Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:25 am

Home » আঞ্চলিক » অসমক ৰামঠগন এফ চি আইৰ : অসাৰ প্ৰতিপন্ন প্ৰধানমন্ত্ৰীৰ ঘোষণা

অসমক ৰামঠগন এফ চি আইৰ : অসাৰ প্ৰতিপন্ন প্ৰধানমন্ত্ৰীৰ ঘোষণা

নতুন দিল্লী : ভাৰত চৰকাৰৰ প্রতিষ্ঠান এফ চি আয়ে এইবাৰো অসমক ৰামঠগন দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ-পূবক অষ্টলক্ষ্মী আখ্যা দি অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনক সর্বাধিক গুৰুত্ব দি অহাৰ কথা বিগত নির্বাচনসমূহৰ প্রাকক্ষণত ঘোষণা কৰি আহিছে যদিও প্রধানমন্ত্রীৰ সেই ঘোষণা সম্পূর্ণ মূল্যহীন আছিল বুলি উদঙাই দিলে এফ চি আইৰ কর্ম-কাণ্ডই৷
উল্লেখযোগ্য যে উৎপাদন অনুপাতে এফ চি আয়ে ধান আৰু ঘেঁহু বিভিন্ন ৰাজ্যৰ পৰা ক্রয় কৰে৷ অসমত উৎপাদন অনুযায়ী পূর্বতে কেতিয়াও এফ চি আয়ে পর্যাপ্ত পৰিমাণৰ ধান ক্রয় কৰা নাছিল৷ কেন্দ্র আৰু ৰাজ্য উভয়তেই কংগ্রেছ শাসনত থকাৰ সময়ত এফ চি আয়ে অসমত পর্যাপ্ত পৰিমাণৰ ধান ক্রয় কৰিবলৈ ইচছুক নোহোৱাত ৰাজ্য চৰকাৰে নিজববীয়া উদ্যোগেৰে ধান ক্রয় কৰিছিল৷ কিন্তু কেন্দ্র-ৰাজ্য উভয়তে এতিয়া বিজেপি চৰকাৰ৷
কেন্দ্রত বিজেপিয়ে ইতিমধ্যে পাঁচটা বছৰ অতিক্রম কৰিলে৷ কিন্তু আশ্চর্যকৰ কথাটো এয়ে যে উত্তৰ-পূবক অষ্টলক্ষ্মী আখ্যা দিয়া প্রধানমন্ত্রী মোদীয়ে এফ চি আইক অসমত পর্যাপ্ত পৰিমাণৰ ধান ক্রয় কৰিবলৈ বাধ্য কৰাব নোৱাৰিলে৷ বৰঞ্চ দেশৰ ধান উৎপাদনকাৰী প্রায়বোৰ ৰাজ্যৰ তুলনাত অসমত অতি নিম্ন পৰিমাণৰ ধানহে এইবাৰো এছ চি আয়ে ক্রয় কৰে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি ইতিমধ্যে ধান ক্রয় সম্পূর্ণ হোৱা ২০১৮-১৯ বর্ষটোত অসমৰ পৰা এফ চি আয়ে ক্রয় কৰে মাত্র ১.০২ লাখ মেট্রিকটন ধান৷ বিপৰীতে পঞ্জাবৰ পৰা ক্রয় কৰে ১১৩.৩৪ লাখ মেট্রিকটন৷ সেইদৰে তেলেংগানাৰ দৰে ৰাজ্যৰ পৰাও এফ চি আয়ে ক্রয় কৰে ৫১.৮৬ লাখ মেট্রিকটন ধান৷
ধান উৎপাদকাৰী অন্য ৰাজ্যসমূহৰ ভিতৰত অন্ধ্রপ্রদেশৰ পৰা ৪৮.১০ লাখ মেট্রিকটন, উৰিষ্যাৰ পৰা ৪৩.৮৩ লাখ মেট্রিকটন, হাৰিয়ানাৰ পৰা ৩৯.৪১ লাখ মেট্রিকটন, ছট্টিশগড়ৰ পৰা ৩৯.৭১ লাখ মেট্রিকটন, উত্তৰ প্রদেশৰ পৰা ৩২.৩৩ লাখ মেট্রিকটন ধান ক্রয় কৰিছে৷ সেইদৰে তামিলনাডুৰ পৰা ১২.৬২ লাখ মেট্রিকটন, পশ্চিমবংগৰ পৰা ১৭.২১ লাখ মেট্রিকটন, মধ্য প্রদেশৰ পৰা ১৩.৯৫ লাখ মেট্রিকটন, বিহাৰৰ পৰা ৯.৪৪ লাখ মেট্রিকটন ধান ক্রয় কৰিছে৷ আনহাতে কম পৰিমাণৰ ধান উৎপাদন কৰা ৰাজ্যসমূহৰ ক্ষেত্রতো এফ চি আয়ে অসমৰ তুলনাত অধিক পৰিমাণৰ ধান ক্রয় কৰিছে৷
কেৰালাৰ পৰা ক্রয় কৰিছে ৪.৬৫ লাখ মেট্রিকটন৷ মহাৰাষ্ট্রৰ পৰা ৫.৮০ লাখ মেট্রিকটন, উত্তৰাখণ্ডৰ পৰা ৪.৬২ লাখ মেট্রিকটন ধান ক্রয় কৰিছে৷ অথচ পর্যাপ্ত পৰিমাণৰ ধান উৎপাদন কৰা উত্তৰ-পূবৰ প্রধান ৰাজ্য অসমৰ পৰা এফ চি আয়ে ক্রয় কৰিলে মাত্র ১.০২ লাখ মেট্রিকটন ধানহে৷ উল্লেখযোগ্য যে এফ চি আয়ে দুটা প্রক্রিয়াৰে ধান ক্রয় কৰে৷ কেন্দ্রীকৰণ আৰু বিকেন্দ্রীকৰণ প্রক্রিয়াৰে ৰাজ্যসমূহৰ পৰা ধান আৰু ঘেঁহু ক্রয় কৰে৷
বিকেন্দ্রীকৰণ প্রক্রিয়াৰ ক্ষেত্রত ৰাজ্য চৰকাৰ বা ৰাজ্য চৰকাৰৰ এজেন্সিয়ে কৃষকৰ পৰা নিজা উদ্যোগেৰে ক্রয় কৰা ধান এফ চি আয়ে ক্রয় কৰি নিয়ে আৰু এই ক্ষেত্রত সংশ্লিষ্ট ৰাজ্যখনক সকলো ধৰণৰ পঁুজি যোগান ধৰে৷ অর্থাৎ কৃষকৰ পৰা ধান ক্রয় কৰোঁতে ৰাজ্য চৰকাৰৰ কিমান ব্যয় হ’ল, মজুত কৰি ৰাখোঁতে কিমান ব্যয় হ’ল সেই সমস্ত ব্যয় এই চি আয়ে আদায় দিয়ে৷ কিন্তু আশ্চর্যকৰ যে এই বিকেন্দ্রীকৰণ প্রক্রিয়াৰে অসমত ধান ক্রয় কৰিবলৈ আজিপর্যন্ত এফ চি আই আগ্রহী হোৱা নাই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি