰিব৷ অভয়াপুৰী, লেখাপানী, আগিয়া, কয়াকুছি, হাইলাকান্দি আদি বিভিন্ন অঞ্চললৈ ইয়াৰ সেৱাৰ সম্প্রসাৰণ ঘটিব৷ ডেলিভাৰী নেটৱর্কৰ সম্প্রসাৰণ সম্পর্কত মন্তব্য কৰি আমাজন ইণ্ডিয়াৰ লাষ্ট মাইল অপাৰেশ্যনছৰ সঞ্চালক প্রকাশ ৰচলানীয়ে কয় যে তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকৰ গ্রাহকসকল য’তেই নাথাকক কিয়, তেওঁলোকে বিশ্বাসযোগ্য আৰু দ্রুত ডেলিভাৰীত গুৰুত্ব দিয়ে৷
ই-কমার্চক দৈনন্দিন জীৱনৰ এটা অংশত পৰিণত কৰাৰ তেওঁলোকৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি অসমত তেওঁলোকে ডেলিভাৰী নেটৱর্ক সম্প্রসাৰিত কৰিছে৷ ইয়ে তেওঁলোকৰ গ্রাহকসকলক অধিক উন্নত সেৱা আগবঢো়ৱাত সহায় কৰিব, বিশেষকৈ উৎসৱৰ বতৰত৷ ৰাছলানীয়ে লগতে কয়, তেওঁলোকৰ ডেলিভাৰী নেটৱর্কৰ এই বৃদ্ধিয়ে স্থানীয় উদ্যমীসকলৰ বাবেও বহু সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰি দিব৷
তেওঁলোকে আমাজনৰ ছার্ভিছ পার্টনাৰ আৰু ‘আই হেভ স্পেচ’ আঁচনিৰ লাভ ল’ব পাৰিব৷ তদুপৰি তেওঁলোকৰ ১৩০তকৈও অধিক ‘আই হেভ স্পেচ’ পার্টনাৰ ষ্ট’ৰ আছে যি লাষ্ট মাইল ডেলিভাৰী ব্যৱস্থাটো অধিক শক্তিশালী কৰে৷ ই তেওঁলোকক ৰঙাপৰা, আহুচাউল গাঁও, বইচাগাঁও, তেলীয়াগাঁও আৰু কাছাৰৰ সোণবাৰী ঘাটৰ দৰে অঞ্চললৈকো তেওঁলোকৰ সেৱা বহলোৱাত সহায় কৰিব৷
আমাজনৰ ছার্ভিছ পার্টনাৰ আঁচনিৰ জৰিয়তে প্রতিষ্ঠানটোৱে ভাৰতৰ তৃতীয় আৰু চতুর্থ পর্যায়ৰ চহৰসমূহতো সেৱা আগবঢ়াবলৈ সক্ষম হয়৷ তেওঁলোকৰ ছার্ভিছ পার্টনাৰ আঁচনিৰ অধীনত প্রায় ৫০০খন মহানগৰীত ৭০০ এনে কেন্দ্র আছে৷ ‘আই হেভ স্পেচ’ আঁচনিৰ অধীনত আমাজন ইণ্ডিয়াই বিভিন্ন চহৰৰ দোকানসমূহৰ সৈতে অংশীদাৰিত্ব কৰে যাতে এই দোকানসমূহৰ ২-৪ কিল’মিটাৰ ব্যাসার্ধৰ ভিতৰৰ গ্রাহকসকলক সেৱা আগবঢ়াব পৰা যায়৷ ইয়াৰ ফলত এই দোকানসমূহৰো বিক্রী বাঢ়িছে৷ ৩৫০খনতকৈও অধিক চহৰৰ ২০,০০০তকৈও অধিক এনে দোকানৰ সৈতে আমাজনে অংশীদাৰিত্ব কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি